![]()
ব্যাপক প্ৰতিবাদত অস্থিৰ হৈ আছে ইৰাণ (Iran)। এই পৰিস্থিতিত আমেৰিকাই ইতিমধ্যে নিজৰ নাগৰিকসকলক তেহৰাণ এৰি যাবলৈ পৰামৰ্শ দিছে। বৰ্তমান ভাৰতেও একে ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ভাৰতীয় দূতাবাসে এক বিবৃতি প্ৰকাশ কৰি এফালে ভাৰতীয় নাগৰিকক ইৰাণ এৰি আহিবলৈ পৰামৰ্শ দিয়া হৈছে, আনফালে তেওঁলোকক পুনৰ যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
তেহৰাণত থকা ভাৰতীয় দূতাবাসে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে, “২০২৫ চনৰ ৫ জানুৱাৰীত ভাৰত চৰকাৰে জাৰি কৰা পৰামৰ্শৰ ধাৰাবাহিকতাৰে আৰু ইৰাণৰ পৰিৱৰ্তনশীল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান ইৰাণত থকা ভাৰতীয় নাগৰিকসকলক (ছাত্ৰ, তীৰ্থযাত্ৰী, ব্যৱসায়ী আৰু পৰ্যটক) উপলব্ধ পৰিবহণ মাধ্যমেৰে ইৰাণ এৰি আহিবলৈ পৰামৰ্শ দিয়া হৈছে।”
সকলো ভাৰতীয় নাগৰিক আৰু পি আই অ’ এছে যথাযথ সাৱধানতা অৱলম্বন কৰিব লাগে, বিক্ষোভ বা প্ৰতিবাদৰ স্থান পৰিহাৰ কৰিব লাগে, ইৰাণত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ বজাই ৰাখিব লাগে আৰু যিকোনো পৰিস্থিতিৰ বাবে স্থানীয় সংবাদ মাধ্যমৰ ওপৰত নজৰ ৰাখিব লাগে বুলিও কোৱা হৈছে।

আনহাতে, ইৰাণত থকা সকলো ভাৰতীয় নাগৰিককে পাছপ’ৰ্ট আৰু পৰিচয়-পত্ৰকে ধৰি সকলো ভ্ৰমণ আৰু অনুপ্ৰৱেশৰ নথি-পত্ৰ নিজৰ লগত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নাগৰিকসকলক এই সন্দৰ্ভত যিকোনো সহায়ৰ বাবে ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিছে। ভাৰতীয় দূতাবাসৰ জৰুৰীকালীন যোগাযোগৰ হেল্পলাইন নম্বৰো প্ৰদান কৰা হৈছে। সেইবোৰ হ’ল- ৯৮৯১২৮১০৯১১৫; +৯৮৯১২৮১০৯১০৯; +৯৮৯১২৮১০৯১০২; +৯৮৯৯৩২১৭৯৩৫৯, ইমেইল: cons.tehran@mea.gov.in
ইৰাণত থকা ভাৰতীয় দূতাবাসত পঞ্জীয়ন নকৰা সকলো ভাৰতীয় নাগৰিককে এই লিংকত https://www.meaers.com/request/home গৈ পঞ্জীয়ন কৰিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনাইছে। ইৰাণত ইণ্টাৰনেট সেৱাত ব্যাঘাত জন্মিলে যদি কোনো ভাৰতীয় নাগৰিকে পঞ্জীয়ন কৰিব নোৱাৰে, তেনেহ’লে ভাৰতত থকা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনোৱা হৈছে বুলিও জনোৱা হৈছে।
আন এক বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে এই পৰিস্থিতিত কোনো ভাৰতীয় নাগৰিকে এই সময়ত পুনৰ ইৰাণলৈ যাত্ৰা কৰিব নালাগে। ইয়াৰ পূৰ্বে সোমবাৰে আমেৰিকাই এক পৰামৰ্শ জাৰি কৰিছিল। তাত দেশখনৰ নাগৰিকসকলক ‘এতিয়াই ইৰাণ এৰক’ বুলি বাৰ্তা দিয়া হৈছিল। এই বাৰ্তা সোমবাৰে তেহৰাণত থকা আমেৰিকাৰ দূতাবাসে প্ৰদান কৰে। সতৰ্কবাণী আৰু নিৰ্দেশনাত কোৱা হৈছে যে প্ৰয়োজন হ’লে আমেৰিকাৰ নাগৰিকে দুখন দেশৰ মাজেৰে স্থলপথেৰে আমেৰিকাৰ পৰা ইৰাণলৈ উভতি যাব পাৰে।
সতৰ্কবাণীত কোৱা হৈছে যে প্ৰতিবাদে যিকোনো সময়তে যিকোনো ৰূপ ল’ব পাৰে। ফলত গ্ৰেপ্তাৰ আৰু আঘাতৰ সৃষ্টি হ’ব পাৰে। দিনক দিনে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। পথ বন্ধ, ৰাজহুৱা পৰিবহণ ব্যৱস্থা ব্যাহত। মোবাইল, লেণ্ডলাইন, ইণ্টাৰনেট সেৱাও বহু ঠাইত নিষেধ কৰা হৈছে। ইৰাণৰ পৰা বিমান যাত্ৰা হয় পলম হৈছে, নহ’লে বাতিল কৰা হৈছে। আমেৰিকাই আৰ্মেনিয়া আৰু তুৰস্ক হৈ ইৰাণৰ পৰা ওলাই যাব পাৰে বুলিও ঘোষণা কৰিছে।











