ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Yusuf Pathan : তৃণমূল ত্যাগ কৰাৰ উপহাৰ, ইউছুফ পাঠানে ঘূৰাই পালে গুজৰাটত বেদখলৰ জাননী পোৱা মাটি

নিউজ ডেস্কঃ

News Desk by News Desk
October 20, 2026
Reading Time: 1 min read
A A
0
Yusuf Pathan : তৃণমূল ত্যাগ কৰাৰ উপহাৰ, ইউছুফ পাঠানে ঘূৰাই পালে গুজৰাটত বেদখলৰ জাননী পোৱা মাটি

RELATED POSTS

Air India : অৱতৰণৰ সময়ত চৰাইৰ আঘাত, ১৪৮ যাত্ৰীসহ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান বেংগালুৰুত অৱতৰণ

Mohan Bhagawat : অশুভশক্তিয়ে ভাৰতত সময় সলনি কৰিবলৈ চেষ্টা কৰিছে, বিজয়াদশমী উদযাপনত মোহন ভাগৱত

CJP leaders arrested : সৌৰভ-আশুতোষৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি, আৰক্ষীৰ জাননীৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত নেহা

New Logo Smal | ASSAM TIMES POST

এনচিপিআইৰ সাংসদ ইউছুফ পাঠানে (Yusuf Pathan) নিজৰ ঘৰৰ কাষতে থকা বিতৰ্কিত মাটি ‘উপহাৰ’ হিচাপে লাভ কৰে। বিজেপি চৰকাৰে গুজৰাটৰ বদোদৰাত থকা তেওঁৰ ঘৰৰ গাতে লাগি থকা ৯৭৮ বৰ্গমিটাৰ মাটিৰ আধাতকৈও অধিক (৫০০ বৰ্গমিটাৰ) ইউছুফ পাঠানক উপহাৰ হিচাপে দিছে। আৰু বাকী থকা ৪৭৮ বৰ্গমিটাৰ মাটি তেওঁ বৰ্তমানৰ বজাৰ মূল্যৰ ৫৫ শতাংশত ক্ৰয় কৰিছিল। ইয়াৰ পূৰ্বে ইউছুফ পাঠানৰ বিৰুদ্ধে বদোদৰা পৌৰসভাৰ মালিকানাধীন ৯৭৮ বৰ্গমিটাৰ মাটি বলপূৰ্বকভাৱে দখল কৰাৰ অভিযোগ উত্থাপন হৈছিল। পৌৰসভাই অভিযোগ কৰে যে তেওঁ সেই মাটিত দেৱাল স্থাপন কৰি মাটিখিনি নিজৰ সম্পত্তি হিচাপে ব্যৱহাৰ কৰিছিল, যিটো অবৈধ। কিন্তু ২০১২ চনত পৌৰসভা কৰ্তৃপক্ষই ইউছুফ পাঠানক প্ৰস্তাৱ দিছিল যে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে মাটিখিনি কিনিব লাগে। ইয়াৰ বাবে কোনো নিলাম নহ’ব। লগতে প্ৰতি বৰ্গমিটাৰত ৫৭,২৭০ টকা দিবলৈও প্ৰস্তাৱ আগবঢ়ায়। কিন্তু গুজৰাট চৰকাৰে ২০১৪ চনত পৌৰসভাৰ অনুমোদন বাতিল কৰে। তদানীন্তন বিজেপিৰ কাউন্সিলাৰ বিজয় পাৱাৰে ইউছুফ পাঠানে অবৈধভাৱে মাটি দখল কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

সোমবাৰে বদোদৰা পৌৰ আয়ুক্ত অৰুণ মহেশ বাবুৱে কয় যে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠানে নিজৰ ঘৰৰ গাতে লাগি থকা মাটিখিনি বিচাৰিছিল। শেহতীয়াকৈ চৰকাৰে তেওঁৰ আবেদনত অনুমোদন জনাইছে। অৱশ্যে ইউছুফ পাঠানৰ হাতত মাটিখিনি কেনেদৰে গতাই দিয়া হ’ব সেয়া এতিয়াও চূড়ান্ত হোৱা নাই। পৌৰসভাৰ স্থায়ী সমিতি আৰু সাধাৰণ সভাৰ বৈঠকত এই বিষয়ে আলোচনা কৰা হ’ব বুলি জনোৱা হৈছে।

yyy | ASSAM TIMES POST
তৃণমূল ত্যাগ কৰাৰ উপহাৰ, ইউছুফ পাঠানে ঘূৰাই পালে গুজৰাটত বেদখলৰ জাননী পোৱা মাটি

