ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ঝংকাৰ হত্যাকাণ্ডৰ ১২ জনকৈ দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ ডিফু ন্যায়াধীশ আদালতৰ ৷গুৱীহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হব বিপক্ষৰ অধিবক্তা মানস শৰণীয়া

ASSAM TIMES POST by ASSAM TIMES POST
February 28, 2020
Reading Time: 1 min read
A A
0
মাত্ৰ ১০টকাৰ বাবে ৰাজ্য কঁপোৱা ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ আজি চূড়ান্ত ৰায়দান

ফটো : ঝংকাৰ শইকীয়া,পিতৃ  আৰু মাতৃ

RELATED POSTS

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

ASSAM TIMES POST

ডিফু : ২০১৩ চনত ডিফু চহৰত সংঘটিত হোৱা ৰাজ্য কঁপোৱা ঝংকাৰ হত্যাকাণ্ডকলৈ আজি ডিফুৰ জিলা সত্ৰ ন্যায়াধীশ এ আহমেদৰ আদালতে দোষী সাব্যস্ত কৰা ১২ আচামীৰ শাস্তি ঘোষণা কৰে ৷ শাস্তি অনুসৰি আটাই কেইজনকে ভাঃদঃবিঃ আইনৰ ধাৰা ১৪৭ অনুসৰি ৬ মাহ, ৩৪১ অনুসৰি ১ মাহ, ৩২৩ অনুসৰি ৬ মাহ আৰু ৩০২ ধাৰাত যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২ হাজাৰ টকাকৈ জৰিমনা বিহাৰ নিৰ্দেশ দিয়ে ৷ জৰিমনা অনাদায়ে আটাইকে অতিৰিক্ত দুমাহৰ কাৰাদণ্ড বিহে ৷

ইয়াৰোপৰি বিশেষ লোক অধিবক্তা দুৰ্গাপ্ৰসাদ জয়ছোৱাল আৰু লোক অধিবক্তা ডি কে ডেকা সাংবাদিক সকলক জানিব দিয়া অনুসৰি দুজন আচামী ক্ৰমে বাৰ্লং তিমুঙ আৰু গিবচন তিমুঙ বৰ্তমানেও পলাতক আছে আৰু আন জুভেনাইল আচামীও জুভেনাইল ক’ৰ্টত দোষী সাব্যস্ত হৈছে ৷ ইয়াৰোপৰি গোছৰটোৰ পৰা আৰক্ষীৰ লোক এএছ আই ৰমেশ নাথ, হাবিলদাৰ হাৰুণ বৰাৰ লগতে ছাৰ্থে বে’ আৰু দিলীপ টেৰণক আদালতে দোষমুক্ত কৰি ৰেহাই প্ৰদান কৰিছে বুলি কয় ৷ আনহাতে ডিফু সত্ৰ ন্যায়াধীশ এ, আহমেদৰ ৰায়দানকলৈ মুঠেই সন্তুষ্ট নহয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ বিপক্ষৰ অধিবক্তা মানস শৰণীয়াই ৷ শৰণীয়াই সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত তেওঁৰ অসন্তুষ্টি ব্যক্ত কৰি কয়যে, আজিৰ ৰায়দানত মাননীয় আদালতে সাক্ষীৰ ভাষ্যক পৰ্যালোচনা বা পৰীক্ষা কৰি গ্ৰহণযোগ্য নোহোৱাকৈ ৰায় প্ৰদান কৰিছে ৷

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2020/02/WhatsApp-Video-2020-02-28-at-4.46.11-PM.mp4

আজিৰ ৰায়দানত শাস্তি প্ৰদান কৰা অনান্য ধাৰা মানি ললেও ৩০২ ধাৰাত ঝংকাৰ হত্যাকাণ্ডৰ ১২ জনকৈ দোষীক যাৱজ্জীৱনৰ শাস্তিৰ বিধানক ন্যায় সংগত হোৱা নাই বুলি কয় লগতে জ্যেষ্ঠ অধিবক্তাজনে বিষয়টেলৈ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হব বুলি কয় ৷ ইপিনে আজি আদালত চৌহদত দোষী সাব্যস্ত হোৱা একাংশ আচামীয়ে সংবাদ মাধ্যমৰ আগত তেওঁলোক নিৰ্দোষী বুলি দাবী কৰে আৰু মাননীয় আদালতে তেওঁলোকৰ প্ৰতি অন্যায় কৰিছে বুলি কয় ৷ ৰায়দান কালত সংঘটিত হব পৰা অপ্ৰিতিকৰ পৰিস্থিতিৰ বাবে আদালত চৌহদত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল ৷

উল্লেখযোগ্যযে, যোৱা ২৪ ফেব্ৰুৱাৰীত ডিফু জিলা কাৰাগাৰৰ পৰা ১৬জনকৈ অভিযুক্ত ক্ৰমে, ছাৰচিং টেৰণ, ৰবিণচন টেৰণ, সঞ্জয় ৰংফাৰ, বিক্ৰম টিচ’, ইনুচ তিমুঙ, জেনচিং টেৰণ, বিশ্বজিত হাঞ্চে, বিনিং তেৰাঙ,চাৰবংৰি টোৰাঙ, ফিলিপছন টাৰ’, দিলীপ টেৰণ, ছাৰ্থে বে’, হাবিলদাৰ হাৰুণ বৰা, হেইতেশ ৰাভা ওৰফে মাল্চ’ মঙলছিং ৰংফাৰ, আৰু এএছ আই ৰমেশ চন্দ্ৰ নাথক ডিফু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল ৷ সেইদিনা ন্যায়াধীশ এ, আহমেদৰ বিচাৰপীঠে দিয়া ৰায়দান অনুসৰি মুঠ ১৬ জন অভিযুক্তৰ ১২ জনক উক্ত গোছৰত দোষী সাব্যস্ত কৰে ৷

লগতে দুজন আৰক্ষী ক্ৰমে এএছ আই ৰমেশ চন্দ্ৰ নাথ, হাবিলদাৰ হাৰুণ বৰা সহ ছাৰ্থে বে’ আৰু দিলীপ টেৰণক উক্ত গোছৰৰ পৰা দোষমুক্ত কৰি ৰেহাই দিয়ে ৷ সেই ৰায়দানত ১২ জন অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছিল যদিও দোষী সকলৰ শাস্তিৰ পৰিমাণৰ ৰায় পৰৱৰ্তী শুনানী ২৮ ফেব্ৰুৱাৰীলৈ সংৰক্ষিত ৰাখিছিল ৷ উল্লেখ যোগ্য যে, ২০১৩ চনৰ ২৫ জুনত সন্ধিয়া ঝংকাৰ শইকীয়া আৰু তেওঁৰ অধিবক্তা পিতৃ অট’ৰিক্সাৰে ডিফু চহৰলৈ আহি থাকোঁতে সামান্য ১০ টকাৰ ভাড়ালৈ অট’চালকৰ সৈতে বিতৰ্ক হৈছিল আৰু পিছত উক্ত বিতৰ্কই ভয়াবহ ৰূপ লয় আৰু এদল উন্মত্ত লোকে ঝংকাৰ শইকীয়াক গণ প্ৰহাৰ কৰি গুৰুতৰ জখম কৰে ৷

পিছত ১ জুলাইত গুৱাহাটীৰ এখন হাস্পাতালত মৃত্যুৰে যুঁজি যুঁজি শেষ নিশ্বাস ত্যাগ কৰিছিল ৷ এই সন্দৰ্ভত ঝংকাৰৰ পিতৃয়ে ডিফুত এজাহাৰ দাখিল কৰে ৷ এজাহাৰৰ ভিত্তিত তদন্তকাৰী বিষয়াই উক্ত গোছৰত ১৬ জনক অভিযুক্ত কৰি চাৰ্জশ্বীট দাখিল কৰে ৷ এই সন্দৰ্ভত ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ডৰ গোছৰটো ক্ৰমে,ডিফু, থানা গোছৰ নং, ৯৫/১৩, জিআৰ গোছৰ নং ৪২১/২০১৩, এছছি গোছৰ নং:- ৫৯/২০১৮ বিচাৰ প্ৰক্ৰিয়া চলে ৷গোচৰীয়া পক্ষৰ হৈ উকালতি কৰিছিল বিশেষ লোক অধিবক্তা দুৰ্গা প্ৰসাদ জয়ছোৱাল আৰু ডিফু আদালতৰ লোক অধিবক্তা ডি কে ডেকাই ৷ আনহাতে আচামী পক্ষৰ হৈ উকালতি কৰিছিল ক্ৰমে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মানস শৰণীয়া, ছাৰলংকি ইংতি, আৰ্কই ইংতি কাথাৰে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured2
Share7Tweet4Send

Related Posts

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

by ASSAM TIMES POST
September 13, 2026
50
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

by News Desk
September 12, 2026
51
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ
Assam

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

by News Desk
September 12, 2026
53
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ
Assam

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ

by News Desk
September 12, 2026
52
টুপামাৰীত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, তিনিজন গ্ৰেপ্তাৰ
Assam

টুপামাৰীত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, তিনিজন গ্ৰেপ্তাৰ

by News Desk
September 12, 2026
52
Job Scam : বাক্সাত চাকৰিৰ প্ৰলোভনেৰে বাই-ভনীৰ লুন্ঠন নিবনুৱা যুৱকক
Assam

Job Scam : বাক্সাত চাকৰিৰ প্ৰলোভনেৰে বাই-ভনীৰ লুন্ঠন নিবনুৱা যুৱকক

by News Desk
September 12, 2026
56
ADVERTISEMENT
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

September 13, 2026
50
চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ
crime

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

September 13, 2026
50
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

September 13, 2026
50
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

September 13, 2026
চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

September 13, 2026
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

September 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d