ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

পুৰণি পেনচন ব্যৱস্থা বাহালৰ দাবীত এদিনীয়া কৰ্মবিৰতি পালন

গুৱাহাটী

Staff Reporter by Staff Reporter
November 27, 2025
Reading Time: 1 min read
A A
0
New rules for govt employees : ১ মিনিট পলম হ’লেও সন্মুখীন হ’ব ‘শাস্তি’ৰ, চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন নিয়ম কেন্দ্ৰৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থা আৰু পুৰণি পেনচন ব্যৱস্থা বাহালৰ দাবীত সংঘবদ্ধ ৰাজ্যৰ শিক্ষক-কৰ্মচাৰী-শ্ৰমিক সন্থা/ সংঘৰ ‘যৌথ মঞ্চ’ আহ্বানত আজি সমগ্ৰ অসমত এন পি এছ আৰু ইউ পি এছ প্ৰৱৰ্ত্তনৰ বিৰোধীতাৰে এদিনীয়া কৰ্মবিৰতি পালন কৰি পুৰণি পেনচন ব্যৱস্থা পুনৰ বাহালৰ দাবী জনোৱা হয়। সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ সভাপতি/ সাধাৰণ সম্পাদক তথা যৌথ মঞ্চৰ সমন্বয়ক অচ্যুতানন্দ হাজৰিকা আৰু অপূৰ্ব শৰ্মাই এই প্ৰেছ বিজ্ঞপ্তিৰে প্ৰকাশ কৰে।

Pension Scheme
পুৰণি পেনচন ব্যৱস্থা বাহালৰ দাবীত এদিনীয়া কৰ্মবিৰতি পালন:

বিগত দীঘলীয়া সময়ত অসমৰ কৰ্মচাৰী সমাজে দেশৰ আন পাছ ৰাজ্যৰ দৰে ৰাজ্যত ও পি এছ প্ৰৱৰ্তনৰ প্ৰবল দাবী জনাই অহাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ দৰে অসম চৰকাৰেও Unified Pension Scheme বা ইউ পি এছহে প্ৰৱৰ্তন কৰিলে। যিহেতু এন পি এছ (NPS) আৰু ইউ পি এছ (UPS) দুয়োটাই স্ব-অৰিহনামূলক পুঁজি, বজাৰ-নিৰ্ভৰশীল, অনিশ্চিত, অদূৰদৰ্শী সেয়েহে ই কৰ্মচাৰী সমাজৰ বাবে শংকাৰ কাৰক।

প্ৰশাসন নামৰ এই বৃহৎ পৰিয়ালৰ মুখ্য কৰ্মবল কৰ্মচাৰী সকলক এই দুয়োটা ব্যৱস্থাই অৱসৰী সময়ত অসুৰক্ষিত, নিৰাপত্তাহীনতা অৰু অনিশ্চয়তালৈ থেলি দিব। যৌৱন, সময়, শক্তি, শ্ৰম, নিষ্ঠা আৰু দক্ষতাৰে নিজকে ৰাজ্যৰ হকে উৎসৰ্গা কৰা কৰ্মচাৰী সমাজৰ বাবে ই মুঠেই গ্ৰহণযোগ্য নহয়।

দেশৰ অন্য পাঁচ ৰাজ্যৰ দৰে অসমতো পুৰণি পেনচন ব্যৱস্থা (OPS) সকলো স্তৰৰ কৰ্মচাৰীৰ বাবে প্ৰযোজ্য কৰি কৰ্মচাৰী সমাজৰ জীৱন সুৰক্ষিত কৰাৰ দৃষ্টান্ত স্থাপন কৰাৰ দাবীত যোৱা এমাহ ধৰি মাননীয় মুখ্যমন্ত্ৰীলৈ দাবী পত্ৰ প্ৰদান চলি থকাৰ পিছত আজি কৰ্মচাৰী সকলে কৰ্মবিৰতি পালনেৰে পুনৰ দাবী সাব্যস্ত কৰে । আমি আশা ৰাখিছো আজিৰ অসমৰ আহ্বানৰ প্ৰতি অসম চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অতিশীঘ্ৰে ৰাজ্যত ও পি এছ পুন:প্ৰতিষ্ঠাৰ সিদ্ধান্ত গ্ৰহণ কৰিব। ভিন্ন পৰ্যায়ত শিক্ষক-কৰ্মচাৰী সংঘ, জ্যেষ্ঠ সংবাদ সেৱী, জ্যেষ্ঠ নাগৰিক আৰু সুধী মহলৰ সৈতে পৰামৰ্শ গ্ৰহণ কৰিছো।