বিধানসভা নিৰ্বাচনৰ পিছত বেহৰামপুৰৰ সাংসদ ইউছুফ পাঠানে তৃণমূল কংগ্ৰেছ ত্যাগ কৰি অচিনাকি দল এনচিপিআইত যোগদান কৰে। তেওঁৰ সৈতে যোগ দিয়ে সুদীপ বেনাৰ্জী, কাকলি ঘোষ দস্তিদাৰকে ধৰি ১৯জন সাংসদে। এনচিপিআইৰ এই ২০ জন সাংসদ এতিয়া কেন্দ্ৰত শাসকীয় মিত্ৰজোঁট এনডিএৰ সদস্য। কিন্তু এতিয়ালৈকে লোকসভাৰ অধ্যক্ষই তেওঁলোকক এনচিপিআইৰ সাংসদ হিচাপে স্বীকৃতি দিয়া নাই। ফলত ৰাজনৈতিক মহলত প্ৰশ্ন উত্থাপন হৈছে যে গুজৰাটৰ বিজেপি চৰকাৰে তৃণমূল কংগ্ৰেছ ত্যাগ কৰাৰ বাবেই ইউছুফ পাঠানক মাটি উপহাৰ দিলে নেকি?

এই বিতৰ্কিত ভূমিক লৈ প্ৰায় ১৪ বছৰ ধৰি গুজৰাট চৰকাৰ আৰু বদোদৰা পৌৰসভাৰ সৈতে ইউছুফ পাঠানৰ বিবাদ চলি আছিল। উক্ত মাটি দখল কৰাৰ বাবে গুজৰাট উচ্চ ন্যায়ালয়েও বেহৰামপুৰৰ সাংসদগৰাকীক দোষী সাব্যস্ত কৰিছিল।

২০২৪ চনৰ লোকসভা নিৰ্বাচনত ২২ গজৰ ‘পিঞ্চ হিটাৰ’গৰাকীয়ে বংগৰ বেহৰামপুৰ সমষ্টিৰ পৰা তৃণমূলৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল। বিদায়ী কংগ্ৰেছ সাংসদ অধীৰ চৌধুৰীক পৰাস্ত কৰি তেওঁ সাংসদ হয়। সেই সময়ত বদোদৰাৰ কেইবাজনো কাউন্সিলাৰে পুনৰবাৰ ইউছুফ পাঠানৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ উত্থাপন কৰিছিল। উল্লেখ্য যে পৌৰসভাই ইউছুফ পাঠানক জাননী দি মাটি খালী কৰিবলৈ কয়। যাৰ পৰিপ্ৰেক্ষিতত তৃণমূলৰ সাংসদগৰাকী উচ্চ ন্যায়ালয়লৈ যায়।

তেওঁ প্ৰথমে ২০১২ চনত এই মাটিৰ মালিকীস্বত্ব লাভ কৰিব বিচাৰিছিল। তেওঁ কয় যে এজন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ হিচাপে তেওঁৰ ঘৰৰ কাষৰ খালী মাটিয়ে তেওঁৰ নিৰাপত্তাৰ বিপদ বৃদ্ধি কৰিছে। ইউছুফ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে বদোদৰাৰ টাণ্ডালজা অঞ্চলৰ এই ঘৰটোত থাকে। ইউছুফ পাঠানৰ ভাতৃ তথা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন সদস্য ইৰফান পাঠানো তাতেই থাকে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: YusufPathan
Share4Tweet3Send

Related Posts

Air India : অৱতৰণৰ সময়ত চৰাইৰ আঘাত, ১৪৮ যাত্ৰীসহ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান বেংগালুৰুত অৱতৰণ
National-International

Air India : অৱতৰণৰ সময়ত চৰাইৰ আঘাত, ১৪৮ যাত্ৰীসহ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান বেংগালুৰুত অৱতৰণ

by News Desk
October 20, 2026
50
Mohan Bhagawat : অশুভশক্তিয়ে ভাৰতত সময় সলনি কৰিবলৈ চেষ্টা কৰিছে, বিজয়াদশমী উদযাপনত মোহন ভাগৱত
National-International

Mohan Bhagawat : অশুভশক্তিয়ে ভাৰতত সময় সলনি কৰিবলৈ চেষ্টা কৰিছে, বিজয়াদশমী উদযাপনত মোহন ভাগৱত

by News Desk
October 20, 2026
50
CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ
National-International

