
বিশাখাপট্টনম বিমানবন্দৰৰ পৰা উৰা মাৰিছিল এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ (Air India Express) এখন বিমান। গন্তব্যস্থান আছিল বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (Kempegowda International Airport)। অৱশ্যে অৱতৰণ কৰাৰ কিছু সময়ৰ পূৰ্বে বিমানখনত এটা চৰায়ে খুন্দা মাৰে। কিন্তু পাইলটৰ দক্ষতাৰ বাবে কোনো ডাঙৰ বিপদৰ সৃষ্টি নহ’ল। কেম্পেগৌড়া বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰে বিমানখন। এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানখনে ১৪৮ জন যাত্ৰীসহ বিশাখাপট্টনমৰ পৰা বেংগালুৰু অভিমুখে ৰাওনা হয়।

বিমানখন অৱতৰণৰ পূৰ্বে দুৰ্ঘটনাৰ সন্মুখীন হয়। চৰাইৰ খুন্দাত বিমানখন দোল খায়। ফলত যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়। অৱশ্যে পাইলটে কেম্পেগৌড়া বিমানবন্দৰত অতি সাৱধানে বিমানখন অৱতৰণ কৰে। বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত বিমানখন পাৰ্কিং ষ্টেণ্ডলৈ স্থানান্তৰ কৰা হয়। সুৰক্ষাৰ নিয়ম অনুসৰি বিমানখন পৰিদৰ্শন কৰা হ’ব। ইয়াৰ পিছত পুনৰ উৰা মাৰিব পৰৱৰ্তী যাত্ৰাৰ বাবে। বিমানবন্দৰৰ সূত্ৰ অনুসৰি, এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।
উল্লেখ্য যে শনিবাৰেও সংঘটিত হয় এক অনুৰূপ ঘটনা। দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তে ডুবাইৰ পৰা এমিৰেটছৰ এখন বিমানত চৰায়ে খুন্দা মাৰে। কিন্তু বিমানখন নিৰাপদে অৱতৰণ কৰে। প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষাৰ অন্তত পুনৰ ডুবাইলৈ উৰা মাৰে। অৱশ্যে নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ দিল্লী বিমানবন্দৰৰ পৰা উৰা মাৰে বিমানখন ।