ডিচেম্বৰ মাহৰ ১লা তাৰিখৰ পৰা স্থানীয়, আঞ্চলিক আৰু জিলা পৰ্যায়ৰ ৰাজনৈতিক নেতৃত্ব সকলক আমাৰ এই সংগ্ৰামৰ সংগী হবলৈ আহ্বান জনাম। যদিহে তেওলোকে এই ন্যায়প্ৰাপ্তিৰ সংগ্ৰামত আমাক সমৰ্থন নকৰে অনাগত সময়ত কৰ্মচাৰী সমাজে সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত তেওলোকক বিৰোধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিব।

সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা, সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থা, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী, সদৌ অসম সন্মিলিত শিক্ষক মঞ্চ, অসম জুনিয়ৰ কলেজ শিক্ষক-কৰ্মচাৰী সন্থা, অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সংস্থা, সদৌ অসম টেট উৰ্ত্তীৰ্ণ শিক্ষক সমাজ, কটন বিশ্ববিদ্যালয় কৰ্মচাৰী সন্থা, সদৌ অসম ভূমিলেখ্য কৰ্মচাৰী সন্মিলনী, সদৌ অসম DIET বিষয়া সন্থা, সদৌ অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সংস্থা, জইণ্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়নচ অসমৰ সকলো সহযোগী সংস্থা/ সংঘ, সদৌ অসম বিশ্ববিদ্যালয় কৰ্মী মহাসংঘ, সদৌ অসম চতুৰ্থশ্ৰেণী চৰকাৰী কৰ্মচাৰী সন্মিলনী আদি সংস্থা/ সংঘই পূৰ্ণ সমৰ্থন দিয়াৰ লগতে সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থা, অসম সচিবালয় সেৱা সন্থা আদিয়ে নৈতিক সমৰ্থন প্ৰদান কৰিছে। সদৌ অসম কৰ্মচাৰী পৰিষদে যোৱা দিঘলীয়া সময়ৰ পৰা সংস্থাই আহ্বান জনোৱা এন পি এছ বিৰোধী সংগ্ৰামৰ ক্ষেত্ৰত নিৰৱতা অবলম্বন কৰি থকাৰ দৰে এইবেলিও এই কাৰ্যসূচীত সমৰ্থন নজনালে।

ইয়াৰ বাবে পৰিষদৰ নিৰ্দেশত উঠা বহা কৰা কৰ্মচাৰী সন্থা/ সংঘ একাংশই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা নাই যদিও ৰাজ্যৰ শিক্ষক-কৰ্মচাৰী সমাজৰ স্বতঃস্ফূৰ্ত সহযোগিতাৰে আগন্তুক সময়ত কৰ্মচাৰী সমাজৰ সুৰক্ষাৰ ক্ষেত্ৰত আপোচবিহীন ভাবে সংগ্ৰাম কৰি যাবলৈ আমি বদ্ধ পৰিকৰ বুলি কয় সভাপতি তথা সমন্বয়ক, যৌথ মঞ্চৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই৷

Tags: এদিনীয়া কৰ্মবিৰতি পালনপুৰণি পেনচন ব্যৱস্থা বাহালৰ দাবীত
Share4Tweet3Send

Related Posts

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
ADVERTISEMENT
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি
Dima Hasao

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
50
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ
National-International

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
50
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই
National-International

E20 Petrol I  ই-২০ পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ কোনো ক্ষতি নকৰে, সংসদত গাডকাৰী

July 30, 2026
50
Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ
National-International

PM Modi I মোদীৰ একাউণ্টৰ পৰা ফেচবুক পোষ্ট ডিলিটৰ পিছতে মেটাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কেন্দ্ৰৰ

July 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

E20 Petrol I  ই-২০ পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ কোনো ক্ষতি নকৰে, সংসদত গাডকাৰী

July 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx