ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Nepal floods : ত্ৰিশূলী নদীত মাছ নধৰিবলৈ বিহাৰ প্ৰশাসনৰ নিৰ্দেশ, নেপালত উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ১১২৭ লৈ বৃদ্ধি

নিউজ ডেস্কঃ

News Desk by News Desk
September 2, 2026
Reading Time: 1 min read
A A
0
Nepal floods : ত্ৰিশূলী নদীত মাছ নধৰিবলৈ বিহাৰ প্ৰশাসনৰ নিৰ্দেশ, নেপালত উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ১১২৭ লৈ বৃদ্ধি

RELATED POSTS

DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ

Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

Putin India visit : তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, শুকুৰবাৰে মোদীৰ সৈতে সাক্ষাৎ

New Logo Smal 4 | ASSAM TIMES POST

নেপালৰ আকস্মিক বানৰ (Nepal floods) প্ৰভাৱ সীমান্তৰ পাৰ হৈ ভাৰততো পৰিছে। নেপালৰ পৰা বহু নদী ভাৰতত প্ৰৱেশ কৰিছে। আকস্মিক বানৰ ফলত ক্ষতিগ্ৰস্ত নদীৰ মাছবোৰ বিহাৰত প্ৰৱেশ কৰিছে, সেইবোৰ খোৱাটো বিপজ্জনক। আকস্মিক বানৰ বাবে নদীখনৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। আৰু ফলস্বৰূপে বহুতো অচিনাকি প্ৰজাতিৰ মাছ দেখা পোৱা গৈছে। কেৱল সেয়াই নহয়, সেই মাছ খাই বহু লোক অসুস্থও হৈ পৰিছে। ইয়াৰ পিছত এই নিষেধাজ্ঞা ৰাজহুৱা কৰিলে বিহাৰ চৰকাৰে (Bihar Govt.)।

বানৰ পানীত ওপঙি থকা মাছ ধৰা, বিক্ৰী (Fishing, selling) আৰু খোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছে বিহাৰৰ পশু আৰু মীন বিভাগে। গাইডলাইনত উল্লেখ আছে যে বানৰ ফলত প্ৰদূষিত নলা, মৃত জীৱ-জন্তু বা অন্যান্য প্ৰদূষক পদাৰ্থৰ সৈতে দীৰ্ঘদিন সংস্পৰ্শলৈ অহাৰ বাবে সেই মাছৰ শৰীৰত বেক্টেৰিয়া আৰু ভাইৰাছৰ সম্ভাৱনা থাকে। ফলত সেই মাছবোৰ খাই বেমাৰ হোৱাৰ আশংকা বেছি। সেয়ে বিহাৰ চৰকাৰে পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে বানৰ পানীত ওপঙি থকা মাছ নাখাবলৈ পৰামৰ্শ দিছে।

বিহাৰ চৰকাৰে গাইডলাইনত কেতবোৰ সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে। তেওঁলোকৰ পৰামৰ্শ যে সংশ্লিষ্ট বিভাগে পৰীক্ষা নকৰালৈকে বানৰ পানীত ওপঙি থকা অচিনাকি মাছ খাব নালাগে। অচিনাকি মাছ দেখা পালে সংশ্লিষ্ট বিভাগ বা স্থানীয় প্ৰশাসনক অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কিন্তু সেই মাছবোৰ খাই যদি কোনো লোক অসুস্থ হৈ পৰে তেন্তে চৰকাৰে ততাতৈয়াকৈ চিকিৎসকৰ পৰামৰ্শ ল’বলৈ কৈছে।

fisha | ASSAM TIMES POST
ত্ৰিশূলী নদীত মাছ নধৰিবলৈ বিহাৰ প্ৰশাসনৰ নিৰ্দেশ, নেপালত উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ১১২৭ লৈ বৃদ্ধি

নেপাল দুৰ্যোগৰ পিছৰে পৰা কোশী আৰু গণ্ডক নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। বিহাৰত ওপঙি আছে বহু মৃত মাছ। ইয়াৰ সমান্তৰালকৈ নদীৰ তলত আৱৰ্জনাও বৈ আছে। বিহাৰৰ নদীতো পলস আৰু বোকাৰ সোঁত দেখা গৈছে। বিহাৰ চৰকাৰে সেই নদীৰ পানীত কোনো কাম কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে।

