
দুঘণ্টাৰ ভিতৰতে পঞ্জাবত সংঘটিত হয় দুটাকৈ বিস্ফোৰণ (Punjub two blast)। এই বিস্ফোৰণ দুটা বিএছএফ আৰু আৰ্মী কেণ্টনমেণ্টৰ (BSF and Army Cantonment) ওচৰত সংঘটিত হয়। জানিব পৰা মতে, মঙলবাৰে নিশা সীমান্ত সুৰক্ষা বাহিনীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰখাই থোৱা এখন স্কুটীৰ বিস্ফোৰণ ঘটে। এই ঘটনাত স্থানীয় ৰাইজৰ মাজত আতংক বিয়পি পৰে। ঘটনাৰ লগে লগে অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰা হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি, বিএছএফৰ মুখ্য কাৰ্যালয়ৰ সমীপত ৰখাই থোৱা এখন স্কুটীত সংঘটিত হয় এই বিস্ফোৰণ। ইমান স্পৰ্শকাতৰ স্থানত কোনে কেনেকৈ স্কুটীখন ৰখাই থৈছিল আৰু কিয় কাৰো লক্ষ্যত নপৰিল সেই লৈও প্ৰশ্ন উত্থাপন হৈছে। স্কুটীখনত কোনো বিস্ফোৰক ৰখা হৈছিল নেকি সেই সন্দৰ্ভত তদন্ত অব্যাহত আছে।

জলন্ধৰ আৰক্ষী আয়ুক্ত ধনপ্ৰীত কৌৰ ৰান্ধৱাই কয় যে প্ৰথম অৱস্থাত এইটো কোনো সন্ত্ৰাসবাদী কাৰ্য নহয় বুলি অনুমান কৰা হৈছে। অৱশ্যে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে খালিস্তান লিবাৰেশ্যন আৰ্মীয়ে।
বিএছএফৰ সৈতে যৌথ তদন্ত আৰম্ভ হোৱা বুলি আৰক্ষী আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। স্কুটীখনৰ মালিকক জেৰা অব্যাহত ৰাখিছে। বিএছএফৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত বিস্ফোৰণৰ দুঘণ্টাৰ ভিতৰতে অমৃতসৰৰ সেনা শিবিৰৰ বাহিৰতো বিস্ফোৰণ সংঘটিত হয়। খাছা পথৰ সেনা শিবিৰৰ বাহিৰত সংঘটিত হৈছে এই ঘটনা। ইয়াৰ বাবে সেনা শিবিৰৰ সীমাৰ দেৱাল ক্ষতিগ্ৰস্ত হয়। প্ৰথমতে শিবিৰৰ বেৰত ধাতুৰ বস্তু নিক্ষেপ কৰা বুলি ধাৰণা কৰা হৈছে। ইয়াৰ পিছতে সংঘটিত হয় এই বিস্ফোৰণ।













