ASSAM TIMES POST
ডিফু : ৰাজ্য কঁপোৱা ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান কৰাৰ পিছতেই আজি আনুষ্ঠানিক ভাবে ডিফুৰ জিলা সত্ৰ ন্যায়াধীশৰ দায়িত্বৰ পৰা আনুষ্ঠানিকভাবে অৱসৰ গ্ৰহণ কৰে সত্ৰ ন্যায়াধীশ আমিৰ উদ্দিন আহমেদ (এজেএছ)৷ ন্যায়াধীশ গৰাকীৰ ঠাইত জিলা সত্ৰ ন্যায়াধীশৰ দায়িত্বভাৰ গ্ৰহণ কৰে তিনিচুকীয়া জিলা সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ পদৰ পৰা পদোন্নতি হৈ অহা আব্দুল হেকিমে (এজিএছ) ৷
এগৰাকী দক্ষ আইনসেৱক হিচাপে সমগ্ৰ চাকৰি জীৱনত আইন সেৱা কৰা ন্যায়াধীশ গৰাকীক আজি জিলা সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ত সতীৰ্থ সকলে আনুষ্ঠানিকভাবে বিদায় সম্ভাষণ জ্ঞাপন কৰে ৷ সতীৰ্থ সকলে ন্যায়াধীশ গৰাকীক জাপি, শৰাই আৰু গামোছা আদিৰে বিদায় সম্ভাষণ জনায় ৷ উল্লেখযোগ্যযে ১৯৬০ চনত জন্মগ্ৰহণ কৰা আমিৰ উদ্দিনৰ পিতৃ প্ৰয়াত আব্দুল ৰছিদ আৰু মাতৃ জুবেদা খাতুন ৷ আইনৰ শিক্ষা সমাপ্ত কৰি ১৯৯১ চনত হোজাইত উকালতি আৰম্ভ কৰীৰ পিছত ন্যায়িক শিক্ষাৰ পৰীক্ষাত উত্তীৰ্ণহৈ ১৯৯৮ চনত ন্যায়িক দণ্ডাধীশ হিচাপে নিযুক্তি লাভ কৰে ৷


২০১০ চনত তেওঁ মুখ্য দণ্ডাধীশ পদলৈ উন্নীত হয় ৷ পৰৱৰ্তী পৰ্যায়ত মুখ্য ন্যায়িক দণ্ডাধীশ গৰাকী ২০১৭ চনত কাৰবি আংলং জিলা সত্ৰ ন্যায়াধীশৰ পদত নিযুক্ত হয়৷ প্ৰসংগ ক্ৰমে, উল্লেখযোগ্যযে, ২০১৭ চনত গঠন হোৱা ডিফু সত্ৰ ন্যায়ালয়ৰ প্ৰথম গৰাকী সত্ৰ ন্যায়াধীশ এ, ইউ আহমেদ ৷
ইয়াৰ উপৰি সূদীৰ্ঘ কৰ্মজীৱনত তেওঁ কেইবাটাও গুৰুত্ব পূৰ্ণ পদত কৰ্ম নিৰ্বাহ কৰিছিল ৷ আনহাতে ২০১৩ চনৰ ২৫ জুনত ডিফু চহৰত সংঘটিত ৰাজ্য কঁপোৱা ঝংকাৰ হত্যাকাণ্ডৰ ক্ষীপ্ৰ বিচাৰ প্ৰক্ৰিয়া চলাই যোৱা ২৮ ফেব্ৰুৱাৰীত চূড়ান্ত ৰায়দান দি ১২ জন দোষীক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰিছিল ৷ আনহাতে সত্ৰ ন্যায়াধীশ গৰাকীৰ বিদায়ী সভাত অতিৰিক্ত সত্ৰ ন্যায়াধীশ কল্যাণ শইকীয়া, (এজেএছ)ডিএলএছএৰ সচিব নেগিব আহমেদ, (এজেএছ)মুখ্য ন্যায়িক দণ্ডাধীশ মমতা ভাদানী, (এজেএছ) ন্যায়িক দণ্ডাধীশ ডি তাই (এজেএছ)আৰু ন্যায়িক ষ্টাফ উপস্থিত থাকে ৷













