ASSAM TIMES POST
আজি অসম টাইমছ প’ষ্টৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ অজন্তা তালুকদাৰৰ
সাম্প্ৰতিক সময়ত সংগীতৰ পৰা ৰাজনীতিলৈ অসমৰ জাতীয় জীৱনত চেতনা উদ্ৰেককাৰী এক শক্তিশালী কণ্ঠৰ নাম জুবিন গাৰ্গ। বিশেষকৈ বিগত কিছুদিনত কেব-ৰ পৰা কা-লৈ কৰা অসমৰ ৰাজনৈতিক যাত্ৰাৰ এক শক্তিশালী নেতৃত্ব বহন কৰা শিল্পী গৰাকীয়ে আজি পুৱা বোকাখাত মহকুমাৰ কাজিৰঙাৰ অগৰাতলিৰ বামুন গাঁৱৰ প্ৰকৃতিৰ নিৰিবিলি পৰিবেশত এই প্ৰতিবেদকৰে হোৱা এটি বাৰ্তালাপত সাম্প্ৰতিক সময়ত কা-ৰ সন্দৰ্ভত তেওঁৰ স্থিতি স্পষ্ট কৰি দি কয় যে কা-ৰ বিৰুদ্ধে জুবিনে আন্দোলন চলাই যাব।

কিন্তু বৰ্তমান চলি থকা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সমূহত কোনো ধৰণৰ ৰাজনৈতিক বিষয়ে যাতে শৈক্ষিক পৰিবেশ বিনষ্ট নকৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিহে কা-বিৰোধী আন্দোলনটো সাময়িকভাবে বন্ধ ৰখা হৈছে। পাছত কাজিৰঙা আৰু বোকাখাতৰ বৈদ্যুতিন আৰু ছপা দুয়োটি মাধ্যমৰ অন্যান্য সাংবাদিকৰে সতে হোৱা বাৰ্তালাপত অসমত নতুন ৰাজনৈতিক দল গঠন সন্দৰ্ভত জুবিন গাৰ্গে নিজৰ স্থিতি স্পষ্ট কৰি দি কয় যে তেওঁ কেতিয়াও ৰাজনৈতিক দলত প্ৰত্যক্ষভাৱে যোগ নিদিয়ে।

অৱশ্যে লগতে কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে কথা পাতিব আৰু প্ৰয়োজন সাপেক্ষে নতুন ৰাজনৈতিক দল খুলিলে তেওঁ সহযোগিতা কৰাৰ বাবে চিন্তা কৰিব। অলপতে কা আইনক কেন্দ্ৰ কৰি দিল্লীত হৈ যোৱা সংঘাতৰ সমগ্ৰ বিষয়টোৱেই খুবেই জটিল বুলি গণ্য কৰি শিল্পী গৰাকীয়ে এই সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা দূৰত থাকে। প্ৰকৃতি প্ৰেমী শিল্পী গৰাকীয়ে কাজিৰঙাৰ এশিঙীয়া গঁড়ৰ বাবে পূৰ্বতেও পদক্ষেপ লৈ থৈছে আৰু অসমক সমগ্ৰ বিশ্বতে পৰিচয় কৰি দিয়া এশিঙীয়া গঁড়ৰ সংৰক্ষণ খুবেই জৰুৰী বুলি মন্তব্য কৰে।
অসমৰ নবীন-প্ৰবীনৰ হাৰ্ট থ্ৰ’ব শিল্পী গৰাকীৰ এধানি সান্নিধ্য পাবলৈ আজি পুৱাতে কাজিৰঙা আৰু বোকাখাতৰ সাংবাদিকৰ লগতে শিল্পী গৰাকীৰ অহাৰ খবৰ শুনি শিল্পী গৰাকীয়ে এনিশাৰ বাবে বাহৰ পাতি থকা স্থানত শিশু, নাৰী, পুৰুষ সমন্বিতে সদলেবলে গৈ উপস্থিত হোৱা স্থানীয় জনগোষ্ঠীয় ৰাইজৰ সতে অতি আন্তৰিকতাৰে মত বিনিময় কৰাৰ লগতে ফটো উঠাও দেখা গ’ল শিল্পী গৰাকীক। বোকাখাতত অহা ১ মাৰ্চত বোকাখাত সাংস্কৃতিক মঞ্চ আৰু বোকাখাত নগৰ মইনা পাৰিজাতৰ যুটীয়া উদ্যোগত অসম ভিত্তিত অনুষ্ঠিত হ’ব লগীয়া ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতালৈ শুভকামনা জনাই এই অনুষ্ঠানলৈ সঁহাৰি জনাবলৈ অসমৰ ৰাইজলৈ অনুৰোধ জনায় জুবিন গাৰ্গে। বিশেষ ব্যক্তিগত কামৰ বাবে গুৱাহাটীৰ পৰা আহি এনিশা কাজিৰঙাৰ অগৰাতলিল কটাই পুনৰ আজি দুপৰীয়া শিল্পী গৰাকী গুৱাহাটীলৈ উভতি যায়।













