
এইবাৰ যৌতুকৰ বাবে নিৰ্যাতনৰ (Dowry Case) বলি হৈছে এগৰাকী মহিলা আৰক্ষী বিষয়া। ২৭ বছৰীয়া মহিলাগৰাকী উত্তৰ প্ৰদেশ আৰক্ষীৰ কনিষ্টবল। অভিযোগ অনুসৰি, যৌতুক বিচাৰি দিনৰ পিছত দিন স্বামী আৰু শহুৰৰ ঘৰৰ মানুহে অত্যাচাৰ কৰি আহিছে। আনকি অভিযোগ উত্থাপন হৈছে যে তেওঁৰ ভাইশহুৰেকে বাৰে বাৰে শ্লীলতা হানি কৰিছে।

দুবছৰ পূৰ্বে অৰ্থাৎ ২০২৩ চনৰ জানুৱাৰী মাহত মীৰাটত বিবাহপাশত আবদ্ধ হৈছিল যুৱতীগৰাকী । তেওঁৰ স্বামীও উত্তৰ প্ৰদেশ আৰক্ষীৰ কনিষ্টবল। মহিলা কনিষ্টবলগৰাকীয়ে দাবী কৰিছে যে বিয়াৰ সময়ত তেওঁৰ পিতৃয়ে এখন গাড়ী, গহনা আদি উপহাৰৰ বাবে ৫০ লাখ টকা খৰচ কৰিছিল।
কিন্তু এতিয়া তেওঁৰ শহুৰেকে এখন এছ ইউ ভিৰ দাবী কৰিছে। অভিযোগ অনুসৰি, তাৰ বাবে তেওঁক অত্যাচাৰ কৰা হৈছে।
মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে তেওঁৰ স্বামী, শহুৰেক, শাহুৱেক, দুজন ভায়েক আৰু তেওঁলোকৰ পত্নীৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰিছে।
অভিযোগনামাত মহিলা কনিষ্টবলগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে শেহতীয়াকৈ এজন ভায়েকে তেওঁক কেইবাবাৰো নিৰ্যাতন চলাইছে। লগতে ৫ অক্টোবৰত মীৰাটৰ ঘৰত বন্দুক দেখুৱাই ধৰ্ষণ কৰাৰো অভিযোগ উত্থাপন কৰে। সেই অভিযোগৰ তদন্তও আৰম্ভ কৰিছে আৰক্ষীয়ে।
স্থানীয় আৰক্ষী থানাই জনোৱা মতে, মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত ঘৰুৱা হিংসা, আক্ৰমণ আৰু যৌতুক প্ৰতিৰোধ আইনৰ উপযুক্ত ধাৰাত শহুৰেকৰ পৰিয়ালৰ ৭ জন সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। বাকী থকা অভিযোগসমূহৰ তদন্ত কৰি পিছত আৰু ধাৰা সংযোজন হ’ব পাৰে বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।
স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ সময়ত মহিলা কনিষ্টবলগৰাকীয়ে নিৰ্যাতনৰ সবিশেষ তথ্যও দিয়ে। শহুৰেকৰ ঘৰত জোৰকৈ চেনিটাইজাৰ খুৱাই দিয়াৰ অভিযোগ উত্থাপন কৰে তেওঁ।
ঘটনাৰ পিছতে পিতৃ ঘৰৰ সদস্যসকলে তেওঁক মীৰাটৰ এখন চিকিৎসালয়ত ভৰ্তি কৰায়। স্বামী আৰু শহুৰেকে পুত্ৰ বিচৰা বুলি দাবী কৰিছে তেওঁ। তাৰ বাবেই তেওঁ বিভিন্ন ‘ঔষধ’ খাবলৈ বাধ্য হয়। লগতে ৰাজী নোহোৱাত গৰ্ভৱতী অৱস্থাত তেওঁক মাৰপিট কৰা বুলিও অভিযোগ উত্থাপন হৈছে।