বিশেষজ্ঞসকলৰ মতে, বানৰ দূষিত পানী টিউবৱেল, কুঁৱাৰ দৰে খোৱাপানীৰ উৎসৰ সৈতে মিহলি হৈ আছে। ফলত ডায়েৰিয়া, কলেৰা আদি ৰোগ দ্ৰুতগতিত বিয়পিব পাৰে। দূষিত পানী খোৱাতো টাইফয়েডৰ আশংকা থাকে। ইয়াৰ বাহিৰেও দূষিত স্থবিৰ পানীৰ পৰা ডেংগু, মেলেৰিয়াৰ দৰে ৰোগৰ আশংকা থাকে। পৰিৱৰ্তিত পৰিস্থিতিৰ বাবে নেপালৰ সীমান্তৱৰ্তী বিহাৰৰ বিভিন্ন প্ৰান্তত পশ্চিম-পূব চম্পাৰণ, সীতামৰ্হি, কিষাণগঞ্জ, পূৰ্ণিয়াকে ধৰি বিভিন্ন ঠাইত সাৱধানতাৰ পৰামৰ্শ দিয়া হৈছে। চৰকাৰে জনাইছে যে নেপালৰ সীমান্তৱৰ্তী বিহাৰৰ সাতখন জিলাৰ পানীত উচ্চ মাত্ৰাৰ আইৰণ পোৱা গৈছে।

২৬ আগষ্টত নেপালত সংঘটিত হোৱা আকস্মিক বানৰ পিছৰে পৰা বুধবাৰে পুৱালৈকে ১১২৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই কথা প্ৰকাশ কৰিছে নেপাল আৰক্ষীয়ে। এতিয়াও চলি আছে উদ্ধাৰ অভিযান। নেপাল আৰক্ষীয়ে দিয়া তথ্য অনুসৰি, এতিয়াও সন্ধানহীন হৈ আছে ৪,৮৫৮জন লোক।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: FishinTrishuliRiver
Share4Tweet3Send

Related Posts

DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ
National-International

DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ

by News Desk
September 11, 2026
50
Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ
National-International

Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

by News Desk
September 11, 2026
50
Putin India visit : তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, শুকুৰবাৰে মোদীৰ সৈতে সাক্ষাৎ
National-International

Putin India visit : তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, শুকুৰবাৰে মোদীৰ সৈতে সাক্ষাৎ

by News Desk
September 11, 2026
50
Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন
National-International

Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

by News Desk
September 10, 2026
52
Climate Change : জলবায়ু পৰিৱৰ্তনৰ শোচনীয় প্ৰভাৱ পৰিব পাৰে বিশ্বৰ ছয়খন চহৰত, তালিকাত আছে ভাৰতৰো দুখন চহৰ
National-International

Climate Change : জলবায়ু পৰিৱৰ্তনৰ শোচনীয় প্ৰভাৱ পৰিব পাৰে বিশ্বৰ ছয়খন চহৰত, তালিকাত আছে ভাৰতৰো দুখন চহৰ

by News Desk
September 10, 2026
55
BRICKS Summit 2026 : ৭ বছৰ পাছত চীনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ, শনিবাৰে মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা
National-International

BRICKS Summit 2026 : ৭ বছৰ পাছত চীনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ, শনিবাৰে মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা

by News Desk
September 10, 2026
51
ADVERTISEMENT
Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
NORTHEAST

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

September 11, 2026
50
DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ
National-International

DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ

September 11, 2026
50
Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ
National-International

Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

September 11, 2026
50
Putin India visit : তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, শুকুৰবাৰে মোদীৰ সৈতে সাক্ষাৎ
National-International

Putin India visit : তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, শুকুৰবাৰে মোদীৰ সৈতে সাক্ষাৎ

September 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

September 11, 2026
DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ

DGCA on Drugs test : জুলাই মাহৰ ভিতৰত দেশৰ সকলো পাইলটে ড্ৰাগছ টেষ্ট কৰিব লাগিব, ঘোষণা ডিজিচিএৰ

September 11, 2026
Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

September 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d