
বান-বৰষুণত হিমাচল প্ৰদেশত (Himachal floods) মৃত্যুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ৩০ জুনৰ পৰা ১ ছেপ্টেম্বৰলৈ ৰাজ্যখনত বৰষুণ, ভূমিস্খলন, আকস্মিক বান আৰু দুৰ্ঘটনাৰ ফলত ২৫৯ জন লোকৰ মৃত্যু হৈছে। ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ (এছইঅ’চি) তথ্য অনুসৰি। এই দুৰ্যোগৰ বাবে ৰাজ্যজুৰি এতিয়াও বন্ধ হৈ আছে ১৫০টা পথ।
এছইঅ’চিৰ তথ্য অনুসৰি, বৰষুণ আৰু বৰ্ষাজনিত কাৰণত মৃত্যু হৈছে ১০৬ জন লোকৰ (Death of 106 people)। ইয়াৰে ১৮ জনৰ মৃত্যু হৈছে ভূমিস্খলনৰ ফলত। পানী জমা হোৱা আৰু পানীত ডুব যোৱাৰ ফলত মৃত্যু হয় ১৩ জনৰ। পাহাৰৰ পৰা গছ-গছনি আৰু শিল তললৈ নামি অহাৰ ফলত আবদ্ধ হৈ ৩৪ জন লোকৰ মৃত্যু হয়। বাৰিষাৰ সময়ত পথ দুৰ্ঘটনাত ১৫৩ জন লোকৰ মৃত্যু হয়। সৰ্বাধিক লোকৰ মৃত্যু হৈছে চিমলা আৰু ছিৰমৌৰত। এই দুখন জিলাত মৃত্যুৰ সংখ্যা ১৯।

যোৱা ৬৪ দিনত ৪৬৮ জন লোক আহত হৈছে, তিনিজন লোক নিৰুদ্দেশ হৈছে। দুৰ্যোগৰ ফলত সম্পূৰ্ণৰূপে ধ্বংস হোৱা ঘৰৰ সংখ্যা ৩৪টা। ৪৫১টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। ৪৫০ টা জীৱ-জন্তুৰো মৃত্যু হৈছে। চৰকাৰী-ব্যক্তিগতকে ধৰি মুঠ ক্ষতিগ্ৰস্ত সম্পত্তিৰ পৰিমাণ ১২০০ কোটি টকা।
এছইঅ’চিৰ তথ্য অনুসৰি, মাণ্ডীত সৰ্বাধিক পথ অৱৰোধ হৈছে। তাত বন্ধ হৈ আছে ৭৮টা পথ। ইয়াৰ পিছতে চিমলা (৩০)। ৰাজ্যৰ এক বৃহৎ অঞ্চলত বিদ্যুৎ যোগানো বিচ্ছিন্ন হৈ পৰিছে। ৩৭৪ টা ট্ৰেন্সফৰ্মাৰ বিকল হৈছে। ইয়াৰে ১২৮টা মাণ্ডী জিলাত, ৮৪টা চিমলাত আৰু ৮১টা কুল্লুত। ৫ ছেপ্টেম্বৰলৈকে চাম্বা, কাংগৰা, মাণ্ডী, বিলাসপুৰ আৰু ছিৰমৌৰত প্ৰবলৰ পৰা অতি প্ৰচণ্ড বৰষুণ হ’ব বুলি চিমলা বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে।













