
অহা ৯ এপ্ৰিলত অসম বিধানসভাৰ নিৰ্বাচন (Assam legislative Assembly)। আনহাতে, ৭ এপ্ৰিলত সমাপ্ত হ’ব নিৰ্বাচনী প্ৰচাৰ৷ ইয়াৰ মাজতে শনিবাৰে এক সংবাদমেলযোগে বিজেপি চৰকাৰ (BJP Govt.)ৰ বিগত কাৰ্যকালৰ কামৰ খতিয়ান (Work record) দাঙি ধৰে মন্ত্ৰী পীযুষ হাজৰিকাই৷ বাজপেয়ী ভৱনত আয়োজিত সংবাদমেলত মন্ত্ৰী পীযুষ হাজৰিকা (Piyush Hazarika)ই দাঙি ধৰা চৰকাৰৰ কামৰ খতিয়ান হৈছে :

- ১.৬ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি
- বিজেপি শাসনলৈ আহিলে আৰু ২ লাখক চৰকাৰী চাকৰি
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে ২ লাখকৈ প্ৰদান
- ১০ লাখ নিবনুৱাক উদ্যোগ গঢ়িবলৈ ৫ লাখকৈ সাহায্য ঘোষণা
- এডভাণ্টেজ অসমৰ জৰিয়তে ৫.৫০ লাখ কোটিৰ বুজাবুজি চুক্তি
- টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পত ২৯ হাজাৰ যুৱক-যুৱতীয়ে চাকৰি লাভ কৰিব
- বিগত পাঁচ বছৰত ৫৭ লক্ষাধিক ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া কিতাপ
- ১০ লাখ শিক্ষাৰ্থীক চাইকেল প্ৰদান
- নিযুত মইনা আঁচনিৰ লগতে নিযুত বাবু আঁচনিৰ ব্যৱস্থা
- অসমত বিশ্ববিদ্যালয়ৰ সংখ্যা ৩২ খনলৈ বৃদ্ধি
- ৫০-৮০ কোটি ব্যয়েৰে প্ৰতিখন জিলাত আটকধুনীয়া ষ্টেডিয়াম নিৰ্মাণ
- খেল মহাৰণত ৫৩ লাখ খেলুৱৈক সুযোগ প্ৰদান
- ১০ বছৰত ১০০০ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ
- বিগত দহ বছৰত ৭০ শতাংশ বানপানী হ্ৰাস
- পূৰ্বৰ তুলনাত কমিছে গুৱাহাটীৰ কৃত্ৰিম বান













