ASSAM TIMES POST
আছিফ আলি: শিৱসাগৰৰ দ’লমুখ চাৰিআলিত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা দাহৰে প্ৰতিবাদ কৰে ৷
গৃহমন্ত্ৰী শ্বাহে অসমত আই এল পি প্ৰৱৰ্ত্তন নহয় বুলি কৰা ঘোষণাত এই প্ৰতিবাদ সংগ্ৰামী যুৱ ছাত্ৰৰ
BJP নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ খনে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ ভাষা-সংস্কৃতি নি:শেষ কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ সংগঠনটোৰ ৷

অসম চুক্তি ৬নং দফা আখৰে আখৰে পালন কৰিম বুলি গৃহমন্ত্ৰীয়ে সমিতি গঠন কৰিও প্ৰতিবেদন নিজ হাতে গ্ৰহণ নকৰি অমিত শ্বাহে অসমীয়া জাতিক চুড়ান্ত অপমান কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন সংগঠনটোৰ
৫ মাৰ্চৰ পৰা কা ৰ বিৰোধিতা আৰু আই এল পি প্ৰৱৰ্তনৰ দাবীত আন্দোলন ঘোষনা সংগঠনটোৰ
দৰং জিলাৰ পৰা আৰম্ভ হব নাগৰিকত্ব সংশোধনী আইন আৰু আন্তঃৰাজ্যিক পাৰ পত্ৰৰ দাবীত “সংকল্প শিখা” সমদল

লতাশিল খেলপথাৰৰ পৰা শ্বহীদ ন্যাসলৈও প্ৰতিবাদী সমদল কৰিব সংগ্ৰামী যুৱ ছাত্ৰই ৷













