ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Supreme Court of India । মহিলাসকল কেৱল গৃহিণী নহয়, দেশ নিৰ্মাতা, গৃহিণীসকলৰ ক্ষতিপূৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ

Staff Reporter by Staff Reporter
June 12, 2026
Reading Time: 1 min read
A A
0
“Supreme Court Refuses to Stay New Election Commissioner Appointment Law, Seeks Detailed Responses”

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

ঘৰখন চলোৱা নাৰীক কেৱল ‘গৃহিণী’ বুলি কোৱা হয়। এটা গোচৰত উচ্চতম ন্যায়ালয়ে (Supreme Court of India) পৰ্যবেক্ষণ কৰি কয় যে তেওঁলোকে কেৱল ঘৰুৱা কামেই নহয়, পৰিয়াল বজাই ৰখা, পৰৱৰ্তী প্ৰজন্মক ডাঙৰ-দীঘল কৰা আৰু দেশ গঢ়াত সহায় কৰে।

Supreme Court of India ।
মহিলাসকল কেৱল গৃহিণী নহয়, দেশ নিৰ্মাতা, গৃহিণীসকলৰ ক্ষতিপূৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ:

২০০১ চনৰ নৱেম্বৰ মাহত পঞ্জাবত দুৰ্ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ ক্ষতিপূৰণ বিচাৰি মটৰ দুৰ্ঘটনা দাবী ন্যায়াধিকৰণৰ কাষ চাপিছিল পৰিয়ালটোৱে। তাতে মৃতকৰ পৰিয়ালক ২.৪২ লাখ টকা দিবলৈ নিৰ্দেশ দিয়া হয়। সেই ৰায়ৰ বিৰুদ্ধে পৰিয়ালটোৱে পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

উচ্চ ন্যায়ালয়ে মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে ৮.৪ লাখ টকা আদায় দিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে পৰিয়ালটোৱে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। উচ্চতম ন্যায়ালয়ে ক্ষতিপূৰণ বৃদ্ধি কৰি বীমা কোম্পানীটোৱে মহিলাগৰাকীৰ পৰিয়ালক ৬২.৭৮ লাখ টকা দিব লাগে বুলি নিৰ্দেশ দিয়ে।

উক্ত গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কেৰলৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে ঘৰখন পৰিচালনা কৰাসকলে পালন কৰা কৰ্তব্যৰ অৰ্থনৈতিক মূল্য অপৰিসীম। তেওঁলোকে দেশৰ ভৱিষ্যত প্ৰজন্মক গঢ়ি তোলা আৰু লালন-পালন কৰাত সহায় কৰে। পৰিয়ালৰ ভেটি মজবুত কৰে। ৰাইজৰ উন্নতিত সহায় কৰে।

ন্যায়াধীশগৰাকীয়ে কয়, “তেওঁলোকক গৃহিণী বুলি কোৱাৰ পৰিৱৰ্তে দেশৰ নিৰ্মাতা বুলি ক’ব লাগে।” বৈবাহিক সম্পৰ্কত মহিলাৰ ভূমিকাও পৰ্যবেক্ষণ কৰে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ কেৰলৰ বিচাৰপীঠৰ পৰ্যবেক্ষণ, “বিবাহৰ অৰ্থ দাসী নিযুক্তি দিয়া নহয়।”

তেওঁলোকৰ মতে পৰিয়ালৰ দায়িত্ব স্বামী-স্ত্ৰী দুয়োৰে ওপৰত। কেৱল এগৰাকী নাৰী বিবাহিত হোৱাৰ বাবেই তেওঁৰ ইচ্ছা আৰু পেছাদাৰী উচ্চাকাংক্ষাক কৰ্তন কৰিব নোৱাৰি। যদি এগৰাকী মহিলাই নিজৰ সন্তানৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি কৰিও নিজৰ পেছাত সফল হ’ব বিচাৰে, তেন্তে ইয়াক স্বামী আৰু শহুৰেকৰ প্ৰতি ‘নিৰ্দয়তা’ বুলি গণ্য কৰিব নোৱাৰি।

উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে মহিলাসকলে বহু ত্যাগ কৰে, যিবোৰ সাধাৰণতে লক্ষ্য কৰা নহয়। নিজৰ পৰিয়ালত সময় আৰু শক্তি খৰচ কৰা এগৰাকী মহিলাই সেই পৰিয়ালটোৰ উপাৰ্জনত বিনিয়োগো কৰে। গতিকে তেওঁলোকৰ কামক সামাজিক আৰু অৰ্থনৈতিক মূল্যও দিব লাগে।

