ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

শ্ৰমিক বিৰোধী নতুন শ্ৰম কোড বাতিলৰ দাবীত AICCTU ৰ ৰাজ্য জোৰা প্ৰতিবাদ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 26, 2025
Reading Time: 1 min read
A A
0
শ্ৰমিক বিৰোধী নতুন শ্ৰম কোড বাতিলৰ দাবীত AICCTU ৰ ৰাজ্য জোৰা প্ৰতিবাদ

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

২১ নৱেম্বৰ,২০২৫ তাৰিখে মোদী চৰকাৰে দেশজুৰি লাখ লাখ শ্রমিকক প্ৰতিনিধিত্ব কৰা কেন্দ্রীয় ট্রেড ইউনিয়ন সমূহৰ দাবীক অগ্ৰাহ্য কৰি ৪ খন শ্ৰম সংহিতা – মজুৰী সংহিতা, উদ্যোগিক সম্পৰ্ক সংহিতা, বৃত্তিগত সুৰক্ষা আৰু স্বাস্থ্য সংহিতা আৰু সামাজিক সুৰক্ষা সংহিতা বলবৎ কৰিছে।

শ্ৰমিক বিৰোধী নতুন শ্ৰম কোড বাতিলৰ দাবীত AICCTU ৰ ৰাজ্য জোৰা প্ৰতিবাদ
শ্ৰমিক বিৰোধী নতুন শ্ৰম কোড বাতিলৰ দাবীত AICCTU ৰ ৰাজ্য জোৰা প্ৰতিবাদ:

এই ৪ খন সংহিতাৰ বিৰুদ্ধে কেন্দ্রীয় ট্ৰেড ইউনিয়ন সমূহে আহবান জনোৱা দেশজোৰা প্ৰতিবাদৰ অংশ হিচাপে AICCTU ৰ অসম ৰাজ্যিক সমিতিয়েও ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে। ইউনিয়নৰ অন্তৰ্গত নুনমাটিৰ ইউনাইটেড ৱৰ্কমেন ইউনিয়নে নুনমাটি শোধনাগাৰৰ গেটৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

ইউনিয়নৰ ৰাজ্যিক সভাপতি বীৰেন কলিতাই নেতৃত্ব প্ৰদান কৰা প্ৰতিবাদ কাৰ্যসূচীত UWU ৰ সম্পাদক গীৰিশ কলিতাকে ধৰি বহু নেতা কৰ্মী উপস্থিত থাকে। আনহাতে ইউনিয়নৰ অন্তৰ্গত অসম সংগ্ৰামী চাহ শ্রমিক সংঘ(ASCSS) ৰ উদ্যোগত শতাধিক বাগিচাত প্ৰতিবাদ সাব্যস্ত কৰা হয়।

তিনিচুকীয়াত সংঘৰ কেন্দ্রীয় সদস্য পদ্মা তাঁতী, সনাতন সাবাচি, ডিব্ৰুগড়ত ঘনশ্যাম মুণ্ডা, বিনোদ মুড়া, মীৰা তাঁতী,
যোৰহাটত সংঘৰ কেন্দ্রীয় সম্পাদক জীতেন তাঁতী,ৰোহন কুৰ্মী, বিশ্বনাথত কেন্দ্রীয় সদস্য নৰোত্তম চুণ্ডী, কৃষ্ণ পাইক আদিৰ নেতৃত্বত বাগিচাৰ শ্রমিক সকলে কোডৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ উপৰি ইউনিয়নৰ অন্তৰ্গত আশা সন্থা, নিৰ্মাণ শ্রমিক ইউনিয়ন, কনট্ৰাক্টাৰ ৱাৰ্কাচ ইউনিয়নৰ সদস্য সকলে অসমৰ বিভিন্ন জিলা সদৰত অনুষ্ঠিত প্ৰতিবাদ কাৰ্যসূচীত সক্রিয় অংশগ্রহণ কৰে বুলি এক বিবৃতি যোগে জানিবলৈ দিছে।

