বনানী শৰ্মা
হোজাই জিলাৰ বিশেষভাৱে সক্ষম ছাত্রী জেবিন কৌচাৰ।জন্মৰে পৰা হাত দুখন বিকল ছাত্ৰীগৰাকীৰ।অৱশ্যে মনৰ পৰা বৰ শক্তিশালী জেবিন।আনে হাতেৰে কৰা কাম তেওঁ কৰে ভৰিৰে। ভৰিৰে লেখি তেওঁ ২০১৭ বৰ্ষত প্ৰথম বিভাগত উত্তীৰ্ণ হয় মেট্ৰিক পৰীক্ষাত।

ছাত্ৰীগৰাকীৰ সফলতা খবৰ বিয়পি পৰাৰ পাছতে অভিনেতা অক্ষয় কুমাৰে জেবিন জীৱনৰ ওপৰত চুটি ছবি নিৰ্মাণৰ প্ৰস্তাৱ কৰে৷ সেই অনুসৰি ছাত্ৰীগৰাকীক মুম্বাই লৈ নিমন্ত্ৰণ কৰে। নিমন্ত্ৰণক্ৰমে জেবিন আৰু তেওঁৰ পৰিয়ালৰ লোক গৈ উপস্থিত হয় গৈ মায়া নগৰী মুম্বাইত। ইয়াৰ পাছতে শ্বুটিং কৰে চুটি ছবিখনৰ।

ছবিখনৰ প্ৰম’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। এতিয়া অপেক্ষা মাত্ৰ সম্পূৰ্ণ ছবিখন লৈ। এই প্ৰতিনিধিৰ সৈতে হোৱা সাক্ষাৎকাৰত জেবিনে কয় সফল অভিনেতা অক্ষয় কুমাৰৰ সান্নিধ্যই জীৱনৰ বাটত আগবাঢ়ি যোৱাত বহু পৰিমাণে সহায় কৰিব৷












