ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

এক নতুন ইতিহাসৰ ৰচনা কৰিলে ডিব্ৰুগড়ত!২০২১চনত ১০০খনতকৈ অধিক আসনৰে পুনৰ অসমত বিজেপি চৰকাৰ : ড°হিমন্ত বিশ্ব শৰ্মা

ASSAM TIMES POST by ASSAM TIMES POST
February 23, 2020
Reading Time: 1 min read
A A
0
এক নতুন ইতিহাসৰ ৰচনা কৰিলে ডিব্ৰুগড়ত!২০২১চনত ১০০খনতকৈ অধিক আসনৰে পুনৰ অসমত বিজেপি চৰকাৰ : ড°হিমন্ত বিশ্ব শৰ্মা

0 1 e1574345654996 6 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

ডিব্ৰুগড় : এক নতুন ইতিহাস ৰচনা কৰিলে ডিব্ৰুগড়ত।ইমান লাখ লাখ মানুহৰ সমাবেশ।এয়া এক বৃহৎ সভা হৈছে।অহা ২০২১ চনত ১০০ খনতকৈ অধিক আসন লাভ কৰি বিজেপি-এজিপি মিত্ৰ দলে অসমত পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হব।আজিৰ এই সমাবেশেই প্ৰমানিত কৰিলে বুলি নেডাৰ আহবায়ক তথা ৰাজ্য বিত্ত,গড়কাপ্তানী আৰু শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ খনিকৰত আয়োজিত সংকল্প সমাৰোহত এনেদৰে কয়।

 25768fba cb26 4966 ade6 9acd44a59e30 | ASSAM TIMES POST

প্ৰায় ডেৰ লক্ষাধিক লোকৰ সমাবেশ ঘটা উক্ত সমাৰোহত মন্ত্ৰী শৰ্মাই পুনৰাই কয় যে যোৱা কেইমাহ মানৰ পৰা বিশেষকৈ বিগত ডিচেম্বৰ মাহৰ পৰা এচাম লোকে অসমখনক অস্থিৰ কৰি তুলিবলৈ ভয়ংকৰ ষড়যন্ত্ৰ ৰছনা কৰিছিল।নাগৰিকত্ব সংশোধনী আইনৰ সুযোগ লৈ অসমত আন্ধোলনৰে হিংসাৰ পথলৈ লৈ যাব বিছাৰিছিল।উন্নয়নৰ সকলো প্ৰক্ৰিয়া স্থবিৰ কৰি তোলা,শৈক্ষিক আৰু সামাজিক বাতাবৰন বিনস্ত কৰিবলৈ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল সেই সকল।

আমি কেতিয়াও শুনা নাছিলো-আন্দোলনৰ নামত চাবুৱাৰ বিনোদ হাজৰিকাৰ ঘৰ জ্বলাই দিব,আন্দোলনৰ নামত শংকৰদেব কলাক্ষেত্ৰতো আক্ৰমন চলাব।অসম আন্দোলন দেখিছিলো কিন্তু এনেকুৱা আন্দোলন দেখা নাছিলো যে দৰা-কইনাক গাড়ীৰ পৰা নমাই আনি জয় আই অসম কবলৈ বাধ্য কৰোৱা,নহলে বিয়াত যাবলৈ নিদিয়া এনে আন্দোলন দেখা নাই।আমি অসমত আন্দোলন দেখিছিলো মানুহে জীৱন বলিদান কৰিছিল বিদেশীক বহি:স্কাৰৰ কাৰনে;মানুহে ভোট দিবলৈ যোৱা নাছিল।

কিন্তু এনেকুৱা আন্দোলন দেখা নাছিলো যে আন্দোলন দিনত কৰিব আৰু ৰাতি চান্দা তুলাৰ কাম কৰিব তেনে আন্দোলন আমি দেখা নাছিলো।আন্দোলনৰ নামত গুৱাহাটীৰ এটা ৰাষ্টা বাদ পৰা নাছিল।সকলো ৰেলিং ভাঙি,ৰাষ্টাত টায়াৰ জ্বলাই গুৱাহাটীখন বিধস্ত কৰি দিছিল।উজনিত আমাৰ সকলো বিজেপিৰ কৰ্মকৰ্তা সকলক বিজেপিৰ পৰা অব্যাহতি লবলৈকো ভাবুকি দিছিল।এয়া কেনেধৰনৰ আন্দোলন বুলি মন্ত্ৰী শৰ্মাই সজোৰে প্ৰশ্ন কৰে।

