
মঙলবাৰে কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে (representative of Congress Party) অযোধ্যাৰ ৰাম মন্দিৰ (Ram Mandir) পৰিদৰ্শন কৰাৰ কথা আছিল। কিন্তু তাৰ ঠিক পূৰ্বে দলটোৰ প্ৰদেশ সভাপতি অজয় ৰায়ক গৃহবন্দী (House arrest) কৰি ৰখাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে দাবী কৰে যে সোমবাৰে সন্ধিয়াৰ পৰা অজয় ৰায়ক অযোধ্যাৰ এখন হোটেলত বন্দী (Stuck in the hotel) কৰি ৰখা হৈছে। উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়েও আৰক্ষী আৰু প্ৰশাসনৰ এনে পদক্ষেপ সন্দৰ্ভত মাত মাতিছে। ৰাজ্য চৰকাৰৰ ভূমিকাক স্বৈৰাচাৰী আৰু কাপুৰুষালি বুলিও তেওঁ সমালোচনা কৰে।
অযোধ্যাৰ ৰাম মন্দিৰৰ ভক্তসকলৰ ধন চুৰি কৰাৰ অভিযোগত সমগ্ৰ দেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে এই ঘটনাত ৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। চিবিআইৰ নেতৃত্বত নিৰপেক্ষ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়তো গোচৰ ৰুজু কৰা হৈছে। এনে পৰিস্থিতিত মঙলবাৰে কংগ্ৰেছ প্ৰতিনিধি দলটোৱে ৰাম মন্দিৰ পৰিদৰ্শন কৰাৰ কথা আছিল। অজয় ৰায়ে প্ৰতিনিধি দলটোক নেতৃত্ব দিয়াৰ কথা আছিল। অৱশ্যে ইয়াৰ মাজতে সোমবাৰে মাজনিশা অজয় ৰায়ে এটা ভিডিঅ’ পোষ্ট কৰি আৰক্ষীয়ে তেওঁক গৃহবন্দী কৰা বুলি দাবী কৰে।

ছ’চিয়েল মিডিয়াত ভিডিঅ’টো পোষ্ট কৰি উত্তৰ প্ৰদেশ কংগ্ৰেছৰ নেতাগৰাকীয়ে লিখিছে, “বিজেপি চৰকাৰৰ অত্যাচাৰ শিখৰত উপনীত হৈছে। ৩০ জুনত উত্তৰ প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে ভগৱান শ্ৰী ৰামক প্ৰাৰ্থনা কৰিবলৈ যোৱাৰ কথা আছিল। মই অযোধ্যা পোৱাৰ লগে লগে বিজেপি চৰকাৰে ইমানেই ভয় খাইছিল যে আৰক্ষীয়ে মোক মোৰ হোটেলৰ পৰাই গ্ৰেপ্তাৰ কৰে। এতিয়া মোক তেওঁলোকৰ জীপেৰে লৈ গৈ আছে।” তেওঁ এই কাণ্ডক কাপুৰুষালি বুলিও সমালোচনা কৰে।
কংগ্ৰেছে কয় যে তেওঁলোকে ৰাম মন্দিৰ ভ্ৰমণৰ পৰিকল্পনাৰ বিষয়ে ইতিমধ্যে স্থানীয় প্ৰশাসনক অৱগত কৰিছে। কিন্তু প্রতিবেদন প্রকাশৰ সময়লৈকে কংগ্রেছৰ অভিযোগ সন্দর্ভত উত্তৰ প্রদেশ চৰকাৰৰ পৰা কোনো বক্তব্য অহা নাই৷ অৱশ্যে এই অভিযোগৰ পূৰ্বে উত্তৰ প্ৰদেশৰ মন্ত্ৰী দয়াশংকৰ সিঙে পিটিআইক কয়, “তেওঁলোকে ভগৱান ৰামক বিশ্বাস নকৰে। কিছুমানে তেওঁৰ অস্তিত্বও মানি লোৱা নাই। তেওঁলোকে কেতিয়াও ভগৱান ৰামৰ ওচৰলৈ যাব নোৱাৰে। তেওঁক সমালোচনা কৰাসকলে কেতিয়াবা ৰাম মন্দিৰলৈ গৈছেনে? ৰাম মন্দিৰ নিৰ্মাণত তেওঁলোকে কিবা অৰিহণা যোগাইছেনে?”











