
সমগ্ৰ দেশতে কাৰিকৰী শিক্ষাৰ গুণগত মান আৰু আন্তঃগাঁথনি পৰীক্ষা কৰি এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদে। পৰিষদে প্ৰদান কৰা তথ্য অনুসৰি, ২০২৫-২০২৬ শিক্ষাবৰ্ষত দেশৰ ৫৮ খন অভিযান্ত্ৰিক আৰু কাৰিকৰী মহাবিদ্যালয় বিভিন্ন কাৰণত বন্ধ কৰা হৈছে।

ইয়াৰ উপৰি সমগ্ৰ দেশৰ কাৰিকৰী মহাবিদ্যালয়সমূহত চলি থকা ৯৫০টাতকৈও অধিক পাঠ্যক্ৰম বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। সৰ্বভাৰতীয় সংবাদ মাধ্যমতো একেধৰণৰ খবৰ প্ৰকাশ পাইছে।
ইতিমধ্যে এই মহাবিদ্যালয়সমূহত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ চিন্তা কৰাৰ কোনো কাৰণ নাই বুলি এআইচিটিইয়ে আশ্বাস দিছে। কোনো সমস্যা নোহোৱাকৈ তেওঁলোকে ডিগ্ৰী সম্পূৰ্ণ কৰিব পাৰিব।
এআইচিটিইৰ এজন শীৰ্ষ বিষয়াই কয়, “২০২৫-২৬ শিক্ষাবৰ্ষত মুঠ ৫৮ খন ইঞ্জিনিয়াৰিং আৰু টেকনিকেল কলেজ ‘প্ৰগ্ৰেচিভ ক্লোজাৰ’ বা পৰ্যায়ক্ৰমিকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। অৰ্থাৎ চলিত শিক্ষাবৰ্ষৰ পৰা প্ৰথম বৰ্ষত এই মহাবিদ্যালয়সমূহে নামভৰ্তি ল’ব নোৱাৰিব। অৱশ্যে বৰ্তমান তাত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্যক্ৰম সম্পূৰ্ণ নোহোৱালৈকে কলেজসমূহ কাৰ্যক্ষম হৈ থাকিব।” পৰিষদৰ পৰিসংখ্যা অনুসৰি, তালিকাত থকা এই ৫৮ খন শিক্ষানুষ্ঠানৰ অধিকাংশই ব্যক্তিগত। মাত্ৰ ৩ খন চৰকাৰী সাহায্যপ্ৰাপ্ত মহাবিদ্যালয়। বাকী ৫৫ খনসম্পূৰ্ণৰূপে ব্যক্তিগত পুঁজিৰে চলি আছে।
আনহাতে, পৰিষদে ৰাজ্যভিত্তিক তালিকাও প্ৰকাশ কৰিছে। ইয়াৰ পৰা দেখা যায় যে উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰ এই তালিকাৰ শীৰ্ষত আছে। এই তালিকা অনুসৰি উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ১২ খন, মধ্যপ্ৰদেশৰ ৮ খন, তেলেংগানা আৰু পঞ্জাবৰ ৪ খন, অন্ধ্ৰপ্ৰদেশ আৰু ৰাজস্থানৰ ৩ খন, গুজৰাট, তামিলনাডু আৰু কৰ্ণাটকৰ ২ খনকৈ, পশ্চিমবংগ, ওড়িশা, উত্তৰাখণ্ড আৰু হাৰিয়ানাৰ এখনকৈ কলেজ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
উল্লেখ্য যে এআইচিটিইয়ে দেশৰ অভিযান্ত্ৰিক, স্থাপত্য, পৰিচালনা আৰু ফাৰ্মাচী শিক্ষাৰ গুণগত মান আৰু আন্তঃগাঁথনি নিয়ন্ত্ৰণ কৰে। পৰিষদে জনোৱা মতে, মূলতঃ কিছু অৱহেলাৰ বাবেই এই মহাবিদ্যালয়সমূহ বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে।
ইয়াৰ কাৰণসমূহ হৈছে মহাবিদ্যালয়সমূহত পৰ্যাপ্ত ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি নকৰা, এআইচিটিইৰ নিয়ম অনুসৰি নিৰ্দিষ্ট সংখ্যক যোগ্য শিক্ষক বা ফেকাল্টি নথকা আৰু উন্নত আন্তঃগাঁথনি আৰু পৰিচালনাৰ বাবে পৰিষদৰ নীতি-নিয়ম পালন নকৰা।











