ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত
অসমৰ নাট্য জগতৰ অন্যতম কলা সংস্কৃতিৰ অনুষ্ঠান সাৰথি নাট্যগোষ্ঠী, বোকাখাতৰ উদ্যোগত বোকাখাতৰ খতিয়াখলিৰ যুৱ সংঘ নাট্যমন্দিৰত বিগত বৰ্ষকেইটাৰ দৰেই এইবাৰো অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে নাট সমাৰোহ। অহা২১ মাৰ্চৰ সন্ধিয়া অনুষ্ঠিত হব লগা নাট সমাৰোহলৈ চলিত বৰ্ষৰ অসমৰ বিভিন্ন ঠাইত হোৱা নাট প্ৰতিযোগিতাৰ বিভিন্ন শিতানত শ্ৰেষ্ঠত্ব অৰ্জন কৰা তিনিখন পুৰস্কাৰপ্ৰাপ্ত সফল নাটকক আমন্ত্ৰণ কৰা হৈছে।

সেই সমূহৰ ভিতৰত বোকাখাত সাৰথি নাট্যগোষ্ঠীৰ নিবেদনত ৰনাল্ড হুছেইনৰ পৰিচালনাত নাট্যকাৰ অমৰ শৰ্মাৰ “পেণ্ডুলাম”, নিবেদন নগাঁৱৰ নিবেদনত জ্যোতিপ্ৰসাদ ভূঞাৰ পৰিচালনাত নাট্যকাৰ নিজৰা ৰাজকুমাৰীৰ “বেলিয়ে কোৱা সাধু” আৰু বিশ্বনাথ চাৰিআলিৰ গামোচা নাট্যদলৰ শশীন্দ্ৰ শৰ্মাৰ পৰিচালনাত নাট্যকাৰ অচ্যুৎ চুতীয়াৰ “এটা প্ৰশ্নবোধক”। সন্ধ্যা ৭ বজাৰ পৰা অনুষ্ঠিত হব লগা নাট্যসন্ধ্যাৰ বন্তি প্ৰজ্বলন কৰিব বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে আৰু মঞ্চ উদ্বোধন কৰিব অসমৰ প্ৰথিতযশা নাটক আৰু চলচ্চিত্ৰৰ অভিনেতা অৰুণ হাজৰিকাই।
এই অনুষ্ঠানতে কেইবাটিও সম্বৰ্ধনা কাৰ্যসূচীও ৰাখিছে বুলি আয়োজক সকলে জনাইছে। নাট্যপ্ৰেমী ৰাইজৰ সহায় সহযোগ আন্তৰিকতাৰে কামনা কৰি সকলোকে নিমন্ত্ৰণ জনাইছে সাৰথি নাট্যগোষ্ঠী সভাপতি ৰিপুঞ্জয় দত্ত আৰু সম্পাদকদ্বয় ৰূপম শইকীয়া আৰু পংকজ হাজৰিকাই।













