
ইৰাণৰ মিনাব চহৰ (Minab city of Iran)ৰ এখন ছোৱালী বিদ্যালয়ত শনিবাৰে বোমা নিক্ষেপ (Bombing in School) কৰা হয়। তেহৰানে দাবী কৰিছে যে এই বিস্ফোৰণত ১৫০ জন লোকৰ মৃত্যু (150 people died) হৈছে, ইয়াৰে অধিকাংশই শিশু। শনিবাৰে আমেৰিকা (US) আৰু ইজৰাইলৰ (Israel) যুটীয়া বাহিনীয়ে ইৰাণক আক্ৰমণ কৰে। বিদ্যালয়খনত কোনে বোমা বিস্ফোৰণ কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ৰয়টাৰ সংবাদ সংস্থাই আমেৰিকা চৰকাৰৰ সূত্ৰৰ উদ্ধৃতি দি কয় যে আমেৰিকাৰ তদন্তত আমেৰিকাৰেই নামটো আহিছে। অৰ্থাৎ আমেৰিকাই ইৰাণৰ স্কুলখনৰ ওপৰত বোমা নিক্ষেপ কৰে। এই সন্দৰ্ভত এতিয়ালৈকে হোৱাইট হাউছে কোনো মন্তব্য কৰা নাই।
অৱশ্যে এই সন্দৰ্ভত আমেৰিকাই সুকীয়া তদন্ত আৰম্ভ কৰিছে। সূত্ৰটোৰ মতে, ইৰাণৰ ছোৱালীৰ বিদ্যালয়খনত আক্ৰমণৰ তদন্ত চলাই আছে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে (বৰ্তমান যুদ্ধ বিভাগ)। বুধবাৰে এই খবৰ নিশ্চিত কৰে প্ৰতিৰক্ষা সচিব পিট হেগছেথে। হোৱাইট হাউছেও কোনো মন্তব্য দিব বিচৰা নাছিল। কাৰণ বিষয়টোৰ তদন্ত চলি আছে। নাম প্ৰকাশ নকৰাৰ চৰ্তত এজন বিষয়াই ৰয়টাৰ্ছক জনোৱা মতে, প্ৰাৰম্ভিক তদন্তৰ পিছত এনে লাগে যেন আমেৰিকাৰ বোমাই বিদ্যালয়খনত আঘাত কৰে। অৱশ্যে এতিয়াও সম্পূৰ্ণ হোৱা নাই তদন্ত। আমেৰিকাৰ আক্ৰমণৰ সমৰ্থনত কি প্ৰমাণ পোৱা গৈছে, কিহৰ বাবে তদন্তকাৰীয়ে এই ইংগিত পাইছে, বিদ্যালয়খনৰ বিৰুদ্ধে কেনেধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। তদন্ত সম্পূৰ্ণ হ’বলৈ কিমান সময় লাগিব সেয়াও স্পষ্ট হোৱা নাই।

বিষয়াগৰাকীয়ে কয় যে যদিও প্ৰথম অৱস্থাত আমেৰিকাৰ আক্ৰমণ যেন লাগে, তথাপিও তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে আন প্ৰমাণো পোৱা গৈছে। অভিযোগৰ আঙুলি হয়তো আন কাৰোবাৰ ফালেও ঘূৰিব পাৰে। সেই সম্ভাৱনাকো নুই কৰিব নোৱাৰি। তদন্ত সম্পূৰ্ণ কৰিবলৈ আমেৰিকাৰ তদন্তকাৰীয়ে কেনেধৰণৰ প্ৰমাণৰ বাবে অপেক্ষা কৰি আছে সেয়াও স্পষ্ট হোৱা নাই। ৰাষ্ট্ৰসংঘত ইৰাণৰ ৰাষ্ট্ৰদূত আলী বাহৰেইনীয়ে বিদ্যালয়খনত ১৫০ জন লোকৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে। ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছে মিনাব স্কুল চৌহদৰ কবৰৰ ছবি। তাত দেখা গৈছে যে ইটোৰ পিছত সিটোকৈ কবৰ খান্দিছে। সৰু ল’ৰা-ছোৱালীৰ বাবে কবৰবোৰো সৰু। তেওঁলোকৰ ওপৰত ইৰাণৰ পতাকা মেৰিয়াই থোৱা আছে। এই ছবিখনে সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আমেৰিকাৰ দাবী যে তেওঁলোকে কেতিয়াও জানি-বুজি নিৰীহ সাধাৰণ নাগৰিকক লক্ষ্য কৰি নলয়। হেগছেথেও একেই কথা কৈছে। তেওঁ কয়, “অৱশ্যেই আমি কেতিয়াও সাধাৰণ নাগৰিকক আক্ৰমণ নকৰোঁ। এই বিষয়টোৰ তদন্ত চলি আছে।” আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’য়ো দাবী কৰে যে আমেৰিকান বাহিনীয়ে কেতিয়াও কোনো বিদ্যালয়ক ইচ্ছাকৃতভাৱে আক্ৰমণ নকৰে।











