ASSAM TIMES POST
নিউজ ডেস্ক: মহানগৰীত পুনৰ চলিব ৰেপি’ড ,অলা, উবেৰ বাইক-টেক্সি সেৱা।বুধবাৰে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই কথা উল্লেখ কৰিছে।উল্লেখ যে পাটোৱাৰীয়ে বুধবাৰে ৰেপিড চালক সন্থাৰ প্ৰতিনিধিৰে বৈঠকত মিলিত হোৱাৰ পিছত এই কথা ঘোষণা কৰিছে।
গুৰুত্বপূৰ্ণ কথা এই যে জিলা পৰিবহন বিষয়াক ৰেপি’ড সেৱা বন্ধ কৰা সন্দৰ্ভত মন্ত্ৰী পাটোৱাৰীয়ে ধমকি দি কয় “কোনো কাৰ্যালয় বন্ধ কৰাৰ অধিকাৰ ডিটিঅ নাই”।
গুৰুত্বপূৰ্ণ কথা এই যে বাণিজ্যিক পঞ্জীয়ন নোহোৱা লৈকে বৰ্তমান নাম্বাৰ প্লেটে চলিব বাইক সমূহ।তাৰ পিছত আইন সংশোধন কৰি হালধীয়া বাণিজ্যিক নাম্বাৰ প্লেট লগাব লাগিব বাইক সমূহত মন্ত্ৰী পাটোৱাৰীয়ে কয়।
ডিটিঅৱে পৰিবহন আইন সংশোধন কৰিব নোৱাৰে।নতুন পলিছি চৰকাৰে গ্ৰহণ কৰিব।পৰিবহন আয়ুক্তক সমগ্ৰ ঘটনাৰ চালি-জাৰি চাবলৈ নির্দেশ দিছে মন্ত্ৰীগৰাকীয়ে।