
দিল্লী (Delhi)ত পুনৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে উত্তৰ-পূবৰ এগৰাকী যুৱতী (Northeastern woman)। দিল্লীৰ সাকেট জিলা আদালত চৌহদৰ সমীপৰ এখন উদ্যানত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি, মণিপুৰৰ যুৱতীগৰাকী (Manipur girl)ৰ প্ৰতি চাৰি কিশোৰে অশ্লীল মন্তব্য (Obscene comment) কৰে। ইয়াৰে প্ৰতিবাদ কৰাত যুৱতীগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগো উত্থাপন হৈছে। ইতিমধ্যে এই ঘটনাৰ অভিযুক্ত চাৰি কিশোৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
জানিব পৰা মতে, দেওবাৰে সন্ধিয়া বন্ধু-বান্ধৱীৰ সৈতে পাৰ্কলৈ গৈছিল ভুক্তভোগী যুৱতীগৰাকী। অভিযোগ অনুসৰি, সেই সময়ত এদল কিশোৰে তেওঁলোকৰ প্ৰতি আপত্তিজনক মন্তব্য আৰু ইংগিত দিবলৈ আৰম্ভ কৰে। যুৱতীগৰাকীয়ে প্ৰতিবাদ কৰাৰ লগে লগে পৰিস্থিতি উত্তপ্ত হৈ পৰে। অভিযোগ অনুসৰি, কিশোৰকেইজনে যুৱতীগৰাকীক প্ৰহাৰ কৰি পলায়ন কৰে। দেওবাৰে সন্ধিয়া সংঘটিত ঘটনাৰ কিছু সময়ৰ পিছতে তেওঁক দিল্লীৰ চফদৰজং হাস্পতাললৈ লৈ যোৱা হয়। তাতেই তেওঁৰ শাৰীৰিক পৰীক্ষা আৰু চিকিৎসা কৰা হয়। সূত্ৰ অনুসৰি, তেওঁৰ আঘাত গুৰুতৰ নহয়।

দেওবাৰৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনীতিবিদসকলে প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই বিষয়ত মাত মাতিছে। উত্তৰ-পূবৰ এগৰাকী যুৱতীক হাৰাশাস্তি কৰাৰ অভিযোগক লৈ কনৰাড চাংমাই ছ’চিয়েল মিডিয়াত এটা পোষ্টযোগে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা শৰ্মাক লৈ ক্ষোভ প্ৰকাশ কৰিছে। এক্স হেণ্ডেলত ৰেখা শৰ্মাক টেগ কৰি তেওঁ লিখিছে, “উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ ওপৰত বাৰে বাৰে আক্ৰমণ চলি থকাৰ বাবে মই ক্ষুব্ধ। দিল্লীৰ সাকেট আদালতৰ সমীপত মণিপুৰ আৰু অসমৰ বাসিন্দাক প্ৰহাৰ কৰা হৈছে। এই বৰ্ণবাদী নিৰ্যাতনক ‘নিউ নৰ্মেল’ বুলি গণ্য কৰিব নোৱাৰি। ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব লাগিব।”
মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰেন সিঙেও বৰ্ণবাদী আক্ৰমণৰ অভিযোগক লৈ মাত মাতিছে। লগতে তেওঁ এই ঘটনাক গৰিহণা দি লিখিছে, “আমাৰ সমাজত এনে বৰ্ণবাদী আচৰণৰ কোনো স্থান নাই। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিজন বাসিন্দাকে দেশৰ চুকে-কোণে নিৰাপদে থাকিবলৈ দিয়া উচিত। তেওঁলোকক যথাযথ মৰ্যাদা আৰু সন্মান প্ৰদান কৰা উচিত।” উত্তৰ-পূৰ্বাঞ্চলৰ দুয়োগৰাকী নেতাৰ এই পোষ্টৰ পিছত সোমবাৰে বিয়লি দিল্লী আৰক্ষীয়ে কয় যে এজন কিশোৰক গ্ৰেপ্তাৰ কৰা হৈছে। বাকীকেইজনৰ সন্ধান চলি আছে। দুপৰীয়া আৰক্ষীয়ে জনোৱা মতে, চাৰিও অভিযুক্ত কিশোৰক গ্ৰেপ্তাৰ কৰা হৈছে।










