নতুন দিল্লীঃ ভাৰতত মুঠ ২,৯৬৭ টা বাঘ আছে। ২০১৪তকৈ ইয়াৰ হাৰ ৩৩ শতাংশ বৃদ্ধি পাইছে। সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উন্মোচন কৰা বাঘ পিয়ল প্ৰতিবেদন ২০১৮ (Tiger Census Report 2018)ত এই কথা প্ৰকাশ পাইছে। তথ্যত প্ৰকাশ পোৱা অনুসৰি মধ্য প্ৰদেশত সৰ্বাধিক ৫২৬ টা বাঘ থকাৰ বিপৰীতে দ্বিতীয় স্থান দখলৰে কৰ্ণাটকৰ বাঘৰ সংখ্যা ৫২৪ টা।
আনহাতে ৪৪২ টা বাঘৰে তৃতীয় স্থানত থাকে উত্তৰাখণ্ড। ২০০৬ চনত ৰাজ্যখনত ১৭৮ টা বাঘ আছিল। ২০১০ত এই সংখ্যা ২২৭ লৈ বৃদ্ধি হৈছিল। ২০১৪ত আছিল ৩৪০ টা।
চত্তীশগড় আৰু মিজোৰামত বাঘৰ সংখ্যা হ্ৰাস পোৱাৰ বিপৰীতে উৰিষ্যাত ২০১৪ৰ সমানেই বাঘ আছে। শেহতীয়া প্ৰতিবেদন মতে চত্তীশগড়ত ১৯ টা বাঘ থকাৰ বিপৰীতে ২০১৪ত ইয়াৰ সংখ্যা আছিল ৪৬টা।
উল্লেখ্য প্ৰতি ৪ বছৰৰ মূৰে মূৰে দেশত বাঘ গণনা কৰি অহা হৈছে।













