ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

নিউজ ডেস্কঃ

News Desk by News Desk
August 22, 2026
Reading Time: 1 min read
A A
0
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

RELATED POSTS

Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

Rewant Reddy : তেলেংগানাৰ মুখ্যমন্ত্ৰীক আমেৰিকালৈ যোৱাত বাধা কেন্দ্ৰৰ, লণ্ডনৰ পৰাই দেশলৈ উভতিল ৰেৱন্ত ৰেড্ডী

New Logo Smal 2 | ASSAM TIMES POST

পাহাৰৰ দাঁতিত থিয় হৈ এটি কিশোৰে পিতৃক ভাবুকি দি আছে, “তুমি আগবাঢ়ি আহিলে মই জঁপিয়াই দিম।” কিশোৰজনৰ পিতৃ-মাতৃ কেইফুটমান দূৰৈত থিয় হৈ আছে। তেওঁলোকে বাৰে বাৰে পুত্ৰক পতিয়ন নিয়াবলৈ চেষ্টা কৰি আছে। কিন্তু কিশোৰজনে একো শুনিবলৈ ইচ্ছুক নাছিল। তিনি ঘণ্টা এনেকৈয়ে পাৰ হৈ গ’ল। কিশোৰজনৰ পিতৃ-মাতৃয়ে অনুৰোধ কৰি থাকিল, “তুমি তাৰ পৰা আঁতৰি আহা। এই কাম নকৰিবা।” মাতৃয়ে পুত্ৰৰ লগত কথা পাতি থাকিল। সেই সুযোগতে পিতৃয়ে পুত্ৰক থিয় গৰাৰ পৰা আঁতৰাই টানি আনিবলৈ চেষ্টা কৰিলে। কিন্তু টনা-আঁজোৰাত পিতৃ-পুত্ৰ দুয়োজনেই তলত গৈ পৰে। চকুৰ সন্মুখত পুত্ৰ আৰু স্বামীক খাৱৈত পৰি যোৱা দেখি মহিলাগৰাকীয়েও নিজকে স্থিৰে ৰাখিব নোৱাৰিলে। তেৱোঁ জপিয়াই দিয়ে।

পিছত তিনিওজনৰ মৃতদেহ উদ্ধাৰ (bodies of three were recovered) হয়। মহাৰাষ্ট্ৰৰ ছত্ৰপতি শম্ভাজীনগৰ জিলা (Shambhajinagar district of Maharashtra)ত সংঘটিত হৈছে এই ঘটনা। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, শুকুৰবাৰে পুৱা ১০ বজাত এটি কিশোৰ পাহাৰৰ দাঁতিলৈ গৈছিল। পিতৃ-মাতৃও পিছে পিছে যায়। গাঁওবাসীয়েও কিশোৰজনক পতিয়ন নিয়াই ঘৰলৈ নিবলৈ আহিছিল। তেওঁৰ কিবা এটা হ’লে পিতৃ-মাতৃৰ কি হ’ব, তেওঁলোকৰ ভৱিষ্যত কি হ’ব ইত্যাদি বিভিন্ন ধৰণে তেওঁক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যদিও কিশোৰজনে নিজৰ সিদ্ধান্তত অটল হৈ থাকে। তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয়। তেওঁক বচাবলৈ চেষ্টা কৰি থাকোঁতে পিতৃ আৰু পুত্ৰ দুয়োজনেই তলত পৰে। লগে লগে কিশোৰজনৰ মাতৃয়েও জঁপিয়াই দিয়ে।

maha | ASSAM TIMES POST
আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে এটা আইফোনৰ বাবে (incident happened for the iPhone)। আইফোনৰ কিস্তিক লৈ সৃষ্টি হোৱা পাৰিবাৰিক অশান্তিৰ এয়া এক ভয়াৱহ পৰিণতি। যাৰ ফলত ১৮ বছৰীয়া এটি কিশোৰৰ আত্মহত্যাৰ প্ৰচেষ্টাক কেন্দ্র কৰি মৃত্যু হয় একেটা পৰিয়ালৰ তিনিজন সদস্যৰ।

