
পিতৃগৃহৰ পৰা লাভ কৰা মাটিখিনি বিক্ৰী কৰিব বিচৰা নাছিল পত্নীয়ে। কিন্তু স্বামী আছিল নাছোৰ বান্দা। ফলত প্ৰায়ে এই বিষয়টোক লৈ স্বামী-স্ত্ৰীৰ মাজত অশান্তিৰ সৃষ্টি হৈছিল। কিন্তু দেওবাৰে যেতিয়া অশান্তি শিখৰত উপনীত হয়, তেতিয়া স্বামীয়ে পত্নীক প্ৰহাৰ (Husband hits wife) কৰাৰ পিছত তেওঁৰ যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা (Electrocuted to death) কৰাৰ অভিযোগ উত্থাপন হয়। উত্তৰ প্ৰদেশৰ ৰামপুৰত (Rampur, Uttar Pradesh) সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি, মৃতকৰ নাম নাছৰিন (Deceased’s name is Nasrin)। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত তেওঁৰ শৰীৰত প্ৰহাৰৰ চিন পোৱা গৈছে। ইয়াৰ উপৰি প্ৰতিবেদনত তেওঁক বিদ্যুৎস্পৃষ্ট কৰা বুলিও উল্লেখ কৰা হৈছে। অভিযুক্তৰ নাম হৈছে ইছৰাৰ। ১৩ বছৰ পূৰ্বে ইছৰাৰে নাছৰিনক বিয়া কৰাইছিল। তেওঁলোকৰ চাৰিগৰাকী কন্যা আৰু এজন ল’ৰা সন্তান আছে।

দীৰ্ঘদিন ধৰি ইছৰাৰে মাটি বিক্ৰী কৰিবলৈ হেঁচা প্ৰয়োগ কৰি আহিছিল বুলি নাছৰিনৰ পৰিয়ালৰ দাবী। কিন্তু নাছৰিনে বিক্ৰী কৰিবলৈ মান্তি হোৱা নাছিল। তাৰ পিছতে আৰম্ভ হয় অত্যাচাৰ। তেওঁলোকে অভিযোগ কৰে যে ইছৰাৰে নাছৰিনক মাটি বিক্ৰী কৰিবলৈ সন্মত নহ’লে হত্যা কৰাৰ ভাবুকি দিছিল। নাছৰিনৰ ভগ্নী হাছিন জাহানে অভিযোগ কৰে যে তেওঁৰ বায়েক কিছুদিন পূৰ্বে তেওঁলোকৰ ঘৰলৈ আহিছিল। সেই সময়ত নাছৰিনৰ গোটেই শৰীৰত আঘাত দেখি তেওঁৰ সন্দেহ হয়। নাছৰিনক সোধাত তেওঁ কথাটো লুকুৱাবলৈ চেষ্টা কৰিছিল। ইছৰাৰৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছে নাছৰিনৰ পৰিয়ালে। তেওঁলোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ইছৰাৰক গ্ৰেপ্তাৰ কৰে।










