
তেওঁৰ পিতৃ নিৰ্দোষী। যোৱা ১৩ বছৰ ধৰি প্ৰমাণ পৰীক্ষা কৰি তেওঁ এই কথা পতিয়ন গৈছে। এই দাবী তৰুণ তেজপালৰ (Tarun Tejpal) কন্যা কাৰা তেজপালৰ (Daughter Kara Tejpal’s)। বম্বে উচ্চ ন্যায়ালয়ে ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত কৰিছে তৰুণ তেজপালক। কাৰাৰ কাতৰ অনুৰোধ, সকলোৱে শিৰোনাম নোচোৱাকৈ তেওঁৰ দৰে প্ৰমাণ পৰীক্ষা কৰক। এই ঘটনাত তেওঁ বিজেপিলৈ আঙুলিয়াই দি পিতৃয়ে প্ৰতিষ্ঠা কৰা টেহেলকাই বিজেপিৰ বিভিন্ন সমস্যা উদঙাই দিছিল বুলি দাবী কৰে।
যোৱা বৃহস্পতিবাৰে বম্বে উচ্চ ন্যায়ালয়ে তেজপালক ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। আনহাতে, ইয়াৰ বিৰুদ্ধে তেওঁ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলিও কয়। ‘ৰাজনীতিৰ বলি’ (Victim of politics) হোৱা বুলিও তেওঁ কয়। এইবাৰ কন্যা কাৰাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰে, “টেহেলকাৰ সাংবাদিকতা আছিল স্বাধীন আৰু নিৰ্ভীক, যিটো আগতে দেখা পোৱা হোৱা নাছিল। গতিকে ৰাষ্ট্ৰৰ ক্ৰোধ ইয়াৰ প্ৰতিষ্ঠাপক মোৰ পিতৃৰ ওপৰত পৰিল।”
কাৰাই লগতে লিখিছে, ”তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল। তেওঁক ধৰ্ষণকাৰী হিচাপে চিত্ৰিত কৰাতকৈ তেওঁক নীৰৱ কৰি ৰখাৰ ইয়াতকৈ উত্তম উপায় আৰু কি হ’ব পাৰে? সুন্দৰ পদক্ষেপ। যিসকলে প্ৰশ্ন উত্থাপন কৰিবলৈ সাহস কৰিব তেওঁলোকে নৈতিক লোকৰ ক্ৰোধৰ সন্মুখীন হ’ব।”

বম্বে উচ্চ ন্যায়ালয়ে ২০১৩ চনৰ ধৰ্ষণ কাণ্ডত সংবাদ মাধ্যমটোৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। তেৰ বছৰ পূৰ্বে তেজপালৰ বিৰুদ্ধে গোৱাৰ হোটেলৰ লিফটত সেই সময়ত টেহেলকাত কৰ্মৰত এগৰাকী যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। ২০১৭ চনত গোৱাৰ নিম্ন আদালতে তেজপালক নিৰ্দোষী ঘোষণা কৰিছিল। সেই ৰায়ৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল। বৃহস্পতিবাৰে ন্যায়াধীশ নীলা গোখলে আৰু অমিত জামছাণ্ডেকাৰৰ খণ্ড বিচাৰপীঠে নিম্ন আদালতৰ ৰায় বাতিল কৰে। লগতে আত্মসমৰ্পণ কৰিবলৈ তেজপালক দুসপ্তাহৰ সময় দিয়া হৈছে।
২০১৩ চনৰ নৱেম্বৰ মাহত গোৱাৰ এখন বিলাসী হোটেলত টেহেলকাৰ অনুষ্ঠানৰ সময়ত তেজপালে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল এগৰাকী যুৱতীয়ে। তদন্তৰ অন্তত গোৱা আৰক্ষীয়ে জনোৱা মতে, একেৰাহে দুদিন অৰ্থাৎ ৭ আৰু ৮ নৱেম্বৰত যুৱতীগৰাকীক আক্ৰমণ কৰা হৈছিল। হোটেলখনৰ চিচিটিভি ফুটেজতো তেওঁৰ অভিযোগৰ সৈতে মিল আছে। যোৱা ৩০ নৱেম্বৰত গ্ৰেপ্তাৰ হোৱা তেজপালক গোৱাৰ ভাস্কোৰ এখন কাৰাগাৰত ছমাহ কাৰাবন্দী কৰি ৰখা হৈছিল। গোৱাত বিজেপি চৰকাৰক সমালোচনা কৰাৰ প্ৰতিশোধ হিচাপে ৰাজ্য চৰকাৰে ধৰ্ষণৰ গোচৰ ৰুজু কৰা বুলি দাবী কৰে।
২০১৪ চনত গোৱা অপৰাধ শাখাই প্ৰায় ৩০০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিছিল। সেই বছৰৰ জুলাই মাহত তেজপালে উচ্চতম ন্যায়ালয়ত আবেদন কৰি জামিন লাভ কৰে। তিনি বছৰৰ পাছত পুনৰ শুনানি আৰম্ভ হয়। ২০১৭ চনত আদালতে তেজপালৰ বিৰুদ্ধে ধৰ্ষণ, যৌন নিৰ্যাতন আৰু অশ্লীল নিৰ্যাতনৰ অভিযোগ দাখিল কৰিছিল। ২০১৯ চনত তেজপালে আদালতৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল, এফআইআৰ বাতিল কৰিবলৈ দাবী জনাইছিল। উচ্চতম ন্যায়ালয়ে এই আবেদন নাকচ কৰি গোচৰটো পুনৰ গোৱা আদালতলৈ প্ৰেৰণ কৰে। ২০২১ চনত ছেছন আদালতে তেজপালৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খাৰিজ কৰি দোষমুক্ত কৰে। গোৱা চৰকাৰে এই ৰায়ক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনায়, য’ত তেজপালক দোষী সাব্যস্ত কৰা হয়।