আৰক্ষী সূত্রে জানিব পৰা মতে, মৃত কিশোৰজনৰ নাম কুণাল চন্দগুড়ে (Name of the dead teenager is Kunal Chandgude)। তেওঁৰ পিতৃ মূৰলীধৰ চন্দগুড়ে (৪৮) পেছাত এগৰাকী গাড়ীচালক আৰু পৰিয়ালটোৰ একমাত্র উপার্জনকাৰী আছিল। আনহাতে, মাতৃৰ নাম সঙ্গীতা চন্দগুড়ে।

আৰক্ষীৰ দাবী, কুণালে এটি আইফোন কিনিছিল। ফোনটিৰ কিস্তি মাৰিবৰ বাবে তেওঁ ঘৰৰ পৰা টকা বিচাৰিছিল। কিন্তু পৰিয়ালটোৰ আর্থিক অৱস্থা ভাল নোহোৱাত পিতৃয়ে সেই টকা দিব পৰা নাছিল। তাৰ পৰাই ঘৰখনত অশান্তি আৰম্ভ হয়। পিতৃৰ সৈতে কাজিয়া লাগি কুণাল ঘৰৰ পৰা ওলাই খাভদ্যা পাহাৰলৈ গুচি যায়। শুকুৰবাৰে পুৱা ১০ বজাত তেওঁ পাহাৰখনত উঠি তাৰ জঁপিয়াই নিজৰ জীৱন শেষ কৰাৰ ভাবুকি দি থাকে। খবৰ পোৱা মাত্ৰে পিতৃ-মাতৃও তাত গৈ উপস্থিত হয়। লগতে স্থানীয় লোক, আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীও ঘটনাস্থলীত উপনীত হয়। কিন্তু সকলোৰে সন্মুখতে এই কৰুণ ঘটনাটি সংঘটিত হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Maharashtraiphonecase
Share4Tweet3Send

Related Posts

Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?
National-International

Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

by News Desk
August 22, 2026
50
MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ
National-International

MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

by News Desk
August 21, 2026
51
Rewant Reddy : তেলেংগানাৰ মুখ্যমন্ত্ৰীক আমেৰিকালৈ যোৱাত বাধা কেন্দ্ৰৰ, লণ্ডনৰ পৰাই দেশলৈ উভতিল ৰেৱন্ত ৰেড্ডী
National-International

Rewant Reddy : তেলেংগানাৰ মুখ্যমন্ত্ৰীক আমেৰিকালৈ যোৱাত বাধা কেন্দ্ৰৰ, লণ্ডনৰ পৰাই দেশলৈ উভতিল ৰেৱন্ত ৰেড্ডী

by News Desk
August 21, 2026
51
Sajjan Kumar dies : তিহাৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ মৃত্যু
National-International

Sajjan Kumar dies : তিহাৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ মৃত্যু

by News Desk
August 21, 2026
51
Jharkhand protest : একপক্ষীয়ভাৱে পৰীক্ষা কিয় বাতিল কৰা হৈছে ? হেমন্ত ছোৰেন চৰকাৰৰ সিদ্ধান্তত স্থগিতাদেশ ৰাঁচী উচ্চ ন্যায়ালয়ৰ
National-International

Hemant Soren Govt : পৰীক্ষা বাতিলৰ সিদ্ধান্তত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশত ক্ষুব্ধ চাকৰি প্ৰত্যাশী, পুনৰ আন্দোলনৰ আহ্বান

by News Desk
August 21, 2026
51
CJP Protest : পঁইতাচোৰাৰ আন্দোলন বন্ধ কৰিবলৈ আৰক্ষীৰ বল প্ৰয়োগৰ অভিযোগ তদন্তৰ কমিটী গঠন উচ্চতম ন্যায়ালয়ৰ
National-International

CJP Protest : পঁইতাচোৰাৰ আন্দোলন বন্ধ কৰিবলৈ আৰক্ষীৰ বল প্ৰয়োগৰ অভিযোগ তদন্তৰ কমিটী গঠন উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 21, 2026
51
ADVERTISEMENT
Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?
National-International

Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

August 22, 2026
50
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ
National-International

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

August 22, 2026
50
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

August 21, 2026
52
MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ
National-International

MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

August 21, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

August 22, 2026
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

August 22, 2026
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

August 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d