ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ
আজি কিছুদিন পূৰ্বে ফুট-গধুলিতে গৃহস্থ নথকাৰ সুযোগ লৈ ঘৰৰ সমস্ত আ-অলংকাৰ চুৰ কৰি উধাও হোৱা ঘটনা নৌ মাৰ যাওঁতেই পুনৰ বাইক চোৰৰ ধাৰাবাহিক চুৰি কাৰ্যই ৰাইজক আতংকিত কৰি তুলিছে।
আৰক্ষীৰ নিশ্ছিদ্ৰ আবেষ্টনিৰ মাজৰ পৰাই চোৰৰ দলে চলাই গৈছে চুৰি কাৰ্য। কমাৰগাঁৱত হৈ যোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯সংখ্যক বোকাখাত অধিবেশনৰ পৰা কমেও পাঁচ খন বাইক চোৰে চুৰ কৰাৰ বাতৰি আহিছে। বোকাখাত নগৰতো চলি আছে এই উপদ্ৰৱ।
যোৱা ১২ ফেব্ৰুৱাৰীত বোকাখাত বাচ আস্থানৰ সমীপৰ পৰা সাপজুৰিৰ এজন যুৱকৰ এখন বাইক চোৰে নিছে। আজি ব্যৱসায়ী সুনীল পাচোৱানে ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আহি বাইক থৈ ঘৰৰ ভিতৰ সোমোৱাৰ পাছতে তেওঁৰ পালচাৰ বাইক খন চোৰে লৈ যায়।
চোৰৰ উপদ্ৰৱত বোকাখাতৰ ৰাইজ এতিয়া পৰম সংকটত ভুগিব লগীয়া হৈছে।













