বোকাখাতঃ ক্ৰমে বানপানী কমি আহিছে যদিও এতিয়াও বিপদমুক্ত হোৱা নাই বান বিধ্বস্ত কাজিৰঙাৰ বন্যপ্ৰাণী। আজি দুপৰীয়া বানত উটি অহা প্ৰায় দুমহীয়া এটি মাইকী গঁড় পোৱালি উদ্ধাৰ কৰা হয় কাজিৰঙাৰ বাগৰি ৰেঞ্জৰ পৰা। বানত ককবকাই উটি অহা গঁড় পোৱালিটোক বাগৰি ৰেঞ্জৰ বনাঞ্চলিক বিষয়া পংকজ বৰা আৰু পাণবাস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ কেন্দ্ৰ, চমুকৈ CWRCৰ পশু চিকিৎসা বিষয়া ডাঃ প্ৰাণজিৎ বসুমতাৰীৰ নেতৃত্বাধীন বন বিভাগ আৰু CWRCৰ যুটীয়া প্ৰচেষ্টাত উদ্ধাৰ কৰি CWRCলৈ প্ৰেৰণ কৰা হয়। বৰ্তমান বন্যাৰ্ত গঁড় পোৱালিটোক পশু চিকিৎসা বিশেষজ্ঞৰ পৰ্য্যবেক্ষণত ৰখা হৈছে আৰু বিশেষ তদাৰকেৰে চিকিৎসাৰম্ভ কৰা হৈছে। গঁড় পোৱালিটোৰ স্বাস্থ্যৰ বিষয়ে এতিয়াও বিশেষ ক’ব পৰা নাযায় বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে।













