
সামৰিক ভাষাত ইয়াৰ নাম হৈছে ‘৪-ডি লং ৰেঞ্জ ছাৰ্ভিলেন্স ৰাডাৰ’ (4-D long range surveillance radar)। শত্ৰুৰ বিমান আক্ৰমণ ৰোধ (Prevent air attack) কৰিবলৈ ই এক উচ্চ কম্পাঙ্ক, অত্যাধুনিক নিৰীক্ষণ (Modern monitoring) ব্যৱস্থা। ইয়াৰ ৰেঞ্জ কমেও ৪৫০ কিলোমিটাৰ (Range 450 km)। এইবাৰ ভাৰতীয় বায়ুসেনাই পাকিস্তান আৰু চীনৰ যুদ্ধবিমান প্ৰতিহত কৰিবলৈ এনে অত্যাধুনিক ৰাডাৰ (Modern radar) আমদানি কৰাত সক্ৰিয় হৈ পৰিছে। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইতিমধ্যে এই সন্দৰ্ভত সবিশেষ বিচাৰি ইয়াৰ নিৰ্মাণ কোম্পানীসমূহলৈ ‘তথ্যৰ বাবে অনুৰোধ’ (আৰ এফ আই) প্ৰেৰণ কৰিছে। এই পদক্ষেপ ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি সূত্ৰটোৱে দাবী কৰিছে। ‘৪-ডি লং ৰেঞ্জ ছাৰ্ভিলেন্স ৰাডাৰ’-এ বৰ্তমান বায়ুসেনাই ব্যৱহাৰ কৰা ৩-ডি ৰাডাৰতকৈ বহু বেছি সঠিকভাৱে শত্ৰুৰ বিমানৰ অৱস্থান, উচ্চতা আৰু গতি চিনাক্ত কৰিব পাৰে।

ইয়াৰ সৈতে ‘কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ’, ‘ডাটা ফিউজন ছিষ্টেম’ আৰু বিমানবিৰোধী ক্ষেপণাস্ত্ৰৰ সৈতে যোগাযোগৰ সঁজুলিৰ সৈতে জড়িত। ই যুদ্ধৰ পৰিস্থিতিত নিখুঁত আক্ৰমণৰ নিৰ্দেশ দিব পাৰে। বায়ুসেনাৰ সূত্ৰ অনুসৰি, এই ‘চতুৰ্মাত্ৰিক ৰাডাৰ’-এ পঞ্চম আৰু ষষ্ঠ প্ৰজন্মৰ আক্ৰমণকাৰী বিমান চিনাক্তকৰণৰ লগতে ড্ৰ’ন আৰু ক্ৰুজ মিছাইলৰ আক্ৰমণ ৰোধ কৰাত ফলপ্ৰসূ ভূমিকা গ্ৰহণ কৰিব। ৪৫০ কিলোমিটাৰ দূৰত্বৰ বাবে পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ ওপৰত থকা আকাশমাৰ্গ বায়ুসেনাৰ চকুত পৰিব।
চীন দখলকৃত তিব্বতত পিপ’লছ লিবাৰেচন এয়াৰ ফ’ৰ্চৰ কাৰ্যকলাপো নিৰীক্ষণ কৰিব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মেক ইন ইণ্ডিয়া’ শ্লোগান অনুসৰণ কৰি বিদেশী কোম্পানীসমূহৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই ক্ষেত্ৰত দেশীয় কোম্পানীসমূহক নিবিদাত অংশগ্ৰহণৰ সুযোগ দিব বিচাৰিছে। উল্লেখ্য যে শেহতীয়াকৈ ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (DRDO) অতি উচ্চ কম্পাঙ্ক (VHF) ৰাডাৰ ‘Third Eye’ প্ৰস্তুত কৰিছে। ডি আৰ ডি অ’ৰ ইলেক্ট্ৰনিকছ এণ্ড ৰাডাৰ ডেভেলপমেণ্ট এষ্টাব্লিছমেণ্টে সম্পূৰ্ণ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি ইয়াক বিকশিত কৰিছে। আন এটা চৰকাৰী কোম্পানী ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডক (BEL) এই ৰাডাৰৰ বাণিজ্যিক উৎপাদনৰ দায়িত্ব দিয়া হৈছে।










