
মধ্যপ্ৰদেশ আৰক্ষীয়ে ৰাজস্থানৰ সীমান্তৱৰ্তী নীমুচ জিলাত উদ্ধাৰ কৰিছে এটা অবৈধ আগ্নেয়াস্ত্ৰৰ কাৰখানা।মধ্যপ্ৰদেশ আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, শেহতীয়াকৈ দেশীয় আগ্নেয়াস্ত্ৰসহ গ্ৰেপ্তাৰ হোৱা এজন ব্যক্তিক জেৰা কৰি অস্ত্ৰ কাৰখানাটো আৱিষ্কাৰ কৰা হৈছে।

প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে জানিব পাৰিছে যে আধুনিক সঁজুলিৰ সহায়ত অস্ত্ৰ কাৰখানাত দেশীয় পিষ্টল নিৰ্মাণ কৰা হৈছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, মধ্যপ্ৰদেশৰ উপৰি চুবুৰীয়া উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু পঞ্জাবৰ অপৰাধীক এই অস্ত্ৰ যোগান ধৰা হৈছিল।
এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই মানসা আৰক্ষীয়ে অন্তিমতা গাঁৱৰ নিবাসী অস্ত্ৰ ব্যৱসায়ী দুৰ্গা শংকৰ সুতাৰক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা এটা দেশীয় পিষ্টল আৰু এটা কাৰ্টিজ উদ্ধাৰ কৰে। আৰক্ষী অধীক্ষক ৰাজেশ ব্যাসে কয়, “সোধা-পোছাৰ সময়ত সুতাৰে আৰক্ষীক জনাইছিল যে তেওঁ একেখন গাঁৱৰ বাসিন্দা নানালাল ছিকলিগাৰৰ পৰা এই অস্ত্ৰটো ক্ৰয় কৰিছিল।”
ইয়াৰ পিছতে ননালালৰ ঘৰত আৰক্ষীয়ে অভিযান চলায়, য’ত উদ্ধাৰ হয় এটা অবৈধ অস্ত্ৰ নিৰ্মাণৰ কাৰখানা। আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, “নানালাল ঘটনাস্থলীৰ পৰা পলায়ন কৰে। তেওঁৰ সন্ধান অব্যাহত আছে। অভিযানত আৰক্ষীয়ে এটা গ্ৰাইণ্ডাৰ মেচিন, এটা লেথ মেচিন, এটা ৱেল্ডিং মেচিন, পিষ্টলৰ বেৰেল আৰু অন্যান্য সঁজুলি আৰু অবৈধ অস্ত্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা অংশ জব্দ কৰে। প্ৰাৰম্ভিক তদন্তত ইংগিত পোৱা গৈছে যে অস্ত্ৰ নিৰ্মাতা কোম্পানীটো আন্তঃৰাজ্যিক আগ্নেয়াস্ত্ৰ সৰবৰাহৰ চক্ৰৰ সৈতে জড়িত আছিল।”









