
ভূৰাগাঁৱৰ বালিডোংগাত সংঘটিত হৈছে এক কৰুণ ঘটনা। পুখুৰীত পৰি সলিল সমাধি ঘটিছে এগৰাকী কিশোৰীৰ। আনহাতে, আন তিনিগৰাকীক জীৱন্তে উদ্ধাৰ কৰা হৈছে।
জানিব পৰা মতে, চাৰিগৰাকী সমনীয়া কিশোৰী পুখুৰীত গা ধুবলৈ গৈছিল। ইয়াৰ মাজত ১৫ বছৰীয়া কিশোৰীগৰাকীৰ পানীত ডুবি সলিল সমাধি ঘটে। ঘটনাৰ বিষয়ে গম পাই স্থানীয় ৰাইজ ততালৈকে আহি উপস্থিত হয়। স্থানীয় ৰাইজৰ তৎপৰতাত কিশোৰীকেইগৰাকীক পানীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰে মাজৰ এগৰাকীৰ অৱস্থা সংকটজনক হোৱাত তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। মৃত কিশোৰীগৰাকীৰ নাম ৰূপছানা বেগম বুলি জানিব পৰা গৈছে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শোকৰ ছাঁ পেলাইছে।













