ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলং: পশ্চিম কাৰ্বি আংলং জিলাৰ টুম্প্ৰেঙৰ নাম তৰাডুবিত নিশা সংঘটিত হয় এক গুলী চালনাৰ ঘটনা । গৰু চোৰ কৰিবলৈ আহি দুৰ্বৃত্তই গুলীচালনা কৰে বিপিন বৰা নামৰ এজন লোকক । গুলীচালনাত বিপিন বৰা আৰু ৰস্মিৰেখা বৰা আহত হৈছে । অক্ষত দুয়োজনক হোজাইলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

ঘটনাৰ লগত জড়িত তিনিজনক ইতিমধ্যে আটক কৰিছে ডংকামোকাম আৰক্ষীয়ে । আৰক্ষীয়ে আটক কৰিছে জিম্বু ডেকাৰজা, ৰাম বাবা বৰা আৰু ভূপেন বৰাক । ইফালে অস্ত্ৰসহ এজন দুৰ্বৃত্তই পলায়ন কৰে ঘটনাস্থলীৰ পৰা । আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।