বিচাৰপীঠখনে লগতে পৰ্যবেক্ষণ কৰে যে মহিলাসকলে দীৰ্ঘদিন ধৰি কোনো ধৰণৰ ধন নোলোৱাকৈ কাম কৰে আৰু সেৱা আগবঢ়ায়। সেই প্ৰেক্ষাপটত তেওঁলোকৰ পৰিয়ালৰ সম্পত্তিৰ ওপৰতো অধিকাৰ আছে। ন্যায়াধীশ কেৰলৰ পৰ্যবেক্ষণ, “পৰিয়াল ডাঙৰ-দীঘল কৰাসকলৰ ঘৰুৱা কাম আৰু সেৱাৰ অৰ্থনৈতিক মূল্যক অস্বীকাৰ কৰিব নোৱাৰি।”

ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে মটৰ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে। বিশেষকৈ দুৰ্ঘটনাত বোৱাৰীৰ মৃত্যু হ’লে পৰিয়ালটোক কিমান আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব সেই সম্পৰ্কেও নিয়ম জাৰি কৰা হৈছে।

ন্যায়াধীশ কেৰলে পৰ্যবেক্ষণ কৰে, “এখন দেশ আৰু মানৱ সমাজৰ প্ৰগতিৰ ক্ষেত্ৰত গৃহিণীৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। গৃহিণীয়ে দেশ গঢ়ি তোলে। দেশ নিৰ্মাতা হিচাপে গৃহিণীৰ ভূমিকা বিবেচনা কৰি আমি দেখিছোঁ যে পৰিয়ালৰ সদস্য আৰু ঘৰুৱা কাম-কাজৰ সেৱাৰ ন্যূনতম মাহিলি মূল্য ৩০ হাজাৰ টকা।” লগতে উচ্চতম ন্যায়ালয়ে কয় যে সমগ্ৰ দেশতে লাখ লাখ গৃহিণীয়ে পৰিয়ালটোৰ বাবে যি কাম কৰে সেই কাম একে ধৰণে লক্ষ্য কৰা নহয়। ইয়াৰ মূল্যও নাই। গতিকে তেওঁলোকক কেৱল ‘গৃহিণী’ বুলি ক’ব নালাগে। দেশৰ ‘নিৰ্মাতা’ বুলি ক’ব লাগে।

ইয়াৰ সমান্তৰালকৈ উচ্চতম ন্যায়ালয়ে দেশৰ সকলো উচ্চ ন্যায়ালয়ক দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক অতি সোনকালে আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

Tags: উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণগৃহিণীসকলৰ ক্ষতিপূৰণ সন্দৰ্ভতদেশ নিৰ্মাতামহিলাসকল কেৱল গৃহিণী নহয়
Share4Tweet3Send

Related Posts

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

by News Desk
June 12, 2026
50
TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে
National-International

TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

by News Desk
June 12, 2026
50
Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান
National-International

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

by News Desk
June 12, 2026
50
Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ
National-International

Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ

by News Desk
June 12, 2026
50
‎পৃথিৱীৰ বতৰক লৈ চিন্তিত বিজ্ঞানী I মাত্ৰ কেইবছৰমানৰ ভিতৰতে আহিব ভয়ংকৰ বিপদ
National-International

‎পৃথিৱীৰ বতৰক লৈ চিন্তিত বিজ্ঞানী I মাত্ৰ কেইবছৰমানৰ ভিতৰতে আহিব ভয়ংকৰ বিপদ

by Staff Reporter
June 12, 2026
50
NITI Commission I সকলো ৰাজ্যৰ বিকাশ নোহোৱালৈকে উন্নত ভাৰত সম্ভৱ নহয়, নিটি আয়োগৰ বৈঠকত মোদী
National-International

NITI Commission I সকলো ৰাজ্যৰ বিকাশ নোহোৱালৈকে উন্নত ভাৰত সম্ভৱ নহয়, নিটি আয়োগৰ বৈঠকত মোদী

by Staff Reporter
June 12, 2026
50
ADVERTISEMENT
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

June 12, 2026
50
TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে
National-International

TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

June 12, 2026
50
Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান
National-International

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

June 12, 2026
50
Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ
National-International

Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ

June 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

June 12, 2026
TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

June 12, 2026
Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

June 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx