![]()
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi)য়ে শনিবাৰে ভাৰতৰ প্ৰথমখন (India’s first) বন্দে ভাৰত শ্লীপাৰ ৰে’ল উদ্বোধন (Inauguration of Vande Bharat sleeper train) কৰে।
এই অত্যাধুনিক শ্লীপাৰ ৰে’লখনে হাওৰাক অসমৰ গুৱাহাটী মহানগৰীৰ কামাখ্যা জংচনলৈ সংযোগ কৰিব। নিশাৰ এই সেৱাই পশ্চিমবংগ আৰু অসমৰ মাজত ৰে’ল সংযোগ আৰু অধিক শক্তিশালী কৰিব।
উল্লেখযোগ্য যে বৰ্তমান দুয়োখন ৰাজ্যই নিৰ্বাচনৰ সন্মুখীন হৈছে। প্ৰধানমন্ত্ৰীয়ে আজি পশ্চিমবংগৰ মালদা টাউন ষ্টেচনৰ পৰা ভাৰতৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল উদ্বোধন কৰে। একে সময়তে তেওঁ কামাখ্যা-হাওৰা বন্দে ভাৰত শ্লীপাৰ ৰে’লৰ ওভতনি যাত্ৰাও তাৰ পৰাই ভাৰ্চুৱেলি আৰম্ভ কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে আধুনিক ভাৰতৰ ক্ৰমবৰ্ধমান পৰিবহণৰ প্ৰয়োজনীয়তাক মনত ৰাখি এই সম্পূৰ্ণ শীততাপ নিয়ন্ত্ৰিত বন্দে ভাৰত শ্লীপাৰ ৰে’ল নিৰ্মাণ কৰা হৈছে।

যাত্ৰীসকলক কম খৰচত বিমানৰ দৰে আৰামদায়ক ভ্ৰমণ অভিজ্ঞতা প্ৰদানৰ বাবে এই সেৱা আৰম্ভ কৰা হৈছে। এই ৰে’লখনে দীৰ্ঘ দূৰত্বৰ যাত্ৰা দ্ৰুত, সুৰক্ষিত আৰু আৰামদায়ক কৰি তুলিব।
বিবৃতিটোত লগতে কোৱা হৈছে যে হাওৰা-কামাখ্যা পথত এই শ্লীপাৰ ৰে’ল প্ৰৱৰ্তনৰ ফলত যাত্ৰাৰ সময় প্ৰায় ডেৰ-দুই ঘণ্টা হ্ৰাস পাব। ইয়াৰ দ্বাৰা পৰ্যটন খণ্ডত ডাঙৰ উত্থান হ’ব বুলি আশা কৰা হৈছে।
ৰে’লখন মুকলি কৰাৰ পিছত ভাষণ দি মোদীয়ে কয়, “দেশত বন্দে ভাৰতৰ শ্লীপাৰ ৰে’ল মুকলি কৰা হৈছে। যাত্ৰাটো সহজ আৰু আনন্দদায়ক হৈ পৰিছে। মালদা ষ্টেচনত ৰে’লত বহি থকা কিছুমান যাত্ৰীৰ লগত কথা পাতিলোঁ।”
লগতে তেওঁ কয়, “দেশৰ আধুনিক ৰে’ল সেৱাৰ সুবিধা বংগৰ জনসাধাৰণে পাব৷ বংগৰ পৰা আৰু চাৰিখন অমৃত ভাৰতৰ ৰে’ল যাত্ৰা। এই ৰে’লখন সম্পূৰ্ণৰূপে মেড ইন ইণ্ডিয়া।”
প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “এই ৰে’লখনে মা কালী আৰু কামাখ্যাক সংযোগ কৰিছে। আগতে বিদেশী ৰে’ল দেখি মই ভাবিছিলোঁ যে এনে এখন ৰে’ল ভাৰতত নিৰ্মাণ হ’ব। এতিয়া ভাৰতত নিৰ্মাণ কৰা হৈছে। ভাৰতে এতিয়া ইমান ভাল কাম কৰা দেখি আমেৰিকাও আচৰিত হ’ব।”












