ASSAM TIMES POST
গুৱাহাটী : গুৱাহাটীৰ ৰে’ল ষ্টেচনত মংগলবাৰে ৰেল আৰক্ষীয়ে জব্দ কৰে ১০টাকৈ বস্তা।কুৰিয়াৰ কৰিবলৈ অনা বস্তা কেইটাৰ ৪টা বেগত আছিল টকা, সোণৰ লগতে ছিলভাৰ ষ্টিক। দুজন যুৱকে বেগ কেইটা কুৰিয়া কৰিবলৈ আনোতে কুৰিয়াত কৰ্মৰত অৱস্থাত থকা কৰ্মচাৰীয়ে সোধ-পোচ কৰাত কুৰিয়াৰ অফিচৰ পৰা পলায়ণ কৰে ধৃত যুৱক দুজন।

উল্লেখ যে আৰক্ষীয়ে দিনৰ ১২বজাত বেগ ১০টা জব্দ কৰি টকা গণনা কৰাৰ পাছত সৰ্বমুঠ ৪লাখ ৮৮হাজাৰ ৯০০টকা জব্দ কৰিবলৈ সক্ষম হয়। ইয়াৰে ৪হাজাৰ ৯০০টকা খুচুৰা।ইয়াৰোপৰি ৰে’ল সুৰক্ষা আৰক্ষীয়ে ৫কেজি ১০০গ্ৰাম ছিলভাৰ ষ্টিক আৰু দুটা পেকেটত ৩১ যোৰ সোণৰ খাৰু জব্দ কৰিবলৈ সক্ষম হয়। আনহাতে বাকী ৬টা বেগত আৰক্ষীয়ে শাৰীৰ লগতে কাপোৰ উদ্ধাৰ কৰে।বৰ্তমান আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।