87146070 10157306579578983 996263830910664704 n | ASSAM TIMES POST

পুৱাৰে পৰা সভাস্থলীলৈ অহা অগনন জনতাৰ সোঁতত জনসমুদ্ৰত পৰিনত হোৱা খনিকৰৰ খেলপথাত ডেৰ লক্ষাধিক জনতাক সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শমাই পুনৰাই কয় যে বিজেপিৰ কৰ্মকৰ্তাক ভাবুকি দি ঘৰত সোমাই থকাৰ হুমুকি দিয়া সকলক স্পষ্ট কৰি দিয়ে যে বিজেপিৰ প্ৰতিগৰাকী কৰ্মকৰ্তাৰ শৰীৰত শেষ তোপাল তেজ থকালৈ ষড়যন্ত্ৰকাৰী সকলৰ আশা কেতিয়াও পূৰন নহব।সেয়া স্পষ্ট কথা বুলি মন্ত্ৰী শৰ্মাই দোহাৰে।অসমক ভাৰতৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰা;বিকাশ আৰু উন্নয়নৰ দিশত আগবঢ়াই নিয়া,অসমৰ শিশু-মাতৃ;মহিলা-যুৱক সকলৰ উন্নয়নৰ বাবে আমি কাম কৰিব লাগে।

২০১৬ চনত অসমৰ ৰাইজে আমাক বহু আস্থা আৰু বিশ্বাসত লৈ চৰকাৰ গঠনত সহায় কৰিলে।আজি মই গৌৰবে কঁও যে বিগত চাৰিটা বছৰত যিমান কাম কৰিলো,অহা এটা বছৰত সকলো আধৰুৱা কাম আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হম আৰু অহা পাঁচটা বছৰত দেশৰ ভিতৰতে এখন শক্তিশালী আৰু উন্নত ৰাজ্য হিচাপে প্ৰতিস্থা কৰিবলৈ সক্ষম হম,এয়া মোৰ দৃঢ় বিশ্বাস।স্বাধীনতাৰ ইমান বছৰৰ পিছত উজনিৰ কেবল ডিব্ৰুগড়ত মেডিকেল কলেজ আছিল।এতিয়া আমাৰ চৰকাৰৰ নেতৃত্বত তিনিচুকীয়াত মেডিকেল কলেজৰ কাম আৰম্ভ হল আৰু অহা কেইদিনমানৰ ভিতৰতে চৰাইদেউ জিলাৰ সোনাৰীত এখন নতুন মেডিকেলৰ কাম আৰম্ভ কৰিম।

শিৱসাগৰত চুপাৰ স্প্যেচিয়েলিটিৰ কাম আৰম্ভ হল।ডিব্ৰুগড়ত তিনিশ কেঞ্চাৰ ৰোগীক একেলগে চিকিৎসা কৰিব পৰাকৈ এখন অত্যাধুনিক হস্পিটাল নিৰ্মান কৰা হৈছে।আমাৰ চৰকাৰৰ দিনত সাত লাখ কলেজৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ নাম ভৰ্ত্তি কৰাবলৈ সক্ষম হৈছো।৬৩ লাখ লৰা-ছোৱালীয়ে বিনামূলীয়া কিতাপ পাইছে।অটল অমৃত অভিযান,আয়ুশমান ভাৰতৰ অধীনত ১:৫০ লাখ ৰোগীয়ে বিনামূলীয়া চিকিৎসা লাভ কৰিছে।আমি সিধান্ত ললো সকলো বৃদ্ধ ব্যক্তিকে পেঞ্চন দিম।সেয়ে এতিয়া নতুনকৈ ১৩ লাখ বৃদ্ধই পেঞ্চন লাভ কৰিছে।

87385437 10157306895008983 4763989376969474048 n | ASSAM TIMES POST

প্ৰতিগৰাকী বিধবা মহিলাই এই বছৰৰ পৰা পেঞ্চন পোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যিসকল গাঁওৰ মহিলা বা ছোৱালী বিয়া নোহোৱাকৈ থাকি গল,সেই সকলকো অহা বছৰৰ পৰা পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা হব।বিগত বছৰত ৰাজ্যখনত ১১ হাজাৰ কি:মি: পথ নিৰ্মান কৰা হল আৰু চলিত বছৰত ১০ হাজাৰ কি:মি: পথ নিৰ্মানৰ সিধান্ত গ্ৰহন কৰা হৈছে।আনাহাতেদি ১২ খন নতুন মেডিকেল কলেজৰ নিৰ্মানৰ কাম, ৬খন ইঞ্জিনিয়াৰিং কলেজৰ নিৰ্মান,৩ খন বিশ্ববিদ্যালয় নিৰ্মানৰ কাম কৰি থকাৰ লগতে গোলাঘাটতো এখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে সিধান্ত গ্ৰহন কৰা হৈছে।

