ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

US Iran war I পুনৰ যুদ্ধ, মাজনিশা ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণ

Staff Reporter by Staff Reporter
July 9, 2026
Reading Time: 1 min read
A A
0
US attack on Iran : ইৰাণৰ ওপৰত আক্ৰমণ আৰু চাৰি-পাঁচ সপ্তাহলৈ অব্যাহত থকাৰ ইংগিত ট্ৰাম্পৰ, সৰ্বোচ্চ নেতাৰ বাবে তিনিজনক নিৰ্বাচন

RELATED POSTS

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

New Logo Smal 1 | ASSAM TIMES POST

পশ্চিম এছিয়া পুনৰ উত্তপ্ত হৈ পৰিছে। ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ (US Iran) বিৰুদ্ধে অধিক সামৰিক আক্ৰমণৰ ভাবুকি দিছিল। তাৰ পিছত বুধবাৰে মাজনিশা ইৰাণৰ ওপৰত আমেৰিকাই নতুনকৈ আক্ৰমণ আৰম্ভ কৰে। হৰমুজৰ সমীপত বাণিজ্যিক জাহাজত আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ আৰম্ভ কৰিছে আমেৰিকান বাহিনীয়ে। ইৰাণৰ সংবাদ সংস্থাসমূহৰ মতে, দেশখনৰ উপসাগৰীয় উপকূলৰ সমীপৰ দক্ষিণৰ দুটা অঞ্চল বান্দাৰ আব্বাছ আৰু ছিৰিকত বিস্ফোৰণৰ শব্দ শুনা গৈছে।

US Iran war I
পুনৰ যুদ্ধ, মাজনিশা ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণ:

আমেৰিকাৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ইৰাণী বাহিনীয়ে বান্দাৰ আব্বাছৰ ওচৰত এয়াৰ ডিফেন্স ছিষ্টেম সক্ৰিয় কৰিছে। কোনাৰাক আৰু চাবাহাৰৰ সমীপতো বিস্ফোৰণৰ শব্দ শুনা যায়। ইৰাণৰ চাবাহাৰৰ কিছু অংশত বিস্ফোৰণৰ শব্দ শুনা পোৱাৰ পিছতে বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে। বুধবাৰে নিশা আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে ইৰাণৰ ওপৰত আক্ৰমণৰ কথা ছ’চিয়েল মিডিয়াত ঘোষণা কৰে। তেওঁলোকৰ এক্স হেণ্ডেলত লিখা আছিল, “ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নিৰ্দেশত আমাৰ বাহিনীয়ে হৰমুজ প্ৰণালীত ইৰাণৰ ওপৰত আক্ৰমণ চলাইছে। তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব লাগিব। ইৰাণৰ এই আক্ৰমণ অযুক্তিকৰ, বিপজ্জনক আৰু যুদ্ধবিৰতিৰ স্পষ্ট উলংঘা। আমেৰিকাৰ সেনাই ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।”

বুধবাৰে ট্ৰাম্পে এই আক্ৰমণৰ কথা ঘোষণা কৰি ইৰাণৰ সৈতে যুদ্ধবিৰতিৰ অন্ত পেলায়। পিছলৈ অৱশ্যে দেশখনৰ সৈতে হোৱা আক্রমণ আৰু প্রত্যাক্রমণৰ ফলস্বৰূপে নতুন যুদ্ধ নহ’ব বুলি কয়৷ তেওঁ বাৰে বাৰে ইৰাণক আক্ৰমণ কৰাৰ ভাবুকি দি আহিছে। কূটনৈতিক অগ্ৰগতিৰ দাবীতো তেওঁ পিছুৱাই গৈছে। বুধবাৰে ট্ৰাম্পে কয়, “আজি ৰাতি আমেৰিকাই ইৰাণক ডাঙৰ আঘাত কৰাৰ সম্ভাৱনা আছে।” যদিও তেওঁ নিজৰ বিবৃতিত স্পষ্ট কৰি দিছে, “শেহতীয়া আক্ৰমণ আৰু প্ৰত্যাক্ৰমণে কোনো দীৰ্ঘম্যাদী ৰূপ নলয়।” ট্ৰাম্পে লগতে কয়, “যি হয়, অতি সোনকালে হ’ব।” অৱশ্যে তেওঁ ইংগিত দিছিল যে আমেৰিকান সেনাই হয়তো তেওঁলোকৰ কাম একেবাৰে শেষ কৰিব পাৰিব।

