ASSAM TIMES POST
আছিফ আলি
উজনি অসমত ভয়ংকৰ জাল হানি ট্ৰেপিং চক্ৰৰ ৷ এনজিঅ’ আৰু আৰক্ষীৰ সহযোগত পৰিচালিত এই চক্ৰ ৷ বিস্ফোৰক তথ্য ফাদিল শিৱসাগৰৰ পৰা নিয়ন্ত্ৰিত হয় হানি ট্ৰেপিং চক্ৰৰ জাল ৷ শিৱসাগৰত সক্ৰিয় হানি ট্ৰেপিং চক্ৰৰ নায়িকা উষা বেগম ৷ হানি ট্ৰেপিঙতো সক্ৰিয় একাংশ যৌন কৰ্মী, দেহ ব্যৱসায়ত জড়িত মহিলা কিদৰে কৰা হয় হানি ট্ৰেপিঙৰ পৰিকল্পনা ? সংবাদ মাধ্যমৰ হাতত পৰিছে শিহৰণকাৰী ভিডিঅ’ ৷

ভিডিঅ’ টোৱে আপোনাৰো গাৰ নোম শিয়ৰাই তুলিব ৷ স্পষ্ট হব সকলো ৷ কিদৰে যুৱতীৰ প্ৰলোভনৰে জালত পেলোৱা হয় যুৱক, অথবা পুৰুষক ৷ ব্লেকমেইলিঙৰে সৰ্বস্বান্ত কৰা হয় হানি ট্ৰেপিং চক্ৰৰ জালত ভৰি দিয়া সকলক হানি ট্ৰেপিঙৰ পৰিকল্পনা কৰা মহিলাৰ মুখত আৰক্ষী আৰু চেপ এনজিঅ’ৰ নাম কিদৰে আৰক্ষীয়ে সহায় কৰে হানি ট্ৰেপিং চক্ৰক ৷ হানি ট্ৰেপিং চক্ৰৰে কিদৰে জড়িত অভিযোগ উত্থাপন হোৱা এনজিঅ’? গ্ৰেপ্তাৰ হানি ট্ৰেপিঙৰ পৰিকল্পনাকাৰী উষা বেগমক শিৱসাগৰ সদৰ আৰক্ষী থানাত জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াই উষা বেগমক চলাইছে জেৰা ৷
উল্লেখ্য যে ৰংপুৰ ইনিছেয়িটিভ নামৰ অনুষ্ঠানৰ দুজন কৰ্মীয়ে চলাইছিল এক ষ্টিং অ’পাৰেশ্যন৷ ষ্টিং অপাৰেশ্যনত ফাদিল হৈছিল উষা বেগমে কি দৰে চক্ৰান্ত ৰচনাৰে জালত পেলাই পুৰুষ -যুৱকক উষা বেগমে নাম লৈছিল একাংশ আৰক্ষী বিষয়া আৰু শ্বেপ নামৰ এনজিঅ’ৰ নাম শ্বেপৰ সদস্যা উষা বেগমে দীৰ্ঘদিনে জিলা খনত চলাইছিল হানি ট্ৰেপিং চক্ৰ এই সমগ্ৰ ঘটনা সংবাদ মাধ্যমত ফাদিল হোৱাৰ পিছতে খলকনিৰ সৃষ্টি হৈছিল শিৱসাগৰ আৰক্ষীৰ ভিতৰচৰাত ৷ অৱশেষত AS 04 Q 8755 নম্বৰৰ স্কুটিৰে পলায়ন কৰা অৱস্থাত শিৱসাগৰ আৰক্ষীয়ে খেদি খেদি বেতবাৰীৰ পৰা কৰায়ত্ব কৰে উষা বেগমক আৰু লগতে স্কুটিও জব্দ কৰে আৰক্ষীয়ে ৷













