
ভূপাল (Bhopal)ত ত্বিশা শৰ্মা (Twisha Sharma case) নামৰ মহিলাগৰাকী মৃত্যুৰ তদন্তভাৰ চিবিআইক অৰ্পণ (Hand over to CBI) কৰিছে মধ্যপ্ৰদেশ চৰকাৰে। তেওঁৰ মৃত্যুৰ আঁৰৰ প্ৰকৃত কাৰণৰ আঁৰৰ ৰহস্য এতিয়াও সমাধান হোৱা নাই। এই ঘটনাত ত্বিশাৰ পিতৃৰ পৰিয়ালে হত্যাৰ এজাহাৰ দাখিল কৰিছে। তেওঁলোকৰ দাবী, যৌতুক বিচাৰি ত্বিশাক স্বামী আৰু শাহুৱেকে অত্যাচাৰ কৰিছিল। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল ত্বিশাৰ স্বামী সমৰ্থ সিং। অৱশ্যে শুকুৰবাৰে তেওঁ আদালতত আত্মসমৰ্পণ কৰে। তেওঁৰ অধিবক্তাই আদালতত কয় যে যিখন আগতীয়া জামিন আবেদন দাখিল কৰা হৈছিল সেইখনো প্ৰত্যাহাৰ কৰা হ’ব।
ত্বিশা শৰ্মা হৈছে উত্তৰ প্ৰদেশৰ নয়ডাৰ বাসিন্দা। অৱশ্যে বিয়াৰ পিছৰে পৰা তেওঁ ভূপালত বাস কৰিছিল। যোৱা ১২ মে’ত তেওঁৰ চিপলোৱা মৃতদেহ ভূপালৰ কাটৰা পাহাৰ অঞ্চলৰ শহুৰেকৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছিল। ত্বিশাৰ পিতৃৰ পৰিয়ালৰ অভিযোগ যে তেওঁৰ স্বামী সমৰ্থ আৰু শাহুৱেক গিৰিবালা সিঙে মিলি ত্বিশাক হত্যা কৰিছে। পৰিয়ালৰ লোকে দাবী কৰা মতে, তেওঁৰ শৰীৰত আঘাতৰ চিন পোৱা গৈছে। পৰিয়ালটোৰ অভিযোগ যে পূৰিবতে সমৰ্থ আৰু গিৰিবালাই ত্বিশাক প্ৰহাৰ কৰিছিল।

ত্বিশাৰ পিতৃয়ে দুয়োৰে বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। ত্বিশাৰ মৃত্যুৰ আগৰ মুহূৰ্তৰ চিচিটিভি ফুটেজ আৰু বন্ধুৰ সৈতে হোৱাটছএপ আড্ডা ইতিমধ্যে পোহৰলৈ আহিছে। এই সকলোবোৰ তথ্যই ত্বিশাৰ মৃত্যুৰ ৰহস্য আৰু জটিল কৰি তুলিছে। ত্বিশাৰ মৃতদেহ দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা কৰিবলৈ দাবী জনাইছে পৰিয়ালে। তেওঁলোকৰ মতে, “প্ৰথম মৰণোত্তৰ পৰীক্ষাত কেইবাটাও ত্ৰুটি আছিল।” শুকুৰবাৰে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে পৰিয়ালটোৰ দাবী মানি লৈ ত্বিশাৰ মৃতদেহৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ অনুমতি প্ৰদান কৰে। দিল্লীৰ এইমছৰ চিকিৎসকে মৰণোত্তৰ পৰীক্ষা কৰিব। অৱশ্যে পৰিয়ালটোৰ এই দাবীত আপত্তি কৰে শাহুৱেক গিৰিবালাই। তেওঁৰ দাবী, এইমছৰ চিকিৎসকেই মৰণোত্তৰ পৰীক্ষা কৰিছে। তাৰ পিছত আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰয়োজন কি?
কেন্দ্ৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসকৰ সততাক লৈ সন্দেহৰ অৱকাশ নাই। কিন্তু পৰিয়ালটোৱে যদি কিবা এটা উপেক্ষা কৰা হৈছে বুলি অনুভৱ কৰে তেন্তে দ্বিতীয়টো মতামত ল’ব পাৰি।
ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ তদন্তৰ বাবে ৬ জনীয়া বিশেষ তদন্তকাৰী দল গঠন কৰিছে। অৱশ্যে ত্বিশাৰ মৃত্যুৰ তদন্ত চিবিআইক গতাই দিব বিচাৰিছে চৰকাৰে। সমৰ্থৰ বিৰুদ্ধে লুকাউট নোটিচ জাৰি কৰা হয়। আৰক্ষীয়েও তেওঁক বিচাৰি বিভিন্ন স্থানত তালাচী চলায়। কিন্তু আৰক্ষীয়ে তেওঁৰ সন্ধান উলিয়াব নোৱাৰিলে যদিও শুকুৰবাৰে আদালতত সমৰ্থৰ অধিবক্তাই কয় যে তেওঁ আত্মসমৰ্পণ কৰিবলৈ সাজু। ইয়াৰ পিছত সমৰ্থে আদালতত আত্মসমৰ্পণ কৰে।











