
আহমেদাবাদ আৰক্ষীৰ (Ahmedabad Police) চাইবাৰ ক্ৰাইম (Cyber crime) বিভাগে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি প্ৰৱঞ্চনাৰ এক নতুন আৰু ভয়ংকৰ আঁচনি উদঙাই দিছে। গুগলৰ ‘জেমিনি’ এআই সঁজুলি ব্যৱহাৰ কৰি এজন ব্যৱসায়ীৰ ডিপফেক ভিডিঅ’ (Deepfake video) তৈয়াৰ কৰি আধাৰৰ বায়’মেট্ৰিক তথ্য চুৰি (Biometric data theft) কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চাৰিজন যুৱকক। এই ঘটনাৰ পিছত দেশৰ বেংকিং সুৰক্ষা আৰু ব্যক্তিগত তথ্যৰ সুৰক্ষাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। আহমেদাবাদৰ এজন আমদানি-ৰপ্তানি ব্যৱসায়ীয়ে লক্ষ্য কৰে যে যোৱা দুদিন ধৰি বেংকৰ কোনো অ’টিপি তেওঁৰ ফোনলৈ অহা নাই। সন্দেহযুক্ত হৈ তেওঁ আৰক্ষীৰ কাষ চাপে। তদন্তৰ অন্তত আৰক্ষীয়ে গম পায় যে ব্যৱসায়ীজনৰ অজ্ঞাতে তেওঁৰ আধাৰৰ সৈতে লিংক কৰা মোবাইল নম্বৰটো সলনি কৰা হৈছে। সাধাৰণতে প্ৰযুক্তি ব্যৱহাৰ কৰি মোবাইল নম্বৰ সলনি কৰিবলৈ প্ৰয়োজন হোৱা অ’টিপি বা বায়’মেট্ৰিক ভেৰিফিকেচন প্ৰৱঞ্চকসকলে সহজেই এৰাই চলিছে। কেৱল সেয়াই নহয়, ব্যৱসায়ীজনৰ নামত নতুনকৈ বেংক একাউণ্ট খুলি ২৫ হাজাৰ টকাৰ ঋণো লোৱা হয় আৰু তেওঁৰ ডিজিলকাৰ একাউণ্টৰ পৰা গুৰুত্বপূৰ্ণ নথি-পত্ৰ কাঢ়ি নিয়াৰ চেষ্টা কৰা হয়।

আৰক্ষীৰ তদন্তৰ সময়ত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। ধৃত লোকসকলে গুগলৰ জেমিনি এআই ব্যৱহাৰ কৰি ব্যৱসায়ীজনৰ সঠিক ছবি বা ডিপফেক ভিডিঅ’ তৈয়াৰ কৰিছিল। সেই ভিডিঅ’টো ব্যৱহাৰ কৰি আধাৰ বায়’মেট্ৰিক প্ৰমাণীকৰণ প্ৰক্ৰিয়াক বিভ্ৰান্ত কৰিছিল। ফলত সকলো অ’টিপি ব্যৱসায়ীজনৰ প্ৰকৃত নম্বৰৰ সলনি অপৰাধীৰ নিয়ন্ত্ৰিত ফোন এটালৈ যাবলৈ ধৰে। এই জালিয়াতি চক্ৰৰ এজন সদস্যই কমন ছাৰ্ভিচ চেণ্টাৰত কাম কৰি আছিল, যাৰ ফলত তেওঁলোকৰ বাবে চৰকাৰী ব্যৱস্থা আৰু আধাৰৰ কিট ব্যৱহাৰ কৰাটো সহজ হৈ পৰিছিল। আধাৰৰ তথ্য ব্যৱহাৰ কৰি তেওঁলোকে তিনিটা ভিন্ন বেংকত ই-কেৱাইচি কৰিবলৈ চেষ্টা কৰিছিল আৰু অৱশেষত জিঅ’ পেমেণ্টছ বেংকত একাউণ্ট খুলিবলৈ সক্ষম হৈছিল।
অপৰাধীসকলে এই উন্নত প্ৰযুক্তিৰ ব্যৱহাৰত বিমোৰত পৰিছে তদন্তকাৰী বিষয়াসকল। গ্ৰেপ্তাৰ হোৱা চাৰি অভিযুক্তৰ নাম কানুবাই পৰমাৰ, আশিস বানন্দ, মহম্মদ কাইফ পেটেল আৰু দীপ গুপ্তা। এনে সময়তে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৃত্ৰিম বুদ্ধিমত্তাৰ বিপদ সন্দৰ্ভত দেশৰ বেংকিং বিষয়াসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। তাত এন্থ্ৰপিকৰ ‘ক্লাউড মাইথছ’ মডেলৰ দৰে শক্তিশালী এআই সঁজুলিয়ে চাইবাৰ সুৰক্ষাৰ প্ৰতি কিমান ভাবুকি কঢ়িয়াই আনিব পাৰে সেই সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰা হয়। আহমেদাবাদৰ এই ঘটনাই প্ৰমাণ কৰে যে কিদৰে প্ৰযুক্তিৰ অপব্যৱহাৰ সাধাৰণ মানুহৰ ব্যক্তিগত গোপনীয়তা আৰু আৰ্থিক সুৰক্ষাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।











