
ককৰোচ জনতা পাৰ্টি (CJP)-এ আজি দিল্লীৰ (Delhi) কন’ট প্লেচৰ চেণ্ট্ৰেল পাৰ্কত (connaught place central park) ‘লেহৰা দো তিৰংগা’ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ আহ্বান জনাইছে। দলটোৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে বিয়লি ৫ বজাত ৰাষ্ট্ৰীয় পতাকা লৈ সমৱেত হ’বলৈ সমৰ্থকসকলক আহ্বান জনাইছে।
দলটোৰ নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাক পাঁচ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছতে এই কাৰ্যসূচী ঘোষণা কৰা হয়। যন্তৰ-মন্তৰত প্ৰতিবাদৰ সময়ত হোৱা ঘটনাক কেন্দ্ৰ কৰি দুয়োকে আটক কৰা হৈছিল। দলটোৱে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীও উত্থাপন কৰি আহিছে।
ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR) প্ৰক্ৰিয়াত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি চিজেপিয়ে নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু ভোটাধিকাৰ সুৰক্ষাৰ দাবী জনাইছে। অৱশ্যে, এই অভিযোগসমূহৰ সত্যতা স্বতন্ত্ৰভাৱে প্ৰতিষ্ঠিত হোৱা নাই।

প্ৰতিবাদৰ আহ্বানৰ পিছতে দিল্লীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। কন’ট প্লেচ আৰু ইয়াৰ আশে-পাশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নং ধাৰাৰ অধীনত নিষেধাজ্ঞা বলৱৎ কৰা হৈছে। নতুন দিল্লী পৌৰ পৰিষদে ১৬ আৰু ১৭ অক্টোবৰত চেণ্ট্ৰেল পাৰ্ক সাধাৰণ ৰাইজৰ প্ৰৱেশৰ বাবে বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে।
দিল্লী আৰক্ষীয়ে নিষেধাজ্ঞা উলংঘা কৰি সমাৱেশত অংশ নল’বলৈ ৰাইজক আহ্বান জনাইছে। অৱশ্যে, উপযুক্ত স্থানত সীমিত সংখ্যক লোকক ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শন আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ সুবিধা দিয়াৰ কথাও আৰক্ষীয়ে প্ৰকাশ কৰিছে।
দিল্লী উচ্চ ন্যায়ালয়ে চিজেপিৰ প্ৰস্তাৱিত প্ৰতিবাদ বন্ধ কৰাৰ আবেদন নাকচ কৰিছে। একে সময়তে, প্ৰতিবাদ নিয়ন্ত্ৰণ আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ আৰক্ষীয়ে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আদালতক আশ্বাস দিছে।













