
কেন্দ্ৰৰ নতুন আইনত নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ পেনেলত অন্তৰ্ভুক্ত কৰা নহ’ল ভাৰতৰ মুখ্য ন্যায়াধীশক। সেই আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু হৈছিল। কেন্দ্ৰই গোচৰৰ শুনানিৰ ওপৰত স্থগিতাদেশ বিচাৰিছিল যদিও বুধবাৰে উচ্চতম ন্যায়ালয়ে নাকচ কৰে।

কেন্দ্ৰৰ নতুন আইনত উল্লেখ কৰা হৈছে যে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত নিৰ্বাচনৰ বাবে তিনিজনীয়া পেনেলত প্ৰধানমন্ত্ৰী, লোকসভাত বিৰোধী দলৰ নেতা আৰু প্ৰধানমন্ত্ৰীয়ে মনোনীত কৰা এজন কেন্দ্ৰীয় মন্ত্ৰীৰে গঠিত হ’ব। কমিটীয়ে প্ৰস্তাৱ কৰা নাম দেশৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিব। আইনখনত উল্লেখ আছে যে কমিটীয়ে সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত সিদ্ধান্ত ল’ব।
কিন্তু বিৰোধী দলসমূহে এই আইনখনৰ আৰম্ভণিৰে পৰা বিৰোধিতা কৰি কয় যে যিহেতু পেনেলৰ গৰিষ্ঠসংখ্যক সদস্যই কেন্দ্রৰ প্রতিনিধি, গতিকে বাছনি প্রক্রিয়া একপক্ষীয় হৈ পৰিব আৰু কোনো নিৰপেক্ষ সিদ্ধান্ত লোৱা নহ’ব৷ বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ মনোনয়নৰ সময়ত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ইয়াৰ বিৰোধিতা কৰিছিল যদিও তেওঁৰ আপত্তি সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত নাকচ কৰা হৈছিল।
উল্লেখ্য যে নতুন আইনখন প্ৰণয়নৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে ২০২৩ চনৰ মাৰ্চ মাহত এক ৰায়দানত কৈছিল যে তিনিজনীয়া কমিটীয়ে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত আৰু আন দুজন নিৰ্বাচন আয়ুক্তক নিৰ্বাচন কৰিব।
এই কমিটীত লোকসভাৰ বিৰোধী দলৰ নেতা, প্ৰধানমন্ত্ৰী আৰু দেশৰ মুখ্য ন্যায়াধীশক অন্তৰ্ভুক্ত কৰা হ’ব। কিন্তু সেই ৰায়ক আওকাণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে সংসদত নতুন বিধেয়ক গৃহীত কৰে। সেই আইনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছিল।
কেৰালাৰ সবৰীমালা মন্দিৰত ১০ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰৰ মহিলাৰ প্ৰৱেশৰ নিষেধাজ্ঞা উঠাই লোৱাৰ বিৰুদ্ধে আদালতে দিয়া ৰায়ক প্ৰত্যাহ্বান জনোৱা গোচৰৰ শুনানিত ব্যস্ত থাকিব বুলি যুক্তি দি কেন্দ্ৰক প্ৰতিনিধিত্ব কৰি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই বুধবাৰে শুনানি স্থগিত ৰখাৰ বাবে আবেদন জনায়। কিন্তু ন্যায়াধীশ দীপাংকৰ দত্তৰ বিচাৰপীঠে তেওঁৰ আবেদন নাকচ কৰি কয় যে শুনানিৰ দিন ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে। সেয়েহে পিছুৱাই দিয়াটো সম্ভৱ নহয়।