মঙলবাৰে হৰমুজ প্ৰণালীত তিনিখন মালবাহী জাহাজত আক্ৰমণ কৰা হয়। ইয়াৰ পিছতে আমেৰিকাই দাবী কৰিছিল যে এই আক্ৰমণৰ আঁৰত তেহৰাণ আছে। তাৰে এখন জাহাজ ভাৰতলৈ গৈ আছিল। সেই কাণ্ডৰ কেইঘণ্টামান পিছত বুধবাৰে পুৱাৰে পৰা (স্থানীয় সময় অনুসৰি) ইৰাণৰ ওপৰত একাধিক ক্ষেপণাস্ত্ৰ আক্ৰমণৰ বাতৰি পোৱা গৈছিল। ইয়াৰ প্ৰতিশোধ হিচাপে ইৰাণে বাহৰেইন আৰু কুৱেইটত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহকো আক্ৰমণ কৰে। ইৰাণৰ বিদ্যুৎ কেন্দ্ৰ আৰু ডিচেলাইনেচন প্লাণ্টত আক্ৰমণ কৰি তেল উৎপাদন কেন্দ্ৰ ‘খাৰ্গ দ্বীপ’ অৱৰোধ কৰাৰ হুংকাৰ দিছে ট্ৰাম্পে।

তুৰস্কৰ আংকাৰাত অনুষ্ঠিত নাটোৰ সন্মিলনৰ সময়ত ট্ৰাম্পে কয়, “এই আক্ৰমণসমূহ হৰমুজ প্ৰণালীত বাণিজ্যিক জাহাজত ইৰাণৰ আক্ৰমণৰ প্ৰতিশোধ হিচাপে সংঘটিত কৰা হৈছে। আমি যোৱানিশা অধিক তীব্ৰতাৰে আঘাত কৰিলোঁ। অতি, অতি কঠিন। আজি হয়তো পুনৰ আঘাত পাব। মই তেওঁলোকক অলপ সতৰ্কবাণী দিম, আমি আজি ৰাতি তেওঁলোকক জোৰেৰে আঘাত কৰিবলৈ ওলাইছোঁ।” ট্ৰাম্পে দাবী কৰে যে ইৰাণে জাহাজসমূহত মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰি আছে । তেওঁ কয়, ”তেওঁলোকে অতি বেয়া আচৰণ কৰিছে।”

আফালে ইৰাণে দাবী কৰিছে যে অন্তৱৰ্তীকালীন যুদ্ধবিৰতি চুক্তি অনুসৰি এই প্ৰণালীত যাতায়াত নিয়ন্ত্ৰণ কৰাৰ অধিকাৰ তেওঁলোকৰ আছে। শত্ৰুতা স্থায়ীভাৱে বন্ধ কৰাৰ অন্যতম মূল আলোচনাপন্থী তথা ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফে এক্স হেণ্ডেলত পোষ্ট কৰি লিখিছে, “দাদাগিৰিৰ যুগ শেষ হ’ল। ইয়াত কোনো লাভ নহ’ব। আমি শিৰ নত নকৰো।” আনহাতে, ইৰাণে এই উত্তেজনাপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আগ্ৰহী হৈছে। মধ্যস্থতাকাৰী কাটাৰলৈ বাৰ্তা প্ৰেৰণ কৰিছে। তেহৰানে আলোচনা আৰু সমন্বয় অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: পুনৰ যুদ্ধমাজনিশা ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণ
Share4Tweet3Send

Related Posts

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

by News Desk
August 22, 2026
51
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত
National-International

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

by News Desk
August 22, 2026
51
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

by News Desk
August 22, 2026
51
Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?
National-International

Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

by News Desk
August 22, 2026
52
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ
National-International

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

by News Desk
August 22, 2026
52
MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ
National-International

MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

by News Desk
August 21, 2026
51
ADVERTISEMENT
BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
51
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
58
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত
National-International

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026
51
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d