প্ৰশান্ত বৰা,বকলীয়াঘাটঃ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত ডেনগাঁৱৰ চামডিং বে’ গাঁৱৰ সমীপত যোৱা নিশা সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ বিপৰীতে আন এজন গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ বিৱৰণী অনুসৰি যোৱানিশা প্ৰায় ৯ মান বজাত AS-09 F-0368 নম্বৰৰ মটৰ চাইকেল আৰোহী দুগৰাকীয়ে পথৰ ওপৰত ৰখাই থোৱা HR-37 D-6228 নম্বৰৰ ট্ৰাকখনত পিছফালৰ পৰা খুন্দা মৰাৰ ফলত মটৰচাইকেল খনৰ আৰোহী বিশাল বৰুৱা ঘটনাস্থলীতে নিহত হোৱাৰ বিপৰীতে আনজন আৰোহী চানি কুজুৰ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয়।