87173353 10157306895213983 497523337916841984 n | ASSAM TIMES POST

তেনেদৰে তিনিচুকীয়া জিলাৰ ডুমডুমা আৰু কাকপথাৰত দুখন নতুন কলেজ স্থাপন,টিংখাঙত এখন পলিটেকনিক স্থাপনৰ সিধান্তৰে উন্নয়নৰ এক বিশাল কৰ্মযজ্ঞ আমি আৰম্ভ কৰিছো।অহা ১৫ আগষ্টৰ ভিতৰতে বিদ্যালয় আৰু মহাবিদ্যালয় সমূহৰ প্ৰাদেশীকৰনৰ কাম শেষ কৰাৰ সিধান্ত গ্ৰহন কৰিছো।এই বছৰৰ পৰা কলেজৰ ছাত্ৰ-ছাত্ৰীয়েও বিনামূলীয়া পাঠ্য-পুথি পাব বুলি মন্ত্ৰী শৰ্মাই উল্লেখ কৰি কয় যে কনকলতা মহিলা আত্মসহায়ক গোটসমূহৰ যিসকলে ২৫ হাজাৰ টকা অনুদান লাভ কৰিছে,সেইসকলে পুনৰাই অহা জুন-জুলাই মাহৰ ভিতৰত ৫০ হাজাৰ টকা অনুদান লাভ কৰাৰ লগতে নতুন সকলে ২৫ হাজাৰ টকা অনুদান লাভ কৰিব।অহা মে মাহৰ পৰা এটকীয়া চাউল বিনামূলীয়া কৰাৰ লগতে চেনী আৰু দাইল আধা দামত যোগান ধৰা হব বুলি আজিৰ জনসভাত ঘোষনা কৰে।

চাহ বাগিছাত এশ খন নতুন হাইস্কুল স্থাপন কৰা কথা সদৰি কৰি মন্ত্ৰী শমাই নাগৰিকত্ব সংশোধনী আইনক লৈ কৰা আন্দোলনকাৰী সকলকো চোকা সমালোচনা কৰে।সমগ্ৰ ৰাজ্যতে উন্নয়নৰ এক নতুন পৰিবেশ স্বৃষ্টি হোৱাৰ পিছতো একাংশ ষড়যন্ত্ৰকাৰীয়ে আন্দোলনৰ নামত নতুন ৰাজনৈতিক দল খোলাৰ অভিপ্ৰায় কি,সেয়া ক্ৰমাৎ স্পষ্ট হৈ পৰিছে বুলিও অভিযোগ কৰে।বিজেপিকেই কেবল কিয় লক্ষ্য কৰি লোৱা হৈছে,সেয়া এতিয়া ৰাইজে বুজি পাইছে।বিজেপিৰ প্ৰতিগৰাকী সদস্যৰ শৰীৰত শেষ বিন্দু তেজ থকালৈ এজনো বিদেশী অসমত প্ৰবেশ কৰিব নোৱাৰে বুলি স্পষ্টভাবে সদায়ে কৈ থকাৰ পিছতো ইয়াক সাম্প্ৰদায়িক ৰূপ দিয়াত লিপ্ত হৈছে।

অসমখনক মৌলবাদীৰ হাতত গতাই দিয়াৰ ভয়ংকৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।ইমানেই নহয়,কাৰ সাহসত দিল্লীত থকা অসমৰ ছাত্ৰ ছাৰ্জিল ইমামে অসমখনক ভাৰতৰ পৰা পৃথক কৰাৰ হুংকাৰ দিবলৈ পালে?ইমামৰ বিৰুদ্ধে দল-সংগঠনে এষাৰীও বাক্য কোৱাৰ সাহস নহল কিয়?কাজিৰঙাৰ অবৈধ বেদখলৰ অসমৰ দল-সংগঠন নিশ্চুপ হৈ আছে কিয়?এন আৰ চি শুদ্ধ ৰূপত প্ৰকাশৰ দাবী নজনায় কিয়?মৌলবাদী শক্তিৰ বিৰুদ্ধে যুঁজ দিয়াৰ সাহস নাই নেকি?বুলি সজোৰে মন্ত্ৰী শৰ্মাই প্ৰশ্ন কৰে।এনেকৈ দিন গৈ থাকিলে এদিন আজমলৰ দৰে মৌলবাদীসমূহক অসমখন গটাই দিব লাগিব।সেয়ে আজমলৰ দৰে শক্তিসমূহক ব্ৰহ্মপুত্ৰ নদীত দলিয়াই পেলোৱাৰ মত পোষন কৰে ড° হিমন্ত বিশ্ব শমাই।জুবিন গাৰ্গক টিপ্পনি কৰি শৰ্মাই কয় যে-মিছা কথা কৈ ৰাজনীতি নকৰিবা বন্ধু।

Tags: Featured
Share4Tweet3Send

Related Posts

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

by News Desk
August 3, 2026
50
Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি
Assam

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

by News Desk
August 3, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
ADVERTISEMENT
DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন
Dima Hasao

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
50
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত
National-International

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
50
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো
National-International

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx