
তামিলনাডুত (Tamilnadu) পৰৱৰ্তী চৰকাৰ কোনে গঠন তাক লৈ বিগত ৬ দিন ধৰি এক অচলাৱস্থাৰ সৃষ্টি হৈ আহিছে । অৱশেষত তামিল ভূমিৰ আঞ্চলিক দল ভিচিকেই (VCK) অভিনেতা-ৰাজনীতিবিদ ‘থালাপতি’ বিজয়ৰ (‘Thalapathi’ Vijay) দল তামিলাগা ভেট্টি কাঝাগাম (টিভিকে)ক (TVK) সমৰ্থন (Support) জনোৱাৰ কথা ঘোষণা কৰে। লগে লগেই চৰকাৰ গঠনত বিজয়ৰ বাবে আৰু কোনো বাধা নাথাকিল। চৰকাৰ গঠন কৰিবলৈ তেওঁ ‘মেজিক নম্বৰ’ লাভ কৰিলে। উল্লেখ্য যে ২৩৪ খন আসনৰ তামিলনাডু বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে ১১৮ খন আসনৰ প্ৰয়োজন। কিন্তু কোনো দল বা মিত্ৰজোঁটে সেই সংখ্যা নাপালে।
চলচ্চিত্ৰ তাৰকা বিজয়ৰ টিভিকেই ১০৮ খন আসন লাভ কৰি একক বৃহত্তম দল হিচাপে পৰিগণিত হয়। বিজয়ৰ দলৰ বিধায়কৰ সংখ্যা হৈছে ১০৭ জন। চৰকাৰ গঠনৰ বাবে ‘মেজিক নম্বৰ’ লাভ কৰিবলৈ বিজয়ক ১১ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন আছিল। প্ৰথম অৱস্থাত তামিলনাডু কংগ্ৰেছে টিভিকেক সমৰ্থন কৰিব বুলি জনায়। এই নিৰ্বাচনত কংগ্ৰেছে তামিলনাডুত ৫ খন আসন লাভ কৰে। আনকি কংগ্ৰেছৰ সমৰ্থন সত্ত্বেও ‘মেজিক নম্বৰ’ৰ কাষ চাপিবলৈ আৰু ছয়জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন আছিল। শুকুৰবাৰে বাওঁপন্থী দুটা দল চিপিএম আৰু চিপিআয়ে সমৰ্থন ঘোষণা কৰে।

তেওঁলোকে লাভ কৰা আসনৰ সংখ্যা আছিল চাৰিখন। ইয়াৰ পিছত আৰু দুজন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন আছিল। শনিবাৰে ভিচিকেৰ মুৰব্বী থল থিৰুমাৱল্লৱনে কয় যে তেওঁলোকে বিজয়ৰ দলটোক চৰকাৰ গঠনৰ বাবে বিনাচৰ্তে সমৰ্থন আগবঢ়াব। সূত্ৰ অনুসৰি, এই সমৰ্থন পোৱাৰ পিছত বিজয়ে পুনৰ তামিলনাডুৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক চৰকাৰ গঠনৰ বাবে অনুৰোধ কৰিব। বিগত চাৰিদিনত কমেও তিনিবাৰকৈ ৰাজ্যপালৰ ওচৰত চৰকাৰ গঠনৰ দাবী জনাইছে বিজয়ে। কিন্তু ৰাজ্যপাল বিশ্বনাথে কয় যে ১১৮ জন বিধায়কৰ সমৰ্থন নোপোৱালৈকে টিভিকেক চৰকাৰ গঠনৰ বাবে নিমন্ত্ৰণ নকৰে। অৱশেষত ভিচিআইকেৰ সহযোগত আসনৰ সমস্যাটোৰ সমাধান হয়।
উল্লখ্য যে এইবাৰৰ নিৰ্বাচনত ডিএমকে-কংগ্ৰেছ-বাওঁপন্থী মিত্ৰজোঁটে ৭৪ খন আৰু এআইএডিএমকে-বিজেপি মিত্ৰজোঁটে ৫৩ খন আসনত জয়লাভ কৰে। কিন্তু কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহে এটা এটাকৈ এম কে ষ্টেলিনৰ পক্ষ এৰি গৈছে।












