
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ’ পোষ্ট (Modi’s video post) সাময়িকভাৱে ডিলিট (Temporarily delete) কৰাৰ পিছতে বিতৰ্কত সোমাই পৰা মেটাৰ মুৰব্বী মাৰ্ক জুকাৰবাৰ্গে (Mark Zuckerberg) অৱশেষত ক্ষমা বিচাৰিলে। অৱশ্যে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বাবে নহয়, অন্যান্য বিষয়ৰ বাবেহে।
মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে ছ’চিয়েল মিডিয়াত বিয়পি পৰা কাৰ্যকৰী ভুল আৰু শিশু যৌন নিৰ্যাতনৰ সৈতে জড়িত তথ্যৰ বাবে দুখ প্ৰকাশ কৰিছে। চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি বুধবাৰে বিভিন্ন সংবাদ মাধ্যমে এই কথা প্ৰকাশ কৰিছে। বিভিন্ন প্ৰতিবেদন অনুসৰি, চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি কেন্দ্ৰৰ সৈতে হোৱা উচ্চ পৰ্যায়ৰ আলোচনাত মেটাৰ মুখ্য কাৰ্যবাহী বিষয়াই শিশু যৌন নিৰ্যাতন (CSAM) আৰু ডীপফেক কনটেণ্ট (মূলতঃ ভিডিঅ’) বিয়পোৱাৰ সন্দৰ্ভত তেওঁলোকৰ ভুল স্বীকাৰ কৰে।

জুকাৰবাৰ্গে কয় যে তেওঁলোকৰ কোম্পানীটোৰ প্লেটফৰ্মত কাৰ্যকৰী ভুল হৈছে। ভৱিষ্যতে এই বিষয়ে অধিক সাৱধান হ’ব। ইলেক্ট্ৰ’নিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ৰ বিষয়াসকলৰ সৈতে মেটাৰ শীৰ্ষ নেতৃত্বৰ এখন বৈঠক অনুষ্ঠিত হয়। তাতে মেটা নিয়ন্ত্ৰিত ছ’চিয়েল মিডিয়া প্লেটফৰ্মত কিছুমান বিশেষ বিষয়বস্তুৰ প্ৰচাৰত চৰকাৰে আপত্তি প্ৰকাশ কৰে। বিভিন্ন বিষয়ত তেওঁলোকে তীব্ৰ প্ৰশ্ন আৰু সমালোচনা কৰা বুলি দাবী কৰে। ছ’চিয়েল মিডিয়াত শিশুৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব বুলিও মেটাক কোৱা হৈছে। সংশ্লিষ্ট প্লেটফৰ্মসমূহে শিশু নিৰ্যাতনৰ বিষয়বস্তুৰ বিজ্ঞাপন দি ধন উপাৰ্জন কৰিব নোৱাৰিব আৰু এই সন্দৰ্ভত তেওঁলোকে পিছত কোনো সুৰক্ষা দাবী কৰিব নোৱাৰিব। অৱশ্যে ‘কনটেণ্ট মডাৰেচন’ৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ আলোচনাত প্ৰধানমন্ত্ৰী মোদীৰ ভিডিঅ’ আঁতৰোৱাৰ কোনো উল্লেখ নাছিল বুলি খবৰ ওলাইছে।
মেটাই এই প্লেটফৰ্ম পৰিচালনাৰ ক্ষেত্ৰত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে। তেওঁলোকে নিজৰ বিশেষজ্ঞসকলৰ সৈতে ভাৰতীয় আইন মানি চলাৰ লগতে কিছু নতুন বিষয়বস্তু যোগ কৰাৰ বিষয়ে আলোচনা কৰিব। বৃহস্পতিবাৰে চৰকাৰৰ সৈতে তেওঁলোকৰ আন এক বিশদ আলোচনা হ’ব পাৰে।