CJP leaders arrested : সৌৰভ-আশুতোষৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি, আৰক্ষীৰ জাননীৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত নেহা

by News Desk
October 20, 2026
50
Girl sink at pond : ভূৰগাঁৱত পুখুৰীত পৰি সলিল সমাধি কিশোৰীৰ, তিনিগৰাকীক জীৱন্তে উদ্ধাৰ
National-International

Girl sink at pond : ভূৰগাঁৱত পুখুৰীত পৰি সলিল সমাধি কিশোৰীৰ, তিনিগৰাকীক জীৱন্তে উদ্ধাৰ

by News Desk
October 19, 2026
51
China spy : চীনৰ চোৰাংচোৱাৰ ফান্দত ভাৰতীয় সেনা বিষয়াৰ পত্নী, শিক্ষাবিদৰ পৰিচয় দি প্ৰতিৰক্ষা সংক্ৰান্ত তথ্য লুট কৰাৰ অভিযোগ
National-International

China spy : চীনৰ চোৰাংচোৱাৰ ফান্দত ভাৰতীয় সেনা বিষয়াৰ পত্নী, শিক্ষাবিদৰ পৰিচয় দি প্ৰতিৰক্ষা সংক্ৰান্ত তথ্য লুট কৰাৰ অভিযোগ

by News Desk
October 19, 2026
51
Tragic road accident : ২০ শ্ৰমিকক মহতিয়াই পলায়ন চালকৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৮
National-International

Tragic road accident : ২০ শ্ৰমিকক মহতিয়াই পলায়ন চালকৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৮

by News Desk
October 19, 2026
51
ADVERTISEMENT
Yusuf Pathan : তৃণমূল ত্যাগ কৰাৰ উপহাৰ, ইউছুফ পাঠানে ঘূৰাই পালে গুজৰাটত বেদখলৰ জাননী পোৱা মাটি
National-International

Yusuf Pathan : তৃণমূল ত্যাগ কৰাৰ উপহাৰ, ইউছুফ পাঠানে ঘূৰাই পালে গুজৰাটত বেদখলৰ জাননী পোৱা মাটি

October 20, 2026
50
Air India : অৱতৰণৰ সময়ত চৰাইৰ আঘাত, ১৪৮ যাত্ৰীসহ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান বেংগালুৰুত অৱতৰণ
National-International

Air India : অৱতৰণৰ সময়ত চৰাইৰ আঘাত, ১৪৮ যাত্ৰীসহ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান বেংগালুৰুত অৱতৰণ

October 20, 2026
50
Mohan Bhagawat : অশুভশক্তিয়ে ভাৰতত সময় সলনি কৰিবলৈ চেষ্টা কৰিছে, বিজয়াদশমী উদযাপনত মোহন ভাগৱত
National-International

Mohan Bhagawat : অশুভশক্তিয়ে ভাৰতত সময় সলনি কৰিবলৈ চেষ্টা কৰিছে, বিজয়াদশমী উদযাপনত মোহন ভাগৱত

October 20, 2026
50
Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

October 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Yusuf Pathan : তৃণমূল ত্যাগ কৰাৰ উপহাৰ, ইউছুফ পাঠানে ঘূৰাই পালে গুজৰাটত বেদখলৰ জাননী পোৱা মাটি

Yusuf Pathan : তৃণমূল ত্যাগ কৰাৰ উপহাৰ, ইউছুফ পাঠানে ঘূৰাই পালে গুজৰাটত বেদখলৰ জাননী পোৱা মাটি

October 20, 2026
Air India : অৱতৰণৰ সময়ত চৰাইৰ আঘাত, ১৪৮ যাত্ৰীসহ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান বেংগালুৰুত অৱতৰণ

Air India : অৱতৰণৰ সময়ত চৰাইৰ আঘাত, ১৪৮ যাত্ৰীসহ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান বেংগালুৰুত অৱতৰণ

October 20, 2026
Mohan Bhagawat : অশুভশক্তিয়ে ভাৰতত সময় সলনি কৰিবলৈ চেষ্টা কৰিছে, বিজয়াদশমী উদযাপনত মোহন ভাগৱত

Mohan Bhagawat : অশুভশক্তিয়ে ভাৰতত সময় সলনি কৰিবলৈ চেষ্টা কৰিছে, বিজয়াদশমী উদযাপনত মোহন ভাগৱত

October 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d