ASSAM TIMES POST
নিউজ ডেস্ক: ডুবাইত এছিয়ান ক্ৰিকেট কাউন্সিলৰ সভা মঙলবাৰে অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু ক’ৰ’ণা ভাইৰাছৰ আতংকত তৎকালীনভাৱে সেই সভা বাতিল কৰা হৈছে৷ আনহাতে ইডেন গাৰ্ডেনত পশ্চিম বংগ আৰু কৰ্ণাটকৰ মাজত ৰঞ্জী ট্ৰফীৰ ছেমিফাইনেল মেচখন অনুষ্ঠিত হ’ব৷ এইখন মেচ চাব সৌৰভ গাংগুলীয়ে৷
এছিয়া কাপৰ খেল ক’ত হ’ব তাকে চূড়ান্ত কৰাৰ উদ্দেশ্যে ডুবাইৰ সভাখন আয়োজন কৰা হৈছিল৷ এই সভাত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ তিনিজন কৰ্মকৰ্তা ক্ৰমে সভাপতি সৌৰভ গাংগুলী, সচিব জয় শ্বা আৰু কোষাধ্যক্ষ অৰুণ সিং ধুমাল উপস্থিত থকাৰ কথা আছিল৷ এই প্ৰসংগত সৌৰভ গাংগুলীয়ে কয়, ক’ৰ’ণা ভাইৰাছক লৈ আতংকৰ বাবেই এই সভা স্থগিত ৰখা হৈছে৷
চলিত মাহৰ শেষত আই চি চিৰ এখন সভা অনুষ্ঠিত হ’ব৷ তাত সকলো দেশৰ প্ৰতিনিধি থাকিব৷ সেই সময়ৰ আগে পিচে এছিয়ান ক্ৰিকেট কাউন্সিলৰ সভা অনুষ্ঠিত হ’ব৷ কিছু দিনৰ আগেয়ে সৌৰভ গাংগুলীয়ে কৈছিল, ভাৰত আৰু পাকিস্তানৰ মাজত এই টুৰ্ণামেণ্টৰ খেল এইবাৰ ডুবাইতে হ’ব৷













