
উচ্চতম ন্যায়ালয়ে (Supreme Court) ফাঁচিৰ পৰিৱৰ্তে (Instead of Hang) কম যন্ত্ৰণাদায়ক মৃত্যুদণ্ড (Less painful death penalty)ৰ বাবে কৰা আবেদন খাৰিজ (Application rejected) কৰিছে। আবেদনকাৰী ঋষি মালহোত্ৰাই দোষীক মাৰাত্মক বেজী, গুলী বা বিদ্যুৎস্পৃষ্ট কৰি শাস্তি দিব পাৰি নেকি সেই বিষয়ে বিবেচনা কৰিবলৈ অনুৰোধ জনাইছিল। কিন্তু মঙলবাৰে ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠে আবেদনকাৰীৰ এই আবেদন খাৰিজ কৰে।
আবেদনকাৰীয়ে যুক্তি দিছিল যে মৃত্যুদণ্ড পোৱা ব্যক্তিৰ মৃত্যু কম যন্ত্ৰণাদায়ক আৰু মৰ্যাদাপূৰ্ণ হ’ব লাগে। তেওঁৰ অধিবক্তাই আদালতত কয় যে ফাঁচিৰ ক্ষেত্ৰত দোষীক মৃত ঘোষণা কৰিবলৈ ৪০ মিনিট সময় লাগে। ইয়াৰ পৰিৱৰ্তে যদি মাৰাত্মক বেজী বা গুলীচালনা কৰা হয় তেন্তে সংশ্লিষ্ট ব্যক্তিজনৰ পাঁচ মিনিটৰ ভিতৰত মৃত্যু হ’ব পাৰে। সেই ক্ষেত্ৰত যুক্তি দিয়া হৈছিল যে তেওঁ দীৰ্ঘসময় মৃত্যুৰ যন্ত্ৰণা ভোগ কৰিব নালাগিব।

উচ্চতম ন্যায়ালয়ৰ দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে কয় যে ফাঁচি দি মৃত্যুদণ্ড দিয়া এতিয়াও সমগ্ৰ দেশতে গ্ৰহণযোগ্য নিয়ম। এই সন্দৰ্ভত ন্যায়াধীশ দুগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ তিনিটা ৰায়ৰ কথাও উল্লেখ কৰে। আবেদনকাৰীয়ে তিনিটা ৰায়ৰ পুনৰীক্ষণ বিচাৰি বৃহত্তৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছিল। উচ্চতম ন্যায়ালয়ে সেই আবেদনো নাকচ কৰে।
অৱশ্যে মঙলবাৰে উচ্চতম ন্যায়ালয়ে কয় যে কেন্দ্রই মৃত্যুদণ্ডৰ বিকল্প চিন্তা কৰিব পাৰে। ন্যায়াধীশ নাথ আৰু মেহতাই এই বিষয়ত চূড়ান্ত মতামত দিয়া নাই বুলি স্পষ্ট কৰি দিয়ে। উচ্চতম ন্যায়ালয়ে কয় যে যদি মৃত্যুদণ্ডৰ বিকল্প পদ্ধতিৰ সপক্ষে বৈজ্ঞানিক যুক্তি আছে তেন্তে সেইটো পৰীক্ষা কৰিব পৰা যাব। আদালতে কয় যে কেন্দ্ৰই বিশেষজ্ঞ সমিতি গঠন কৰিব পাৰে, প্ৰয়োজন হ’লে বিকল্প উপায় বিচাৰি উলিয়াব পাৰে।
২০২৫ চনৰ অক্টোবৰ মাহত উচ্চতম ন্যায়ালয়ে মৃত্যুদণ্ডৰ দোষীসকলৰ সন্মুখত দুটা বিকল্প ৰখাৰ প্ৰস্তাৱ দিছিল। প্ৰথমটো আছিল ফাঁচি আৰু দ্বিতীয়টো আছিল মাৰাত্মক বেজীৰে মৃত্যুদণ্ড দিয়া। কিন্তু পিছত কেন্দ্রই আদালতক অৱগত কৰে যে কাৰ্যক্ষেত্ৰত এইটো বৰ ব্যৱহাৰিক নহয়। কেন্দ্ৰৰ এই স্থিতিৰ ওপৰত উচ্চতম ন্যায়ালয়ে অসন্তুষ্টি প্ৰকাশ কৰে। নিয়ম সলনি কৰিবলৈ কেন্দ্ৰই আগ্ৰহী নহয় বুলি উচ্চতম ন্যায়ালয়ে উষ্মা প্ৰকাশ কৰে।