ইউনিয়নৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি বীৰেন কলিতা আৰু সম্পাদক বলিন্দ্ৰ শইকীয়া স্বাক্ষৰিত বিবৃতিটোত কয় যে, দেশৰ শ্রমিক সকলে বহু ৰক্তক্ষয়ি সংগ্রামৰ মাজেদি অৰ্জন কৰা আইনী অধিকাৰ সমূহ এই সংহিতাই কাঢ়ি নিব।

আন্তৰ্জাতিক শ্ৰম সংস্থা (আই এল অ’)ৰ মানদণ্ডৰ কাষেই চাপিব নোৱাৰা এই সংহিতাৰ সমৰ্থনত কেন্দ্রীয় চৰকাৰৰ মন্ত্রীৰ লগতে একাংশ সংবাদ মাধ্যমো নামি পৰিছে। যিটো বিতৰ্কিত কৃষি আইনৰ ক্ষেত্রত দেখিবলৈ পোৱা গৈছিল। ইউনিয়নে কয় যে, নতুন শ্ৰম ক’ডৰ জৰিয়তে শ্ৰমিকৰ স্বাৰ্থ বিপদাপন্ন হব ।

নতুন নিয়ম অনুসৰি যদি কোনো সংস্থাৰ কৰ্মচাৰী ৩০০ তকৈ কম থাকে তেন্তে চৰকাৰক অৱগত নকৰাকৈয়ে ব্যৱসায়ৰ অনুজ্ঞাপত্ৰ উলিয়াব পাৰে। অৰ্থাৎ এই ক্ষেত্ৰত যদি কোনো সংস্থা বা কাৰখানা সাময়িকভাৱে বা সম্পূৰ্ণৰূপে বন্ধ কৰাৰ প্ৰয়োজন হয়, তেন্তে মালিকে আৰু চৰকাৰী নিয়ম মানি চলিব নালাগিব।
ইয়াৰ সমান্তৰালভাৱে শ্ৰমিকসকলৰ চাকৰিৰ নিৰাপত্তাৰ ক্ষেত্ৰতো বহুতে প্ৰশ্ন উত্থাপিত হৈছে।

পুৰণি নিয়ম অনুসৰি কোনো সংস্থাত নূন্যতম ১০০ জন কৰ্মচাৰী থাকিলে ‘ষ্টেণ্ডিং অৰ্ডাৰ’ কাৰ্যকৰী হ’ব। এইবাৰ নতুন নিয়মত নূন্যতম কৰ্মচাৰীৰ সংখ্যা ৩০০ লৈ বৃদ্ধি কৰা হৈছে। ‘ষ্টেণ্ডিং অৰ্ডাৰ’ৰ অৰ্থ হ’ল কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত বা নিলম্বন কৰাৰ সময়ত জাননী দিয়া।

এনে বহু শ্রমিক বিৰোধী নিয়ম সন্নিবিষ্ট কৰি প্ৰস্তুত কৰা নতুন শ্ৰম সংহিতাই শ্রমিক সকলক আধুনিক যুগৰ দাসলৈ পৰিণত কৰিব। শ্ৰম সংহিতা ৰূপায়ণ হ’লে শ্ৰমিক সকল আইনী সুৰক্ষাহীন হৈ পৰিব আৰু কৰ্মস্থানত কৰ্তৃপক্ষ বা নিয়োগকৰ্তাৰ মুখৰ কথাই আইন হৈ পৰিব। এয়া আচলতে গণতন্ত্ৰৰ ওপৰত ফেচিবাদী আক্ৰমণৰে অংশ।

বিবৃতিত ইউনিয়নে এই সংহিতা বাতিল নকৰা পৰ্যন্ত ধাৰাবাহিক প্ৰতিবাদ চলি থাকিব বুলি উল্লেখ কৰাৰ লগতে ইয়াৰ বিৰুদ্ধে দল মত নিৰ্বিশেষে সকলো লোককে প্ৰতিবাদত চামিল হবলৈ আহবান জনায়।

Tags: বাতিলৰ দাবীত AICCTU ৰ ৰাজ্য জোৰা প্ৰতিবাদশ্ৰমিক বিৰোধী নতুন শ্ৰম কোড
Share4Tweet3Send

Related Posts

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা
Guwahati

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

by News Desk
May 13, 2026
50
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ
Guwahati

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

by News Desk
May 8, 2026
50
ADVERTISEMENT
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx