
প্ৰশিক্ষণ আৰু অনুশীলনৰ সময়ত ভুলবশতঃ গ্ৰেনেড বিস্ফোৰণৰ (JK Granade blast) দুৰ্ঘটনাত ভাৰতীয় সেনাৰ দুজন জোৱান গুৰুতৰভাৱে আহত হয়। জম্মু-কাশ্মীৰৰ পুঞ্চ ছেক্টৰৰ নিয়ন্ত্ৰণৰেখাৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, শুকুৰবাৰে নিশা প্ৰায় ১২.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

এল অ’ চিৰ সমীপৰ মাল্টি ছেক্টৰৰ এটা সেনা শিবিৰৰ সমীপত দুজন সেনা জোৱানৰ মাজত এক দুৰ্ঘটনা সংঘটিত হয়। অঞ্চলটোত সেনা জোৱানসকলে নিয়মিতভাৱে প্ৰশিক্ষণ আৰু গ্ৰেনেড নিক্ষেপৰ অনুশীলন চলায়। শুকুৰবাৰে নিয়মিত অনুশীলন চলি থকাৰ সময়তে হঠাৎ এটা গ্ৰেনেডৰ বিস্ফোৰণ ঘটে।
আহত সেনা জোৱান দুজনক লগে লগে পুঞ্চৰ ৪২৫ ফিল্ড হাস্পতাললৈ লৈ যোৱা হয়। প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসকে কয় যে সেনা জোৱান দুজনৰ আঘাত গুৰুতৰ। সেয়ে দুয়োকে ক্ষীপ্ৰতাৰে বিমানেৰে উধামপুৰৰ নৰ্দাৰ্ণ কমাণ্ড হাস্পতাললৈ স্থানান্তৰ কৰা হয়।
আহত জোৱান দুজনৰ ভিতৰত এজন বিহাৰ বেটেলিয়নৰ লেন্স নায়ক ৰবীন্দ্ৰ ভেৰা আৰু আনজন হৈছে অগ্নিবীৰ শক্তিপ্ৰসাদ। সম্প্ৰতি দুয়োজন উধমপুৰৰ নৰ্দাৰ্ণ কমাণ্ড হাস্পতালত চিকিৎসাধীন হৈ আছে। আনহাতে, গ্ৰেনেডটো কেনেদৰে বিস্ফোৰণ হ’ল সেই সন্দৰ্ভত বিতং তদন্ত আৰম্ভ কৰা হৈছে।










