
মঙলবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ (Assam Assembly) শীতকালীন অধিৱেশন। পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হোৱা এই অধিৱেশন পাঁচ দিনলৈ অনুষ্ঠিত হ’ব। এই শীতকালীন অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰাৰ লগতে নতুন বিধেয়কো উত্থাপন হ’ব

অধিৱেশনৰ সময়ছোৱাত মুঠ ২৭ খন বিধেয়ক দাখিল কৰা হ’ব। দাখিল হ’বলগা বিধেয়কৰ ভিতৰত আছে
– লাভ জেহাদ প্ৰতিৰোধ
– বহু বিবাহ নিষিদ্ধকৰণ
– অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন পৰিষদ বিধেয়ক
– মৰাণ মটক স্বায়ত্তশাসিত পৰিষদ (সংশোধনী) বিধেয়ক
-বিদ্যালয় প্রাদেশিকীকৰণ সংশোধনী বিধেয়ক
– প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় শিক্ষক নিযুক্তি আৰু বদলি নিয়ন্ত্রণ
– চাহ বাগিচাৰ লোকক ভূমিৰ অধিকাৰ প্ৰদান সম্পৰ্কীয় বিধেয়ক
ইয়াৰ উপৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে গঠন কৰা মন্ত্ৰী গোটৰ প্ৰতিবেদন আৰু কুখ্যাত নেলী হত্যাকাণ্ডৰ ওপৰত তিৱাৰী আয়োগ আৰু মেহতা আয়োগৰ প্ৰতিবেদন দাখিল কৰা হ’ব।













