গোলাঘাটঃ গোলাঘাটৰ অন্যতম আগশাৰীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান গোলাঘাট ডায়েৰীয়ে বানাক্ৰান্ত ৰাইজক বান সাহায্য প্ৰদান কৰে। গোলাঘাট ডায়েৰীৰ সভাপতি প্ৰিয়মজ্যোতি দাস আৰু সম্পাদক মাধুৰ্য কলিতাই এক প্ৰেছ বিবৃতিৰ জৰিয়তে জনায় যে তেওঁলোকে ফেচবুক গোট গোলাঘাট ডায়েৰীত বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ সদস্যসকলক আহ্বান জনায়।
তেওঁলোকৰ আহ্বানৰ প্ৰতি সমৰ্থন জনায় ফেচবুকৰ জৰিয়তে বহু সদস্য বন্যাৰ্তক সহায়ৰ বাবে আগবাঢ়ি আহে। তিতাবৰৰ চাহাৰাৰ কৰ্মচাৰীসকলেও ভালেমান খাদ্য সামগ্ৰী লৈ গোলাঘাট ডায়েৰীৰ নেতৃত্বত প্ৰদান কৰা বান সাহায্য সহযোগ কৰে।
ডায়েৰীৰ বহু সদস্যই বস্ত্ৰ,খাদ্য সমগ্রী আদিৰে সহায় কৰে। এই সমূহ সাহায্য মহুৰামুখৰ শিয়াল চাপৰিকে ধৰি ভিতৰুৱা বহু ঠাইত বানাক্ৰান্ত ৰাইজক প্ৰদান কৰে।













