
ভাৰতে (India) কেতিয়াও মহাশক্তিধৰ ৰাষ্ট্ৰ হোৱাৰ কোনো ইচ্ছা প্ৰকাশ কৰা নাই। সেইবাবেই ই মহাশক্তিলৈ পৰিণত হোৱা নাই। সোমবাৰে কানাডাৰ টৰণ্টোত আয়োজিত ‘হিন্দু বিশ্ব বন্ধু’ সভাত এই কথা দাবী কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে । ইয়াৰ লগতে তেওঁ মন্তব্য কৰে, “মানৱতা আৰু নিজৰ সংস্কৃতিৰ সেৱাৰ বাবে ভাৰত আজি বিশ্বগুৰুৰ মৰ্যাদাত প্ৰতিষ্ঠিত হৈছে।”
টৰণ্টোৰ (Toronto) সভাত ভাগৱতে (Mohan Bhagawat) কয়, “ভাৰতক মহাশক্তি বুলি ক’ব পাৰে, কিন্তু ভাৰত নহয়। ভাৰতে বিশ্বৰ সেৱা কৰিছে আৰু সেই কামৰ ফলত ই মহাশক্তি নহয়, বিশ্বগুৰু হৈ পৰিছে।” আৰএছএছৰ মুৰব্বীগৰাকীয়ে দাবী কৰে যে ভাৰতৰ চিৰন্তন পৰম্পৰা সমগ্ৰ বিশ্বতে আধিপত্য বিস্তাৰ কৰা নহয়, বৰঞ্চ বন্ধুত্বৰ বান্ধোনত মুক্ত সামাজিক ব্যৱস্থা গঢ়ি তোলা। ভাগৱতে দাবী কৰে যে ভাৰতীয় বা হিন্দুৱে ইতিহাসৰ কোনো সময়ত কেতিয়াও আন কোনো দেশক আক্ৰমণ বা জয় কৰা নাই আৰু কাকো ধৰ্মান্তৰিত কৰা নাই। তেওঁ কয়, “মেক্সিকোৰ পৰা চাইবেৰিয়ালৈকে- তেওঁলোকে য’তেই গৈছে, তেওঁলোকে গণিত, আয়ুৰ্বেদৰ অনুশীলন আৰু মানৱীয় মূল্যবোধৰ প্ৰতীক সৃষ্টি কৰিছে।”

ভাৰতৰ মানৱীয় মূল্যবোধৰ উদাহৰণ দিবলৈ গৈ ভাগৱতে পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ সময়ত ভাৰতীয়ৰ লগতে আন দেশৰ নাগৰিকক, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পোলেণ্ডত শৰণাৰ্থীক আশ্ৰয় দিয়াৰ পৰা উদ্ধাৰৰ কথাও উল্লেখ কৰে। তেওঁ কয়, “বিপন্ন মানুহৰ কাষত থিয় হোৱাটো ভাৰতৰ এক চিৰন্তন পৰম্পৰা।”
উল্লেখ্যে যে ১৯২৫ চনত গঠন হোৱা আৰএছএছৰ শতবাৰ্ষিকী উদযাপন চলি আছে। ইয়াৰ অংশ হিচাপে ভাগৱতে বিদেশৰ বিভিন্ন সভাতো ভাষণ দিয়ে। কানাডা ভ্ৰমণৰ পূৰ্বে তেওঁ বিশ্বজনীন জনসংযোগ কাৰ্যসূচীৰ অংশ হিচাপে আমেৰিকাৰ নিউয়ৰ্কৰ মেডিচন স্কোৱেৰত এখন বৈঠক অনুষ্ঠিত কৰিছিল। অৱশ্যে চহৰখনৰ মেয়ৰ জোহৰন মামদানীয়ে বিচৰা নাছিল যে ভাগৱতে নিউয়ৰ্কৰ মাটিত এখন বৈঠক অনুষ্ঠিত কৰক। কিন্তু সেই সভাৰ পৰাই আৰএছএছৰ মুৰব্বীগৰাকীয়ে কয় যে যদি কোনো হিন্দুৱে ভাবে যে ভাৰতত মুছলমান বাস কৰিব নালাগে, তেন্তে সেই ব্যক্তিজন হিন্দু নহয়।













